ETV Bharat / bharat

Krishnagiri Firecracker Explosion Tragedy : কৃষ্ণগিৰিৰ আতচবাজী গুদামত বিস্ফোৰণ, ৯ জনৰ মৃত্যু

author img

By

Published : Jul 29, 2023, 5:14 PM IST

Updated : Jul 29, 2023, 5:34 PM IST

তামিলনাডুৰ কৃষ্ণগিৰিত আতচবাজী গুদামত ভয়ংকৰ বিস্ফোৰণ । ৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২০ গৰাকী লোক আহত । ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত ।

Krishnagiri Firecracker Explosion Tragedy
কৃষ্ণগিৰিৰ আতচবাজী গুদামত বিস্ফোৰণ

নেশ্যনেল ডেস্ক,২৯ জুলাই : তামিলনাডুত আতচবাজীৰ গুদামত ভয়ংকৰ বিস্ফোৰণ । বিস্ফোৰণত ৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । পুৱা সংঘটিত এই বিস্ফোৰণক লৈ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

জানিব পৰা মতে কৃষ্ণগিৰি চহৰত সংঘটিত হৈছে এই বিস্ফোৰণ । চহৰখনৰ পালায়াপেট্টাই অঞ্চলৰ এটা আতচবাজী মজুত কৰি থোৱা গুদামত বিস্ফোৰণটো সংঘটিত হয় । য'ত ৯ গৰাকী লোকে কৰুণ মৃত্যুক আঁকোৱালি লয় । পুৱা সংঘটিত এই বিধ্বংসী বিস্ফোৰণে সমগ্ৰ অঞ্চলতে উত্তেজনাৰ সৃষ্টি কৰিছে ।

বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী, উদ্ধাৰকাৰী দল আৰু অগ্নিনিৰ্বাপক বাহিনী দুৰ্ঘটনাস্থলীত উপস্থিত হয় । আনহাতে বিস্ফোৰণস্থলীত উদ্ধাৰ অভিযান আৰম্ভ কৰে । জানিব পৰা মতে বিস্ফোৰণটো ইমানে শক্তিশালী আছিল যে তাত কৰ্মৰত কিছুমান কৰ্মচাৰী প্ৰায় ২০০ মিটাৰ দূৰলৈ উৰি গৈছিল ।

অগ্নি নিৰ্বাপক আৰু উদ্ধাৰকাৰী দলে বিস্ফোৰণস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । লগতে তাত আৱদ্ধ বহু লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ২০ জন লোকক চিকিৎসাৰ বাবে কৃষ্ণগিৰি চৰকাৰী চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হৈছে । লোকসকলৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে । এই শোকাৱহ ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত আতচবাজী গুদামটোৰ স্বত্বাধিকাৰী ৰবি আৰু তেওঁৰ পত্নী জয়শ্ৰীও আছে । বিস্ফোৰণত নিহত বাকী লোকসকল হৈছে ক্ৰমে ৰিতিকা, ৰিতিশ, ইব্ৰা, চিমৰণ, সৰচু আৰু ৰাজেশ্বৰী । জানিব পৰা মতে ৰাস্তাৰে পাৰ গৈ থকা দুগৰাকী পথচাৰীও এই বিস্ফোৰণত নিহত হয় । ইফালে, চিকিৎসালয়ত চিকিৎসাধীন শিৱৰাজৰ (বয়স ২৪ বছৰ) মৃত্যু হয়, যাৰ ফলত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পায়।

প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি গেছ চিলিণ্ডাৰ লিক হোৱাৰ বাবে এই বিস্ফোৰণ সংঘটিত হৈছে । ইফালে আতচবাজীৰ গুদামটো ২০২০ চনৰ পৰা কাৰ্যক্ষম হৈ আছিল আৰু প্ৰতি বছৰে ইয়াৰ স্বত্বাধিকাৰীয়ে নিয়মীয়াকৈ মেৰামতি কৰি আছিল । অৱশ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

আনহাতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টালিনে কৃষ্ণগিৰি আতচবাজীগুদাম বিস্ফোৰণত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সৈতে শোক প্ৰকাশ কৰিছে। লগতে, মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালক ৩ লাখ টকা, গুৰুতৰভাৱে আহত আৰু চিকিৎসালয়ত চিকিৎসাধীন লোকসকলক ১ লাখ টকা আৰু সাহায্য পুঁজিৰ পৰা আহত নাবালকক ৫০ হাজাৰ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক :Manipur Crisis : আমেৰিকাত গৃহীত বিধেয়ক আৰু মণিপুৰৰ সংকটৰ ভূ-ৰাজনৈতিক প্ৰভাৱ

Last Updated : Jul 29, 2023, 5:34 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.