ETV Bharat / bharat

ত্ৰিপুৰাত বি এল সন্তোষৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক - Biplab Deb

শেহতীয়াকৈ ত্ৰিপুৰা ৰাজনীতিত বিভিন্ন ধৰণৰ মত বিৰোধ দেখিবলৈ পোৱা গৈছে । শাসকীয় দলৰ বহু নেতাই বিসম্বাদৰ আৰম্ভণি কৰাৰ এক অভিযোগ উত্থাপন হৈছে । তেনে সময়তে দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ । নেতাগৰাকীৰ উপস্থিতিয়ে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

BL SANTOSH
ত্ৰিপুৰাত বি এল সন্তোষৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Jun 16, 2021, 9:25 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুন : সমগ্ৰ দেশত কৰ'ণাৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে ৰাজনৈতিক সভা বা ৰাজনৈতিক কাৰ্যকলাপ একপ্ৰকাৰ স্তব্ধ হৈ আছে । তেনে সময়তে দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ । বুধবাৰে নেতাগৰাকী উপস্থিত হোৱাৰ লগে লগে এতিয়া ত্ৰিপুৰা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছে । অৱশ্যে কি উদ্দেশ্যে নেতাগৰাকী ত্ৰিপুৰালৈ আহিছে ৰাজ্যিক নেতৃত্বই গোপনে ৰখা চেষ্টা কৰিছে ।

BL SANTOSH
ত্ৰিপুৰাত বি এল সন্তোষৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

সন্তোষৰ নেতৃত্বত জ্যেষ্ঠ নেতাসকলৰ দলটোত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক অজয় জামৱাল আৰু অসমৰ সাংগঠিনক সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাও অন্তৰ্ভুক্ত আছিল। জানিব পৰা মতে বি এল সন্তোষে প্ৰথমে ৰাজ্যিক মুখ্য কাৰ্যালয়ত বিজেপি দলৰ কাৰ্য্যালয়ৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত সকলো বিধায়ক, সাংসদ, উপ-মুখ্যমন্ত্ৰী আৰু চাৰিগৰাকী মন্ত্ৰীক মত-বিনিময়ৰ বাবে সন্তোষক ব্যক্তিগতভাৱে সাক্ষাৎ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয় ।

ব্যক্তিগত বৈঠকৰ পিছত, সকলো বিধায়কৰ উপস্থিতিত আন এক বিশেষ পৰ্যায়ৰ বৈঠক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব । সন্ধিয়া আইপিএফটি (IPFT)ৰ বিধায়কসকলকো মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ (Biplab Deb)ৰ বাসগৃহত এখন বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে যাৰ পিছত জ্যেষ্ঠ নেতাজনে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ Biplab Deb)ৰ সৈতে আলোচনাত বহিব ।

অৱশ্যে, বৃহস্পতিবাৰে তেওঁ ত্ৰিপুৰা সুন্দৰী মন্দিৰ পৰিদৰ্শন কৰিব তাৰ পিছতে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি নীলমণি দেৱৰ বাসগৃহ আৰু জ্যেষ্ঠ সংঘ অধিকাৰসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব । তেওঁ বিজেপিৰ মূল সমিতি আৰু ৰাজ্যিক সভাপতি আৰু সাধাৰণ সম্পাদকসকলৰ সৈতে আৰু দুখন বৈঠকত মিলিত হোৱাৰ পিছতে দিল্লীলৈ ৰাওনা হ'ব । এই বিষয়টোত বক্তব্য ৰাখি বিজেপিৰ ৰাজ্যিক সভাপতি ড০ মানিক সাহাই বিষয়বোৰ পৰিৱৰ্তন হোৱাৰ এক গুৰুত্বপূৰ্ণ ইংগিত দি কয় যে বিজেপি এটা পৰিয়াল আৰু যেতিয়া এটা ডাঙৰ পৰিয়াল একেলগে থাকে তেতিয়া মত-বিৰোধ আহিব কিন্তু সময়ৰ লগে লগে এই বিষয়বোৰ নিষ্পত্তি হ'ব ।

টিটিএএডিচি(TTAADC) নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে সদ্যসমাপ্ত নিৰ্বাচনত দলটোৰ প্ৰদৰ্শন সম্পৰ্কে এক বিতং প্ৰতিবেদন সংকলন কৰা হৈছে আৰু যদি কোনো প্ৰয়োজন হয় তেন্তে আলোচনা হ'ব । তেওঁ অৱশ্যে কেবিনেট সম্প্ৰসাৰণক কেন্দ্ৰ কৰি কৰা এটা প্ৰশ্নৰো উত্তৰ দিয়া নাছিল ।

লগতে পঢ়ক:দুমাহৰ ভিতৰত পৰিৱৰ্তন হ'ব ডেল্টা ভাইৰাছ: ডাঃ ৰাকেশ মিশ্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.