ETV Bharat / bharat

Odisha Train Tragedy : ৮৮ যাত্ৰীক উদ্ধাৰ ২ সাহসী যুৱকৰ - Odisha Train accident

দীপক ৰঞ্জন বেহাৰা আৰু শুভংকৰ জেনাই কয়, "যেতিয়া আমি ডবাবোৰত উঠিছিলোঁ, যাত্ৰীসকল ইজনৰ ওপৰত সিজন পৰি আছিল । বহু যাত্ৰী তলত আবদ্ধ হৈ আছিল আৰু সহায়ৰ বাবে কান্দি আছিল । আমি সকলোকে বাহিৰলৈ উলিয়াই আনিছিলোঁ । ভিতৰখন অন্ধকাৰ আছিল আৰু ভালদৰে একো দেখা নাছিলোঁ । কিছুমানে ইতিমধ্যে প্ৰাণ হেৰুৱাইছিল । আন কিছুমান নিথৰ হৈ আছিল । আমাৰ দলটোৱে ৮৮ জন লোকৰ জীৱন ৰক্ষা কৰিছিল (Brave hearts rescue 88 in Odisha tragedy) ।"

Odisha Train Tragedy
Odisha Train Tragedy
author img

By

Published : Jun 5, 2023, 7:28 PM IST

নিউজ ডেস্ক, ৫ জুন : শুকুৰবাৰে ওড়িশাত সংঘটিত হয় ভয়ানক ৰে'ল দুৰ্ঘটনা (Odisha Train Tragedy) । য'ত ইতিমধ্যে প্ৰায় 275 জন লোকে প্ৰাণ হেৰুৱাইছে । আনহাতে, আহত আন হাজাৰোধিক । দুৰ্ঘটনাৰ সময়ত স্থানীয় বহু লোকে পোন প্ৰথমে উদ্ধাৰ অভিযানত নামি পৰে (triple train accident in Balasore Odisha) । তাৰে ভিতৰত দুগৰাকী সাহসী যুৱক হৈছে ওড়িশাৰ বাহানাগাৰ দীপক ৰঞ্জন বেহাৰা আৰু শুভংকৰ জেনা । তেওঁলোকে উক্ত দুৰ্বিষহ পৰিস্থিতিৰ অভিজ্ঞতা প্ৰকাশ কৰিছে ।

দীপক ৰঞ্জন বেহাৰা হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত সৈনিক । শুকুৰবাৰে সন্ধিয়া তেওঁ বাহানাগাত তেওঁৰ বন্ধুবৰ্গৰ সৈতে খেলি আছিল । সন্ধিয়া প্ৰায় ৬.৪৫ বজাত তেওঁ এটা ভূমিকম্পৰ দৰে শব্দ শুনে । লগে লগে তেওঁলোক মুঠ আঠজন লোক ঘটনাস্থলীলৈ দৌৰি যায় । তাত গৈ উপস্থিত হোৱাৰ পিছত পৰিস্থিতিৰ গভীৰতা অনুভৱ কৰি কোনো পলম নকৰাকৈ তেওঁলোক উদ্ধাৰ অভিযানত নামি পৰে ।

ইফালে দুৰ্ঘটনাটোৰ খবৰ লাভ কৰি সমগ্ৰ গাওঁবাসী দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু সকলোৱে ডবাবোৰৰ পৰা মানুহবোৰক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে (Odisha Train accident) । লগতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যস্থা কৰে । এনেদেৰ চৰকাৰী সাহায্য আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত আহি উপস্থিত হোৱাৰ পূৰ্বে স্থানীয় লোকসকলে নিশা ৯ বজালৈকে নিজাববীয়াকৈ সকলো কাম কৰে । তাৰ পাছতো তেওঁলোকে গোটেই নিশা সেৱা আগবঢ়ায় ।

ইটিভি ভাৰতৰ সৈতে হোৱা কথোপকথনত দীপক আৰু শুভংকৰে কয়, "যেতিয়া আমি ডবাবোৰত উঠিছিলোঁ, যাত্ৰীসকল ইজনৰ ওপৰত সিজন পৰি আছিল । বহু যাত্ৰী তলত আবদ্ধ হৈ আছিল আৰু তেওঁলোকে উদ্ধাৰৰ বাবে কান্দি আছিল । আমি সকলোকে বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰিছিলোঁ । ভিতৰখন ঘিটমিটীয়া আন্ধাৰ আছিল আৰু ভালদৰে একো দেখা নাছিলোঁ । কিছুমানে ইতিমধ্যে প্ৰাণ হেৰুৱাইছিল আৰু আন কিছুমান নিথৰ হৈ পৰি আছিল । আমাৰ দলটোৱে ৮৮ জন লোকৰ জীৱন ৰক্ষা কৰিছিল । গোটেই গাঁওখনে শ শ লোকক ৰক্ষা কৰিছিল (rescue operation in Odisha Train accident) ।"

"দুৰ্ঘটনাটোৰ প্ৰথম ঘণ্টাটোক সোণালী সময় বুলি গণ্য কৰা হয় । যদি আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়লৈ লৈ যাব পাৰি আৰু চিকিৎসা প্ৰদান কৰিব পাৰি, তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পাৰি । সেইকাৰণে আমি উদ্ধাৰ কৰা সকলো লোকক উপলব্ধ হোৱা বাহনলৈ স্থানান্তৰিত কৰিছিলোঁ । আমি কিছুমানক চাইকেলতো উঠাই লৈছিলোঁ । আন কিছুমানক আকৌ দুচকীয়া বাহন বা অ'টোত লৈ গৈছিলোঁ । দুৰ্ঘটনাটোৰ এঘণ্টা পিছত এম্বুলেন্স আহি পাইছিল । তাৰ মাজতে স্থানীয় লোকসকলে তেওঁলোকৰ বাহনত বহু লোকক চিকিৎসালয়লৈ লৈ গৈছিল । ইয়াৰ ফলত প্ৰাণহানি যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ।" তেওঁলোকে কয় ।

"এগৰাকী গৰ্ভৱতী মহিলাক আমি উদ্ধাৰকাৰ্য চলোৱা ডবাটোত যাত্ৰীসকলৰ মাজত আবদ্ধ হৈ থকা অৱস্থাত পোৱা গৈছিল । আমি তেওঁক বাহিৰলৈ উলিয়াবলৈ সক্ষম হৈছিলোঁ । কিন্তু তেওঁৰ দুটা সন্তান ডবাৰ ভিতৰত আছিল । তেওঁ সিহঁতক বাহিৰলৈ উলিয়াই আনিবলৈ যেনেধৰণে অনুৰোধ কৰিছিল, সেয়া এতিয়াও আমাৰ চকুত স্পষ্ট হৈ আছে । সেই দিনবোৰৰ ভয়ংকৰ আৰু শোচনীয় দৃশ্যবোৰ এতিয়াও আমাৰ মানস পটত ভয়ংকৰভাৱে সজীৱ হৈ আছে ।" তেওঁলোকে কয় ।

আনহাতে, বহুতো দাতব্য সংস্থাই সাহায্য প্ৰদানৰ কামত অংশগ্ৰহণকাৰীসকলক খাদ্য আৰু পানীয় প্ৰদান কৰিছিল । ৰিলায়েন্স ফাউণ্ডেচনে সতেজ পানী, কল আৰু ৰুটীৰ পেকেট প্ৰদান কৰিছিল । ওড়িশাৰ পাৰাদীপ পোৰ্ট ট্ৰাষ্টে চিকিৎসা সেৱা প্ৰদান কৰিছিল । তেওঁলোকে লগতে কয় ।

লগতে পঢ়ক :Odisha train tragedy : এতিয়াও চিনাক্ত হোৱা নাই ১২৪ মৃতদেহ; ডিএনএ পৰীক্ষাৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.