ETV Bharat / bharat

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ত্ৰিপুৰাত বিজেপিৰ 100 খন ৰাজহুৱা সভা - কমিউনিষ্ট সকলৰ বিৰুদ্ধে সজাগতা বৃদ্ধি

ত্ৰিপুৰাত চলিত মাহৰ 17 তাৰিখে বিজেপিয়ে এশখন ৰাজহুৱা সভাৰ আহ্বান জনাইছে ৷ কমিউনিষ্ট সকলৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ উদ্দেশ্য এই সভাৰ আহ্বান জনোৱা বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰিছে ৷

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ত্ৰিপুৰাত বিজেপিৰ 100 খন ৰাজহুৱা সভা

author img

By

Published : Apr 9, 2021, 9:01 AM IST

আগৰতলা,9 এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টিৰ ত্ৰিপুৰা গোটে চলিত মাহৰ 17 তাৰিখে এশখন ৰাজহুৱা সভাৰ আহ্বান জনাইছে ৷ এই সভাৰ জৰিয়তে আদৰ্শগত বিৰোধী কমিউনিষ্ট সকলৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। কমিউনিষ্ট সকলে সমাজত প্ৰভাৱ পেলাইছে সেই বিষয়ে আলোচনা কৰাৰ লগতে উগ্ৰপন্থী সংগঠন সমূহৰ বাবে কি কি অসুবিধাৰ সৃষ্টি হৈছে এই সকলো দিশত সজাগতা সৃষ্টিৰ বাবে সভাখনৰ আহ্বান জনোৱা হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰে ৷

শেহতীয়াকৈ মাওবাদীৰ আক্ৰমণত ত্ৰিপুৰাৰ এজন কোব্ৰা কামাণ্ডোসহ দেশৰ 22 জন চিআৰপিএফ জোৱান নিহত হোৱাৰ কথা উল্লেখ কৰি চক্ৰৱৰ্তীয়ে কয়, কমিউনিষ্ট আৰু মাওবাদীৰ মাজত পাৰ্থক্য আছে ৷ কিন্তু আদৰ্শগত ভাৱে তেওঁলোক একেখন পটভূমিতে জন্ম হোৱা ৷ বিজেপিয়ে সমগ্ৰ দেশবাসীৰ সন্মুখত কমিউনিষ্টসকলৰ পৰা সৃষ্টি হোৱা ভাবুকিৰ প্ৰতিৰ সজাগ কৰাৰ দায়িত্ব লৈছে ৷

একেদৰে জ্যেষ্ঠ বিজেপি নেতা আশোক সিনহাই কয়, বিগত এশটা বছৰৰ ইতিহাস চাবলৈ গ'লে কমিউনিষ্টসকলৰ শাসন কালত আটাইতকৈ বেছি গণ হত্যাৰ খবৰ দেখিবলৈ পাব ৷ ভাৰতত বাওঁপন্থী সকলৰ ৰং বেলেগ বেলেগ যদিও তেওঁলোকৰ লক্ষ্য কিন্তু একেই ৷ চিপিআই (এম) চিপিআই বা আন বাওঁপন্থী দল সমূহে নিজ সংবিধান ৰচনা কৰিব বিচাৰিছিল ৷ লগতে নেতা গৰাকীয়ে বাওঁপন্থী সকলক কটাক্ষ কৰি কয়, তেওঁলোকে আমাৰ ভাৰতীয় সংবিধানক আনক দেখুৱাই সন্মান কৰিছিল যদিও সদায় নিজৰ আদৰ্শত বিশ্বাসী আছিল ৷

লগতে পঢ়ক: নিৰ্বাচনী আচৰণ বিধি উলংঘণ : শুভেন্দু অধিকাৰীলৈ নিৰ্বাচন আয়োগৰ জাননী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.