ETV Bharat / bharat

Sunny Deol to quit politics : পৰৱৰ্তী কোনো নিৰ্বাচনতে প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত ছানী দেওলৰ

author img

By

Published : Aug 22, 2023, 4:30 PM IST

ৰাজনীতি ত্যাগ কৰিব নেকি অভিনেতা তথা বৰ্তমানৰ সাংসদ ছানী দেওলে । ২০২৪ৰ নিৰ্বাচনত ছানী দেওলে প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে । ৰাজনীতিৰ পৰিৱৰ্তে অভিনয় কৰি যাব অভিনেতাগৰাকীয়ে ।

Sunny Deol to quit politics
পৰৱৰ্তী কোনো নিৰ্বাচনতে প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত ছানী দেওলৰ

নেশ্যনেল ডেস্ক,২২ আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে অভিনেতা তথা গুৰদাসপুৰৰ সাংসদ ছানী দেওলে । শেহতীয়াকৈ 'গডৰ-২' বোলছবি বক্স অফিচত হিট হোৱাৰ পাছতে ছানী দেওলে ৰাজনীতি এৰি চলচ্চিত্ৰ জগতত পুনৰ মনোনিৱেশ কৰাৰ সিদ্ধান্ত লৈছে । এক সাক্ষাৎকাৰত ছানী দেওলে ঘোষণা কৰিছে যে তেওঁ ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা নাই ।

২০১৯ চনত গুৰদাসপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই বলীউডৰ তাৰকা ছানী দেওলে ৰাজনৈতিক কেৰিয়াত প্ৰৱেশ কৰিছিল । তেতিয়া অনুৰাগীসকলে উৎসাহেৰে তেওঁৰ বিজয়ৰ বাবে কাম কৰিছিল । বিনোদ খান্নাৰ দৰে তেওঁ সমষ্টিটোৰ উন্নয়নৰ বাবে ব্যতিক্ৰমী পদক্ষেপ ল'ব বুলিও আশা কৰা হৈছিল ।

ছানী দেওলে ২০১৯ ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত লোকসভা সমষ্টিৰ লোকসকলক বহু প্ৰতিশ্ৰুতি দিছিল । সেইকাৰণে গুৰদাসপুৰৰ ভোটাৰসকলে তেওঁক ৮৪,০০০ ৰো অধিক ভোটৰ ব্যৱধানত জয়ী কৰাইছিল । কিন্তু পাছত সমালোচনা আৰম্ভ হ'ল যে ছানী দেওলে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে । আনকি ভোটাৰসকলে অসন্তুষ্টি প্ৰকাশ কৰি কৈছিল যে তেওঁ প্ৰায় ৪ বছৰ ধৰি সমষ্টিটোলৈ অহা নাই । ইফালে সমষ্টিটোৰ সমস্যা সদনত উত্থাপন কৰিব বুলি ৰাইজে আশা কৰিছিল যদিও তেওঁ লোকসভা অধিৱেশনত অনুপস্থিত আছিল ।

আনকি সমষ্টিটোৰ একাংশ লোকে ছানী দেওলৰ বিৰুদ্ধে শেহতীয়াকৈ প্ৰতিবাদো সাব্যস্ত কৰিছে । ইয়াৰ মাজতে সাংসদ ছানী দেওলে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ লিখি তেওঁৰ চৰকাৰী বাসভৱনকে ধৰি সকলো চৰকাৰী সুবিধা প্ৰত্যাহাৰ কৰি তেওঁৰ দৰমহা আৰু চৰকাৰী ভাট্টা বন্ধ কৰিবলৈ দাবী জনাইছিল । তেওঁ লগতে কৈছে যে এতিয়া তেওঁ পৰৱৰ্তী কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে আৰু তেওঁ কেৱল এগৰাকী অভিনেতা হিচাপে থাকিব । তেওঁৰ মানুহে এবাৰত মাত্ৰ এটা কামহে কৰিব পাৰে ।

ৰাজনীতিত প্ৰৱেশ কৰাৰ সময়ত তেওঁ এনে হ'ব বুলি ভবা নাছিল । কাৰণ মানুহে বহুত মৰম দি আছে । কিন্তু এগৰাকী অভিনেতা হিচাপে তেওঁৰ পৰিচয় থাকিব । তেওঁ সেইধৰণেই দেশৰ সেৱা অব্যাহত ৰাখিব । ছানী দেওলে আশা ব্যক্ত কৰি কয় যে তেওঁ এজন অভিনেতা হিচাপে যুৱ আৰু দেশৰ সেৱা উন্নত কৰিব পাৰিব ।

তেওঁ লগতে দাবী কৰিছে যে ৰাজনীতি তেওঁৰ পৰিয়ালৰ সৈতে খাপ নাখায় । ছানী দেওলে লগতে কয় যে যদি বিজেপিয়ে তেওঁক ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ কয়, তেন্তে তেওঁ অস্বীকাৰ কৰিব ।

লগতে পঢ়ক :Oppositions bloc INDIA convener : যিকোনো লোক 'INDIA'ৰ আহ্বায়ক হ'ব পাৰে; লালু প্ৰসাদ যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.