নিউজ ডেস্ক, 2 জানুৱাৰী : পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ হেলিপেডত সোমবাৰে এটা বোমা উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যখনত তীব্ৰ আলোড়ন সৃষ্টি কৰিছে (Bomb found behind CM helipad in Punjab) । মুখ্যমন্ত্ৰী হেলিপেডৰ পিছফালে থকা আমৰ বাগিচাৰ ভিতৰত উদ্ধাৰ হৈছে বোমাটো ৷ বোমাটো উদ্ধাৰ হোৱাৰ লগে লগে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো চীল কৰি দিয়ে । বোমাটো পঞ্জাৱ আৰু ছণ্ডীগড়ৰ সীমান্তত পোৱা গৈছে । পঞ্জাৱৰ মুখ্যমন্ত্ৰী আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে এই হেলিপেডটো ব্যৱহাৰ কৰে(Haryana CM helipad in chandigarh) । দুয়োখন ৰাজ্যৰ সচিবালয়ো বোমাটো পোৱা স্থানৰ পৰা অলপ দূৰত অৱস্থিত ।
ছণ্ডীগড়ৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত অৱস্থিত পঞ্জাৱৰ কাঞ্চল গাঁৱৰ ওচৰৰ এখন আমৰ বাগিচাত এজাঁই সজীৱ গুলি পোৱা গৈছিল । হাৰিয়ানা আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ হেলিপেডৰ পৰা ইয়াৰ দূৰত্ব আছিল প্ৰায় ১ কিলোমিটাৰ । আনহাতে হাৰিয়ানা আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বাসস্থান এই স্থানৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত অৱস্থিত । ছণ্ডীগড় আৰক্ষীৰ অসামৰিক প্ৰতিৰক্ষা ন’ডেল বিষয়া কুলদীপ কোহলীয়ে এই তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় । তেওঁ কাঞ্চল আৰু নয়া গাঁৱৰ মাজত অৱস্থিত এখন আমৰ বাগিচাত এই সজীৱ গুলি উদ্ধাৰ হোৱাৰ কথা জানিবলৈ দিয়ে (Bomb found in chandigarh)
ন’ডেল বিষয়া কুলদীপ কোহলীয়ে সজীৱ গুলি উদ্ধাৰ হোৱা ঠাইখিনি সম্প্ৰতি ঘেৰা কৰি ৰখাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁলোকে এই সন্দৰ্ভত বোমা বিশেষজ্ঞ দলক অৱগত কৰাৰ কথা জানিবলৈ দিয়ে ৷ বোমাটো নিষ্ক্ৰিয় কৰাৰ পাছত তেওঁ সমগ্ৰ বিষয়টো তদন্ত কৰাৰ কথা জানিবলৈ দিয়ে (army bomb squad in Chandigarh) ৷
লগতে পঢ়ক : Maoists revamp planning : তেলেংগানাত মাওবাদীৰ পুনঃগঠনৰ পৰিকল্পনা