ETV Bharat / bharat

18 জুলাইত বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ সম্ভাৱনা

author img

By

Published : Jul 14, 2021, 4:28 PM IST

ভাৰতীয় জনতা পাৰ্টীৰ সংসদীয় দলৰ কাৰ্যবাহী বৈঠক 18 জুলাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । 19 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বাবে দলৰ ৰণনীতিৰ ওপৰত আলোচনা কৰিবলৈ মঙলবাৰে জ্যেষ্ঠ বিজেপি নেতাসকলে মিলিত হোৱাৰ এদিন পিছত এই তথ্য পোহৰলৈ আহিছিল ।

bjps-parliamentary-party-meet-likely-on-july-18
18 জুলাইত বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, 14 জুলাই : সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিজেপিৰ সংসদীয় দলৰ কাৰ্যবাহী বৈঠক 18 জুলাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ তেওঁলোকৰ মতে, একেদিনাই নেশ্যনেল ডেম’ক্ৰেটিক এলায়েঞ্চৰ (NDA) মজিয়াৰ নেতাসকলৰ এখন পৃথক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ১৯ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বাবে দলৰ ৰণনীতিৰ ওপৰত আলোচনা কৰিবলৈ মঙলবাৰে জ্যেষ্ঠ বিজেপি নেতাসকলে মিলিত হোৱাৰ এদিন পিছত এই তথ্য পোহৰলৈ আহিছে ৷

সূত্ৰই জনায় যে, বৈঠকখন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ (Rajnath Sing) বাসগৃহত অনুষ্ঠিত হৈছিল ৷ ইয়াত বিজেপিৰ জ্যেষ্ঠ নেতা জে পি নাড্ডা (JP Nadda), কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah), ধৰ্মেন্দ্ৰ প্ৰধান, ভূপেন্দ্ৰ যাদৱ, প্ৰহ্লাদ যোশী, অৰ্জুন ৰাম মেঘৱাল উপস্থিত আছিল । বিজেপিৰ 20 জন আন জ্যেষ্ঠ নেতা বৈঠকত উপস্থিত থাকে ।

মূল্যবৃদ্ধি, ডিজেল আৰু পেট্ৰ'লৰ বৰ্ধিত ব্যয় আৰু ক’ভিড-19 মহামাৰীৰ মোকাবিলা সম্পৰ্কীয় বিষয়কে ধৰি বিভিন্ন বিষয়ত বিৰোধীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰক আক্ৰমণ কৰিবলৈ প্ৰস্তুত হোৱাৰ লগে লগে সংসদৰ বৰ্ষাকালীন অধিৱেশন গুৰুত্বপূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ৷

সূত্ৰসমূহে জনাইছে যে, বৈঠকখন এঘণ্টাৰো অধিক সময় ধৰি চলিছিল আৰু অধিৱেশনৰ বাবে শাসকীয় দলৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰা হৈছিল ৷ যিটো এই বছৰৰ আৰম্ভণিতে পশ্চিম বংগ, তামিলনাডু, কেৰালা, অসম আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ পিছত প্ৰথম হ'ব। চৰকাৰৰ সংসদৰ অধিৱেশনত ইয়াৰ কাৰ্যসূচীত কেইবাটাও আইন আছে যিটো ১৩ আগষ্টত সমাপ্ত হ'ব।

লগতে পঢ়ক:একেলগে পদত্যাগৰ সিদ্ধান্ত পশ্চিমবংগৰ 8 বিজেপি বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.