ETV Bharat / bharat

Bomb scare in Bengaluru school: বিদ্যালয়ত বোমা থকা বুলি খবৰ দিয়া কিশোৰক ন্যায় বোৰ্ডলৈ প্ৰেৰণ - বিদ্যালয়ত বোমাতংকৰ পৰিস্থিতি

ধেমালিয়ে কাল হ’ল এটি কিশোৰৰ (Bomb scare in Bengaluru school)৷ বাংগালুৰুৰ এখন বিদ্যালয়ত বোমা থকা বুলি ই-মেইল প্ৰেৰণ কৰাৰ অভিযোগত এটি কিশোৰক ন্যায় বোৰ্ডলৈ প্ৰেৰণ কৰা হৈছে (Minor boy sent to Juvenile Board)৷

Bomb scare in Bengaluru school: Minor boy did it for fun, sent to Juvenile Board
বিদ্যালয়ত বোমা থকাৰ ইমেইল প্ৰেৰণৰ অভিযোগত কিশোৰক ন্যায় বোৰ্ডলৈ প্ৰেৰণ
author img

By

Published : Jan 7, 2023, 8:27 PM IST

নেশ্যনেল ডেস্ক, 7 জানুৱাৰী: বাংগালুৰুৰ এখন বিদ্যালয়ত শনিবাৰে বোমাৰ আতংক সৃষ্টি হয় (Bomb scare in Bengaluru school)৷ কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে বাংগালুৰুৰ প্ৰতিষ্ঠিত নেশ্যনেল একাডেমী ফৰ লাৰ্ণিং (এনএএফএল) বিদ্যালয়ত (National Academy for Learning) বোমা থকাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে এই সন্দৰ্ভত বিদ্যালয়ৰ এগৰাকী কিশোৰ ছাত্ৰক আটক কৰি সোধ পোছৰ বাবে ৰাজ্যিক কিশোৰ ন্যায় পৰিষদৰ (State Juvenile Justice Board) জিম্মাত গতাই দিয়ে ৷

ঘটনা অনুসৰি বাংগালুৰুৰ বাসবেশ্বৰ নগৰ অঞ্চলৰ নেশ্যনেল একাডেমী ফৰ লাৰ্ণিং বিদ্যালয়খনৰ এগৰাকী ছাত্ৰই ধেমালি কৰাৰ উদ্দেশ্যে বিদ্যালয়ৰ ই-মেইল আইডিত চাৰিটা জিলেটিন ষ্টিক ৰখাৰ বাৰ্তা মেইলযোগে প্ৰেৰণ কৰিছিল ৷ লগতে মেইলটোত দুপৰীয়াৰ আহাৰৰ সময়ত ষ্টিককেইডাল বিস্ফোৰণ হ’ব বুলি উল্লেখ কৰিছিল ৷ এই মেইল লাভ কৰাৰ পিছতেই বিদ্যালয়খনত ছাত্ৰী-ছাত্ৰীৰ মাজত প্ৰায় হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ লগে লগে বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক মেইলটো সন্দৰ্ভত অৱগত কৰে ৷

বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ীত্ৰীসকলে ছাত্ৰী-ছাত্ৰীসকলক বচাবলৈ শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ উলিয়াই এক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে ৷ ইফালে এই খবৰ অভিভাৱকসকলৰ মাজতো বিয়পি পৰাত তেওঁলোকে হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে ৷ নিজৰ সন্তানৰ সুৰক্ষাৰ উদ্দেশ্যে অভিভাৱকসকলে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ভিৰ কৰেহি ৷ সন্তানক চাবলৈ বিদ্যালয় চৌহদৰ ভিতৰত সোমাবলৈ দিয়া উচিত বুলিও তেওঁলোকে দাবী উত্থাপন কৰে ৷

অভিভাৱকৰ তৎপৰতাত বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকসকলৰ লগত বিদ্যালয়ৰ পৰা পঠিয়াই দিয়ে ৷ আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে বিদ্যালয়খনত উপস্থিত হয় সোধপোছো আৰম্ভ কৰে ৷ আৰক্ষীয়ে লগত বোমা বিশেষজ্ঞ আৰু কুকুৰৰ এটা দল লৈ বিদ্যালয়ৰ চৌহদ তন্নতন্নকৈ পৰীক্ষা কৰে ৷ আৰক্ষীয়ে এই অভিযানত ই-মেইলত উল্লেখ কৰা অনুসৰি জিলেটিন ষ্টিক নোপোৱাত এই ভাবুকিক ভুৱা বুলি জানিবলৈ দিয়ে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে ই-মেইল অহা আইডিটোৰ আইপি এড্ৰেছ পৰীক্ষা কৰে ৷ তেতিয়াই ওলাই পৰে ঘটনাৰ প্ৰকৃত ৰহস্য ৷ বিদ্যালয়ৰে এগৰাকী কিশোৰে ধেমালি কৰিবলৈহে এনেদৰে বিদ্যালয়ৰ মেইল আইডিটোলৈ মেইল প্ৰেৰণ কৰিছিল (Minor boy did it for fun)৷

আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে আৰু আই পি ঠিকনাৰ আধাৰত তদন্ত কৰি কিশোৰজনক আটক কৰে ৷ সম্প্ৰতি কিশোৰটোক সোধপোছৰ বাবে জুভেনাইল ন্যায় ব'ৰ্ডৰ জিম্মালৈ হস্তান্তৰ কৰা হৈছে বুলি পশ্চিম বিভাগৰ ডিচিপি লক্ষ্মণ নিম্বাৰাগীয়ে জানিবলৈ দিয়ে (Minor boy sent to Juvenile Board)৷

লগতে পঢ়ক: AIR India passenger urinating case : অভিযুক্ত শংকৰ মিশ্ৰক বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.