ETV Bharat / bharat

নৱজ্যোৎ সিং সিদ্ধুক ক'লা পতাকা প্ৰদৰ্শন - পাঞ্জাৱ কংগ্ৰেছ

সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ এদিন পিছতে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন নৱজ্যোৎ সিং সিদ্ধু । লুধিয়ানাৰ নৱান চহৰৰ ভগত সিং মাৰ্গত উপস্থিত হোৱাৰ পিছতে মঙলবাৰে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুক ক'লা পতাকা প্ৰদৰ্শন কৰে একাংশ কৃষকে ।

Black flags shown to Navjot Singh Sidhu in Punjab
নৱজ্যোৎ সিং সিদ্ধুক ক'লা পতাকা প্ৰদৰ্শন কৃষক সংগঠনৰ
author img

By

Published : Jul 20, 2021, 9:20 PM IST

নেশ্যনেল ডেস্ক, ২০ জুলাই : পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয় প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধুক । দেওবাৰে সন্ধিয়া পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কেইবা সপ্তাহৰ অন্তৰ্দ্বন্দ্ব আৰু তীব্ৰ মত বিৰোধৰ অন্তত পঞ্জাৱ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁৰ নাম ঘোষণা কৰে । ইফালে কেন্দ্ৰীয় নেতৃত্বই তেওঁৰ লগতে সংগত সিং গিলজিয়ান, সুখবিন্দৰ সিং ডেনি, পৱন গোৱেল আৰু কুলজিৎ সিং নাগ্ৰাক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটিৰ(PPC) কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে । অমৰিন্দৰ সিং আৰু সিদ্ধুৰ সৈতে কংগ্ৰেছ হাই কমাণ্ডৰ মাজত হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল ।

ইফালে সভাপতি হোৱাৰ দ্বিতীয় দিনাই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় নেতাগৰাকী । লুধিয়ানাৰ নৱানচহৰৰ ভগত সিং মাৰ্গত উপস্থিত হোৱাৰ পিছতে মঙলবাৰে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুক ক'লা পতাকা প্ৰদৰ্শন কৰে একাংশ কৃষকে । সেই সময়ত এটা কৃষক সংগঠনে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল আৰু সিদ্ধুক প্ৰশ্ন কৰিব বিচাৰিছিল ।

কিন্তু কংগ্ৰেছ পক্ষই প্ৰতিবাদকাৰীসকলক গুৰুত্ব আৰোপ কৰা নাছিল ৷ যাৰ বাবে ক্ষোভিত প্ৰতিবাদকাৰীসকলে ক'লা পতাকা প্ৰদৰ্শন কৰে নৱ নিযুক্ত সভাপতিগৰাকীক । ইফালে এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে সেই সময়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় যদিও আৰক্ষীৰ ফালৰ পৰা লাঠীচাৰ্জ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি নহ'ল ।

এই ঘটনাৰ পূৰ্বে নতুনকৈ নিযুক্তি লাভ কৰি নৱজ্যোৎ সিং সিদ্ধুয়ে পাটিয়ালাৰ গুৰুদ্বাৰ শ্ৰী দুখনিৱাৰণ চাহিবত প্ৰাৰ্থনা কৰে ৷ সভাপতি নিযুক্তিৰ পূৰ্বে বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল পঞ্জাৱ কংগ্ৰেছত । প্ৰাক্তন সভাপতিয়ে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীলৈ চিঠি লিখি সিদ্ধুৰ সম্ভাৱ্য নিযুক্তিৰ বিষয়ে আশংকা প্ৰকাশ কৰিছিল ।

পঞ্জাৱৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱটে শনিবাৰে আশ্বাস দিছিল যে অমৰিন্দৰ সিঙে পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ মুখ্যমন্ত্ৰীৰ মুখপাত্ৰ হৈ থাকিব ৷ কিয়নো তেওঁৰ শাসনৰ সময়চোৱাত ৰাজ্যখনৰ জনসাধাৰণৰ পৰা দলটোৱে প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : সংসদত পেগাচাছৰ প্ৰসংগ উত্থাপন কৰিব বিৰোধীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.