ETV Bharat / bharat

Boat Capsized In Indravati River : ছত্তীশগড়ৰ দান্তেৱাড়াত ইন্দ্ৰাৱতী নদীত নাও ডুবি ৭ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:16 PM IST

দান্তেৱাড়াত এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে । মুচনাৰ ঘাটত এখন নাও ডুব যোৱাৰ ফলত নাওখনত সাতজন লোকৰ মৃত্যু হয় । উদ্ধাৰ অভিযান চলি আছে ।

Boat Capsizing In Indravati River
Boat Capsizing In Indravati River

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : ছত্তীশগড়ৰ দান্তেৱাড়া জিলাৰ ইন্দ্ৰাৱতী নদীত এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে । মুচনাৰ ঘাটত এখন নাও ডুব যোৱাৰ ফলত সাতজন লোক পানীত ডুব যায় । জানিব পৰা মতে, নাওখনৰ বহন ক্ষমতাতকৈ অধিক লোক লৈ নদীখন পাৰ হৈ আছিল । সেই সময়তে উক্ত দুৰ্ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে, নাওখন যথেষ্ট সৰু আছিল । তাৰ বিপৰীতে তাত অধিক যাত্ৰী আছিল । নাওখন ডুব যোৱাৰ ফলত ইন্দ্ৰাৱতী নদীত ৭ জন লোক উটি যায় । প্ৰাপ্ত তথ্য মতে, ইয়াৰে ভিতৰত মহিলা আৰু শিশুও আছে । আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ এটা দল সাহায্য উদ্ধাৰত নিয়োজিত কৰা হৈছে ।

আনহাতে, এই দুৰ্ঘটনাটোত এজন ব্যক্তিয়ে সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰে । ইয়াৰ উপৰি দুজন লোকে গছৰ গুৰিত ধৰি নিজৰ জীৱন ৰক্ষা কৰে । তথ্য অনুসৰি, একেখন গাঁৱৰে লোককেইজন বৰচুৰ সাপ্তাহিক বজাৰৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় । অৱশ্যে এই দুৰ্ঘটনাত পতিত লোকসকল কোন গাঁৱৰ সেই কথা এতিয়াও প্ৰকাশ কৰা হোৱা নাই । দান্তেৱাড়াৰ জিলা সদৰৰ ডুবাৰুসহ আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হৈছে । লগতে উদ্ধাৰকাৰী দলটোও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে । সন্ধানহীন লোকসকলৰ অনুসন্ধান অভিযান চলি আছে ।

ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে জিলা প্ৰশাসনৰ বিষয়াসকল গৈ মুচনাৰ ঘাটত উপস্থিত হয় আৰু সক্ৰিয়তাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে । ইন্দ্ৰাৱতী নদীত ডুবাৰুৰ এটা দলে সন্ধানহীন গাঁওবাসীৰ অনুসন্ধান অভিযান আৰম্ভ কৰিছে । অৱশ্যে তেওঁলোকৰ এতিয়ালৈকে কোনো সন্ধান পোৱা হোৱা নাই । ঘটনাটোৰ পিছৰে পৰা জিলা প্ৰশাসন আৰু আৰক্ষীয়ে উচ্চ সতৰ্কতাৰে উদ্ধাৰকাৰ্য চলাই আছে ।

লগতে পঢ়ক :Gyanvapi ASI Survey : জ্ঞানবাপী জৰীপৰ বাবে অতিৰিক্ত ৮ সপ্তাহ সময়ৰ অনুমতি আদালতৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.