ETV Bharat / bharat

Bride committed suicide at Nizamabad : বিবাহৰ কেইমূহুৰ্তমানৰ পূৰ্বে কইনাৰ আত্মহনন

author img

By

Published : Dec 11, 2022, 1:00 PM IST

জন্ম, মৃত্যু, বিবাহ কোনেও নাজানে কাৰ-ক’ত-কেতিয়া হয় ৷ কি পৰিস্থিতিৰ মুখামুখি হ’লে এগৰাকী যুৱতীয়ে নিজৰ বিয়াৰ দিনাই মৃত্যুৰ পথ বাচি ল’ব পাৰে (Bride committed suicide on her wedding day) ৷ তেনে এক ঘটনা এইবাৰ সংঘটিত হ’ল তেলেংগানাত ৷ কিন্তু কিয় যুৱতীগৰাকীয়ে মৃত্যুৰ পথ বাচি ল’লে ? সবিশেষ এই প্ৰতিবেদনত...

Bride committed suicide at Nizamabad
বিবাহৰ কেইমূহুৰ্তমানৰ পূৰ্বে কইনাৰ আত্মহনন

নেশ্যনেল ডেস্ক, 11 ডিচেম্বৰ : চাৰিওফালে ব্যস্ততাপূৰ্ণ পৰিৱেশ ৷ অহাই আহিছে, যোৱাই গৈছে ৷ ৰন্ধাই ৰান্ধিছে ৷ সকলোৱে যেন এফালৰ পৰা কৰি গৈছে নিজ নিজ কাম ৷ কিয়নো নহ’ব; এখন বিয়া ঘৰত কত কিযে কাম থাকে সেয়া সকলোৰে জ্ঞাত ৷ এফালে জীয়ৰী জীৱন ত্যাগ কৰি ন-জীৱনক আদৰাৰ সময়ত কি অৱস্থা হয় এগৰাকী যুৱতীৰ সেয়া সকলোৰে জ্ঞাত ৷

ন-জীৱনক লৈ সুখৰ সংসাৰৰ ন ন সপোন দেখে প্ৰত্যেকগৰাকী যুৱতীয়ে ৷ ভৱিষ্যত জীৱনৰ ন ন পৰিকল্পনা কৰি সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল তেলেংগানাৰ নিজামাবাদ জিলাৰ নৱীপেটৰ এগৰাকী যুৱতীয়েও ৷ সন্তোষ নাম এগৰাকী যুৱকৰ সৈতে বিয়াত বহিব যুৱতীগৰাকীয়ে ৷

কিন্তু হঠাৎ এয়া কি হৈ গ’ল ৷ কোনেও যেন একো ধৰিবই নোৱাৰিলে ৷ মূহুৰ্ততে সকলো থানবান হৈ গ’ল ৷ নিমিষতে হেৰাই গ’ল সকলোৰে মুখৰ হাঁহি ৷ উদুলি-মুদুলি হৈ থকা বিয়া ঘৰ কাঁহ পৰি জিন গ’ল ৷ কোনেও কল্পনা নকৰা এক ঘটনা সংঘটিত হ’ল বিয়া ঘৰত ৷

আজি অৰ্থাৎ দেওবাৰে বিবাহৰ দিন আছিল নিজামাবাদ জিলাৰ নৱীপেটৰ এগৰাকী যুৱতীৰ ৷ বিয়াৰ লগন আছিল 12:15 মিনিটত ৷ কিন্তু ঘৰৰ সকলোৰে আশা, সপোনক জলাঞ্জলি দি বিবাহৰ কেইঘন্টামানৰ আগত বিয়াতকৈ মৃত্যুয়েই শ্ৰেয় বুলি আত্মহননৰ পথ বাচি ল’লে যুৱতীগৰাকীয়ে (Bride committed suicide at Nizamabad) ৷ সকলো যেন অবাক ৷

মূহুৰ্ততে হেৰাই গ’ল সকলোৰে মুখৰ মাত ৷ বিবাহৰ কেইঘন্টা মানৰ পূৰ্বে হ’বলগীয়া কইনাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটোৱে ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰম্ভ কৰিছে তদন্ত ৷

আনহাতে, যুৱতীগৰাকীৰ পিতৃয়ে আৰক্ষীৰ আগত উল্লেখ কৰা অনুসৰি, মাজে-সময়ে সন্তোষে তেওঁৰ জীয়াৰীক মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল ৷ কিন্তু সমাজ আৰু প্ৰেমৰ স্বাৰ্থতে এই সকলো সহ্য কৰি আছিল যুৱতীগৰাকীয়ে; আশা আছিল এদিন সকলো ঠিক হ’ব ৷

কিন্তু সেয়া হৈ নুঠিল ৷ বিবাহৰ আগদিনাও কিছু কথাত তৰ্কা-তৰ্কি হৈছিল যুৱতীগৰাকী আৰু সন্তোষৰ মাজত ৷ যাৰ ফলত মানসিকভাৱে ভাগি পৰিছিল যুৱতীগৰাকী ৷ উপায়ন্তৰ হৈ বিয়াত বহাতকৈ মৃত্যুকে শ্ৰেয় বুলি গণ্য কৰি আত্মহননৰ পথ বাচি লৈছিল যুৱতীগৰাকীয়ে (Bride committed suicide on her wedding day) ৷ আৰক্ষীৰ আগত এই অভিযোগ দিয়ে যুৱতীগৰাকীৰ পিতৃয়ে ৷

আনহাতে, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সকলো তথ্য তন্ন তন্নকৈ পৰীক্ষা কৰিছে ৷ অভিযোগৰ আঙুলি উত্থাপিত হোৱা সন্তোষকো ইতিমধ্যে আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ অন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷ ইফালে বিয়াৰ দিনাই কইনাৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত পৰিছে এক শোকৰ ছাঁ ৷

লগতে পঢ়ক : Molestation in Maharashtra: মাতৃক যৌন নিৰ্যাতন চলাই চলন্ত বাহনৰ পৰা দলিয়ালে দহ মহীয়া শিশুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.