ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকক্ষণত জম্মুত সন্দেহজনক বিস্ফোৰণ

author img

By

Published : Apr 24, 2022, 1:02 PM IST

প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পূৰ্বে জম্মুত সন্দেহজনক বোমা বিস্ফোৰণ ৷ বৰ্তমানলৈ কোনো লোক হতাহত হোৱা কথা জানিব পৰা হোৱা নাই । ৰাষ্ট্ৰীয় পঞ্চায়ত ৰাজ দিৱস উপলক্ষে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰি সমগ্ৰ দেশৰ গ্ৰাম সভাসমূহক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে(PM Modi to visit Jammu and Kashmir) ৷

Blast in Jammu village ahead of PM Modi's J&K visit
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকক্ষণত জম্মুত সন্দেহজনক বিস্ফোৰণ

নিউজ ডেস্ক, 24 এপ্ৰিল : জম্মুৰ বিষ্ণু অঞ্চলৰ লালিয়ান গাঁৱত দেওবাৰে এটা সন্দেহজনক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ বিষ্ণুৰ লালিয়ান গাঁৱৰ এখন মুকলি কৃষিভূমিত সংঘটিত হয় এই বিস্ফোৰণ ৷ সম্প্ৰতি সন্দেহজনক বিস্ফোৰণটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জম্মুৰ চাম্বাৰ পল্লী গাঁৱৰ পৰা সমগ্ৰ দেশৰ পঞ্চায়তসমূহক সম্বোধন কৰাৰ কথা আছিল ৷ ৰাষ্ট্ৰীয় পঞ্চায়ত ৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰ ভ্ৰমণ(PM Modi to visit Jammu and Kashmir) কৰি সমগ্ৰ দেশৰ গ্ৰাম সভাসমূহত ভাষণ দিয়াৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ জম্মু কাশ্মীৰত ২০১৯ চনত ৩৭০ ধাৰা বাতিলৰ পিছত এয়া আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু ভ্ৰমণৰ প্ৰথমটো কাৰ্যসূচী(PM Modi's first major trip to the Union Territory) ৷

প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ৰাজ্যখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ ৰাজ্যখনলৈ আগমণৰ প্ৰাকক্ষণত সংঘটিত এই বিস্ফোৰণে চিন্তিত কৰি তুলিছে সকলোকে ৷ বিস্ফোৰণো সংঘটিত হোৱাৰ পাছতেই পল্লী গাঁৱত মোডীৰ অনুষ্ঠান অনুষ্ঠিত হ’বলগীয়া স্থানত নিৰাপত্তা দিশটো পুনৰ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে ৷

লগতে পঢ়ক : EU chief arrives in India : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ইউৰোপীয় আয়োগৰ মুৰব্বী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.