ETV Bharat / bharat

Pithoragarh Road Accident : প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পিথোৰাগড়ত ভয়ংকৰ দুৰ্ঘটনা - PM Modi Pithoragarh tour

পিথোৰাগড়ত এখন বাহনৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড শিল । ২০ ঘণ্টাৰ পাছত ঘটনাস্থলীৰ পাছত ৭ টা মৃতদেহ উদ্ধাৰ । প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীও পৰিৱৰ্তন কৰা হৈছে ।

Pithoragarh Road Accident
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পিথোৰাগড়ত ভয়ংকৰ দুৰ্ঘটনা
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:28 PM IST

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ : উত্তৰাখণ্ডৰ পিথোৰাগড়ত দেওবাৰে সন্ধিয়া এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এখন বাহনৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড শিল । দুৰ্ঘটনাটোত ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । ইফালে দুৰ্ঘটনাটোৰ প্ৰায় ২০ ঘণ্টাৰ অন্তত দুৰ্ঘটনাত পতিত বাহনখন আৰু নিহত লোকসকলক উদ্ধাৰ কৰা হৈছে । দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে মৃতদেহকেইটা শিলৰ তলত আৱদ্ধ হৈ আছিল । আৰক্ষীৰ মতে মৃতদেহবোৰৰ অৱস্থা এনেকুৱা হৈ পৰিছে যে লোকসকল কোন তাক চিনাক্ত কৰাটো অতি কঠিন হৈ পৰিছে । সম্প্ৰতি আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত হোৱা পথটো মুকলি কৰিছে ।

  • नैनीताल में कालाढूंगी रोड पर विगत रात हरियाणा से आ रही बस के दुर्घटनाग्रस्त होने और जनपद पिथौरागढ़ के धारचूला लिपुलेख राष्ट्रीय राजमार्ग पर लमारी व बूंदी के बीच पहाड़ी खिसकने से वाहन के दुर्घटनाग्रस्त होने का दुखद समाचार प्राप्त हुआ।

    — Satpal Maharaj (@satpalmaharaj) October 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ প্ৰশাসন তৎপৰ হৈ আছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ স্থান পৰিদৰ্শন কৰি দেওবাৰে সন্ধিয়া পিথোৰাগড়ৰ যিটো পথেৰে সকলো শীৰ্ষ বিষয়া আৰু নেতা গৈ আছিল সেই পথতে দুৰ্ঘটনাটো সংঘটিত হয় । পিথোৰাগড় আৰক্ষীয়ে প্ৰথম অৱস্থাত জনোৱা মতে এখন বাহন দুৰ্ঘটনাত পতিত হৈছে য'ত ৮ গৰাকী লোক আছিল । কিন্তু বাহনখনৰ ওপৰত ইমান বৃহৎ শিল পৰিছিল যে আৰক্ষী তথা প্ৰশাসনে বিআৰঅ'কে ধৰি আন সংস্থাবোৰে শিলটো আঁতৰাবলৈ 20 ঘণ্টা সময় লৈছিল ।

  • धारचूला के लिपुलेख राष्ट्रीय राजमार्ग पर पहाड़ी दरकने के कारण एक वाहन के दुर्घटनाग्रस्त होने से कुछ लोगों के हताहत होने का बेहद हृदयविदारक समाचार प्राप्त हुआ।

    मैं ईश्वर से दिवंगत आत्माओं को अपने श्री चरणों में स्थान प्रदान करने एवं घायलों के शीघ्र स्वस्थ होने की प्रार्थना करता…

    — LT GENERAL GURMIT SINGH (Retd) (@LtGenGurmit) October 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পিথোৰাগড়ৰ আৰক্ষী অধীক্ষক লোকেশ্বৰ সিঙৰ মতে দুৰ্ঘটনাৰ পাছত পথটোত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছিল যদিও বৰ্তমানৰ বাবে পথটো মুকলি কৰি দিয়া হৈছে । কিন্তু দুৰ্ঘটনাটোত মৃত্যু হোৱা ৭ গৰাকী লোকৰ মৃতদেহৰ অৱস্থা অতি বেয়া । আৰক্ষীৰ মতে পূৰ্বে তেওঁলোকৰ হাতত তথ্য আছিল যে বাহনখনত ৮ গৰাকী লোক আছিল । কিন্তু জানিব পৰা মতে দুৰ্ঘটনাটোৰ পূৰ্বে এগৰাকী লোক বাহনখনৰ পৰা নামি গৈছিল ।

নিহতসকলৰ ভিতৰত কিমান গৰাকী মহিলা আৰু কিমান জন পুৰুষ আছে সেয়া এতিয়াও নিশ্চিত হোৱা হয় । দুৰ্ঘটনাটোৰ পাছত প্ৰশাসন অধিক সক্ৰিয় হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে অঞ্চলটোত প্ৰায় ৬ টা ভূমিস্খলনপ্ৰৱণ স্থান চিনাক্ত কৰা হৈছে । এনে পৰিস্থিতিত, পিডব্লিউডি, এছডিআৰএফ, এনডিআৰএফৰ কৰ্মীসকলক সেই স্থানবোৰত মোতায়েন কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া কাৰ্যসূচীৰে পিথোৰাগড়লৈ অহাৰ কথা আছিল, কিন্তু এতিয়া নিশাৰ বিশ্ৰামৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Hamas Attack on Israel : হামাছৰ ভয়ানক গণহত্যা; সংগীত উৎসৱত ২৬০ ইজৰাইলীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.