ETV Bharat / bharat

দীৰ্ঘদিনীয়া মূৰৰ বিষ হ’ব পাৰে Brain cystৰ লক্ষণ

author img

By

Published : Aug 21, 2022, 4:32 PM IST

Updated : Aug 21, 2022, 10:55 PM IST

সততে সন্মুখীন হোৱা কিন্তু বহুলোকে আওকাণ কৰা স্বাস্থ্যজনিত সমস্যাসমূহৰ ভিতৰত অন্যতম মূৰৰ বিষে মগজুত চিষ্ট হোৱাৰ দৰে অধিক গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব(Brain cyst could be behind chronic headache) ৷ এই সন্দৰ্ভত কি কয় চিকিৎসকে সবিশেষ পঢ়ক ৷

brain-cyst-could-be-behind-chronic-headache-nausea-say-doctors
দীৰ্ঘদিনীয়া মূৰৰ বিষ হ’ব পাৰে Brain cystৰ লক্ষণ

মূৰৰ বিষ, মূৰ ঘুৰুৱা, মূৰৰ কামৰোনি আদি প্ৰধানকৈ স্নায়ু আৰু ডিঙিৰ লগত জড়িত এক দৈহিক সমস্যা । আমাৰ মূৰৰ বিষ বিভিন্ন কাৰণত হব পাৰে । সাধাৰণ অৱস্থাত আপোনাৰ যদি বহুদিন ধৰি মূৰৰ বিষ হৈ আছে, তেন্তে যিমান সোনকালে পাৰে ডাক্তৰৰ পৰামর্শ গ্রহণ কৰাটো আপোনাৰ বাবে ভাল ।

এইক্ষেত্রত যদিও আপুনি পদপথৰ বজাৰত মূৰৰ বিষৰ বাবে কম খৰচতে ঔষধ, টেবলেট পাব, কিন্তু সেইবোৰ সুৰক্ষিত বা স্বাস্থ্যসন্মত নহ'বও পাৰে । তাৰোপৰি সকলো সময়তে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ এই ঔষধ ব্যৱহাৰ কৰাটো উচিত নহয় ৷

সততে অৱহেলিত স্বাস্থ্যজনিত সমস্যাসমূহৰ ভিতৰত অন্যতম এই মূৰৰ বিষে মগজুত চিষ্টৰ(পূঁজ থকা টেমুনা) দৰে গুৰুতৰ অৱস্থাৰ ইংগিত দিব পাৰে(Brain cyst could be behind chronic headache) বুলি চিকিৎসকে কয় । ব্ৰেইন চিষ্ট হৈছে মগজুত তৰল পদাৰ্থ জমা হোৱাৰ বাবে দেখা দিয়া তৰল পদাৰ্থৰে ভৰা টেমুনা (Ignored health problems)।

চিকিৎসকৰ মতে, প্ৰায় ১.২ শতাংশ লোক ব্ৰেইন চিষ্টত আক্ৰান্ত হয় । ভাৰতৰ জনসংখ্যা ১.৩ বিলিয়ন হোৱাৰ বাবে এয়া এক বৃহৎ সংখ্যা বুলি বৈশালীৰ গাজিয়াবাদস্থিত মেক্স ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ নিউৰ'চাৰ্জাৰী বিভাগৰ সঞ্চালক ডাঃ মনীষ বাইছে কয় ।

শিশুৰ ক্ষেত্ৰত প্ৰায়েই চিষ্টৰ দৰে সমস্যাই দেখা দিয়ে । একেদৰে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতো ব্ৰেইন চিষ্ট দেখা যায়, আনহাতে মহিলাৰ তুলনাত ৫৯ শতাংশ পুৰুষৰ ব্ৰেইন চিষ্ট হোৱা বুলি ডাঃ বেইছে কয় । মগজুৰ চিষ্টৰ লক্ষণসমূহ ইয়াৰ অৱস্থান আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰে(Symptoms of brain cyst) । কেতিয়াবা সৰু সৰু চিষ্টবোৰৰ কোনো লক্ষণ দেখা নাপাবও পাৰে কিন্তু আকাৰ বৃদ্ধি হ’লে প্ৰায়ে ই সমস্যাৰ সৃষ্টি কৰে ।

চিষ্টে(Cyst) মগজুৰ কলাত প্ৰয়োগ কৰা হেঁচা বা মগজুত কুশ্বন গঠন কৰা সুৰক্ষামূলক তৰল পদাৰ্থ চেৰিব্ৰ’স্পাইনেল ফ্লুইড (CSF)ৰ স্বাভাৱিক প্ৰবাহত ব্যাঘাত জন্মাই বাবে এই লক্ষণসমূহ হ'ব পাৰে বুলি চিকিৎসকগৰাকীয়ে কয় । মগজুৰ চিষ্টৰ আটাইতকৈ সাধাৰণ লক্ষণ হ'ল মূৰৰ বিষ । দীৰ্ঘদিনীয়া মূৰৰ বিষ বা আন কোনো লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় বুলি ডাঃ বেইছে কয় ।

শাৰীৰিক পৰীক্ষা আৰু চিটি স্কেন আৰু এম আৰ আইৰ দৰে ইমেজিঙৰ জৰিয়তে ৰোগ নিৰ্ণয় কৰা হয় । কিন্তু মগজুৰ চিষ্টৰ মূল লক্ষণসমূহ হ’ল মূৰৰ বিষ, বমি, ভাৰসাম্য সমস্যা, দৃষ্টিশক্তি হেৰুওৱা । সেয়ে এনেবোৰ সমস্যা দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী ।

লগতে পঢ়ক : ফৰাচী গৱেষকে কি ক'লে মানুহে ভাগৰুৱা অনুভৱ কৰা প্ৰসংগত

Last Updated : Aug 21, 2022, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.