ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ডাল লেকত উপলব্ধ হ’ব নাও এম্বুলেন্স সেৱা

পোনপ্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ ডাল লেকত মুকলি হ’ব নাও এম্বুলেন্স সেৱা ৷ তাৰিক আহমেদ পাট্লো নামৰ লোকজনৰ তত্বাৱধানত নিৰ্মাণ কৰি উলিওৱা হৈছে এই এম্বুলেন্সখন ৷ এম্বুলেন্সখনে জৰুৰীকালীন অৱস্থাত ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াব ৷

Boat ambulance service to begin operations on J-K's Dal Lake
জম্মু-কাশ্মীৰৰ ডাল লেকত উপলব্ধ হ’ব নাও এম্বুলেন্স সেৱা
author img

By

Published : Dec 18, 2020, 8:23 AM IST

Updated : Dec 18, 2020, 2:13 PM IST

নেশ্যনেল ডেস্ক,18 ডিচেম্বৰ : জম্মু-কাশ্মীৰৰ ডাল লেকত শীঘ্ৰেই পোনপ্ৰথমবাৰৰ বাবে চিকিৎসা সুবিধাসমূহৰ সৈতে মুকলি হ’ব নাও এম্বুলেন্স সেৱা ৷ লেকৰ(হ্ৰদ) কাষৰীয়া সকলো বাসিন্দাৰ সুবিধাৰ্থে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷

উল্লেখ্য যে, হাউছবোটৰ স্বত্বাধিকাৰী তাৰিক আহমেদ পাট্লোৱে দুমাহ পূৰ্বে ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত যেতিয়া তেওঁক সহায়ৰ প্ৰয়োজন হৈছিল, সেই অনুসাৰে তেওঁ এই পদক্ষেপটো হাতত লয় ৷

তেওঁ সংবাদ মাধ্যমযোগে কয় যে, ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত তেওঁক এজন বন্ধুৰ বাহিৰে আন কোনোৱে সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল ৷ বন্ধুজনে তেওঁক এখন নাৱেৰে হাস্পতাললৈ লৈ যায় ৷ ইয়াৰ পাচতে এই বিশেষ নাও এম্বুলেন্স সেৱাৰ পৰিকল্পনাটো মনলৈ আহে ৷

লগতে পাট্লোৱে কয় যে, ডাল লেকৰ বাসিন্দাসকলে ইতিমধ্যেই বহু সমস্যাৰ সন্মুখীন হৈ আছে ৷ তেওঁলোক উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছে ৷ গতিকে এই এম্বুলেন্সখনে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব ৷ এই নাও এম্বুলেন্সখনে জৰুৰীকালীন অৱস্থাত ৰোগীক চিকিৎসা সেৱা আগবঢ়াব ৷ নাও এম্বুলেন্সখনত অক্সিজেন চিলিণ্ডাৰ, ইচিজি, অক্সিমিটাৰ, হুইলচেয়াৰ, টোল ফ্ৰী নম্বৰ আদিৰ ব্য়ৱস্থা কৰা হৈছে ৷

এই নাও এম্বুলেন্সখন কাঠ আৰু লোহেৰে নিৰ্মাণ কৰা হৈছে ৷ ই 35 ফুট দৈৰ্ঘৰ আৰু মাজৰ অংশত 6 ফুট খালী ঠাই আছে ৷ এম্বুলেন্সখনৰ নিৰ্মাণকাৰী ৰিয়াজ আহমেদে এই কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ক'ভিড-19 প্ৰতিষেধকৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ভাৰত সুৰক্ষিত অৱস্থাত আছে

Last Updated : Dec 18, 2020, 2:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.