ETV Bharat / bharat

73 rd birthday of PM Modi : 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভৰি দিব 73 বছৰত, 16 দিনীয়াকৈ আয়োজন কৰিছে সেৱা পষেক - Seva Pakhwara 2023

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক জন্মদিনক লৈ বিজেপি কৰ্মকৰ্তাই আৰম্ভ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ পৰা 2 অক্টোবৰত গান্ধী জয়ন্তী পৰ্যন্ত পালন কৰা হ’ব সেৱা পষেক ।

73 rd birthday of PM Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক জন্মদিন
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 11:39 AM IST

নেশ্যনেল ডেস্ক, 30 আগষ্ট: অহা 17 ছেপ্টেম্বৰত 72 বছৰ সম্পূৰ্ণ কৰি 73 বছৰত ভৰি দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিয়ে আয়োজন কৰিব ‘সেৱা পখোৱাৰা’ অৰ্থাৎ সেৱা পষেক ।

17 ছেপ্টেম্বৰৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ পৰা 2 অক্টোবৰত গান্ধী জয়ন্তী পৰ্যন্ত ‘সেৱা হী সংগঠন’ কাৰ্যসূচীৰ অংশ হিচাপে বিজেপিয়ে 16 দিনীয়া ‘সেৱা হী সংগঠন’ কাৰ্যসূচী হাতত লৈছে বুলি বিজেপিৰ এক গুৰুত্বপূৰ্ণ সূত্ৰই ANI ক জনায় । প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ প্ৰস্তুতি সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘ, বিনোদ তাওডে, সুনীল বংশাল, সঞ্জয় বন্দী আৰু কৈলাশ বিজয়বৰ্গীয়াই অংশগ্ৰহণ কৰা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে ।

ইয়াৰ উপৰিও সভাত "মেৰী মিট্টি মেৰা দেশ" আৰু দলৰ ভৱিষ্যতৰ অন্যান্য কাৰ্যসূচীৰ ওপৰতো আলোচনা কৰা হয় বুলি জানিবলৈ পৰা গৈছে । যোৱা বছৰো দলটোৱে 17 ছেপ্টেম্বৰ অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ পৰা 2 অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীলৈকে ‘সেৱা পখোৱাৰা’ তথা সেৱা পষেকৰ আয়োজন কৰিছিল ৷ লগতে জিলা পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত প্ৰদৰ্শনীৰ অনুষ্ঠনো আয়োজন কৰিছিল ।

ইয়াৰ উপৰিও দীনদয়াল উপাধ্যায়ৰ জয়ন্তী (25 ছেপ্টেম্বৰ) আৰু 2 অক্টোবৰত লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তীও ‘সেৱা পষেক’ ৰ অধীনত উদযাপন কৰা হ’ব । উল্লেখ কৰা প্ৰয়োজন যে, 1950 চনৰ 17 ছেপ্টেম্বৰত উত্তৰ গুজৰাটৰ মেহছানা জিলাৰ এখন সৰু চহৰ বদনগৰত জন্মগ্ৰহণ কৰিছিল স্বাধীন ভাৰতৰ 14 সংখ্যক প্ৰধানমন্ত্ৰী মোদীৰ ।

লগতে পঢ়ক: Indo china conflict: চীনৰ দখলত ভাৰতৰ ভূখণ্ড; মোদীৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.