ETV Bharat / bharat

নিৰ্বাচনোত্তৰ হিংসা: সমগ্ৰ বংগত প্ৰতিবাদৰ পৰিকল্পনা বিজেপি(BJP)ৰ - পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকৰ

পশ্চিমবংগত সংঘটিত 'নিৰ্বাচনোত্তৰ হিংসা'ক লৈ 23 জুনত সমগ্ৰ পশ্চিমবংগত প্ৰতিবাদৰ পৰিকল্পনা ভাৰতীয় জনতা পাৰ্টী(BJP)ৰ ৷ দলটোৰ অভিযোগ, শাসকীয় তৃণমূল কংগ্ৰেছ(TMC)এ বিজেপিৰ দলীয় কৰ্মীসকলক নিৰন্তৰভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷

Bjp Protest over post poll violence
পশ্চিমবংগত বিজেপিৰ প্ৰতিবাদ
author img

By

Published : Jun 17, 2021, 8:49 AM IST

নেচনেল ডেস্ক, 17 জুন: পশ্চিমবংগত সংঘটিত নিৰ্বাচনোত্তৰ হিংসাক লৈ তৃণমূল কংগ্ৰেছ(TMC) চৰকাৰক ঘেৰি ধৰাৰ লগতে দলীয় কৰ্মীসকলক সমৰ্থন আগবঢ়োৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টী (BJP)এ সমগ্ৰ পশ্চিমবংগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে ৷ বিজেপিৰ নেতাসকলৰ অভিযোগ অনুসৰি, ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্ৰেছে বিজেপিৰ দলীয় কৰ্মীসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, 23 জুনত বিজেপিয়ে ৰাজ্যখনত প্ৰতিবাদ সাব্যস্ত কৰিব ৷ বিজেপিৰ সাংসদ আৰু বিধায়কসকল বিভিন্ন সৰু গোটত বেলেগ বেলেগ জিলাত উপস্থিত থাকি তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে মাত মাতিব ৷ বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰে কিছু শিথিলতাৰ সৈতে 1 জুলাইলৈকে ক'ভিড সম্পৰ্কীয় নিৰ্দেশনাৰ সময়সীমা বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড প্ৰট'কল মানি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷

উল্লেখ্য যে, কলকাতাৰ ধৰ্মতালা অঞ্চলত বিজেপিৰ জ্যেষ্ঠ নেতাসকলে মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দিব ৷ বিজেপিৰ নেতাসকলে অভিযোগ কৰে যে, তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে বিজেপি সমৰ্থনকাৰীসকলৰ বিৰুদ্ধে নিৰন্তৰ হিংসা চলাই আছে ৷ বিজেপিৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যৰ অভিযোগ উত্থাপন কৰি এগৰাকী জ্যেষ্ঠ নেতাই কয় যে, "আপোনালোকে নিশ্চয় বংগত সংঘটিত ৰক্তক্ষয়ী ধৰ্ষণৰ বিষয়ে অৱগত হৈছে ৷ এই ঘটনা ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ কাষ পাইছেগৈ ৷ আমি দৈনিক এনেধৰণৰ হিংসাত্মক ঘটনাৰ অভিযোগ পাওঁ ৷ আমাৰ সমৰ্থকসকলৰ ওপৰত হোৱা এই ৰাজনৈতিক প্ৰতিশোধৰ বিৰুদ্ধে মাত মাতিবলৈ আমি বংগত এক সাংকেতিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম ৷ "

মন কৰিবলগীয়া যে, নিৰ্বাচনোত্তৰ হিংসা সন্দৰ্ভত পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকৰেও মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ এই হিংসাক তেওঁ স্বাধীনতাৰ পাচৰ আটাইতকৈ বেয়া পৰিস্থিতি আখ্যা দিয়াৰ লগতে এনেধৰণৰ ঘটনা গণতন্ত্ৰৰ বাবে শুভলক্ষণ নহয় বুলি উল্লেখ কৰিছিল ৷ অৱশ্যে তৃণমূল কংগ্ৰেছে পত্ৰখনৰ বিষয়বস্তু প্ৰকৃত তথ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয় বুলি মন্তব্য কৰিছিল ৷

লগতে পঢ়ক: আৰ এছ এছৰ বাবেই পশ্চিমবংগ নিৰ্বাচনত সক্ৰিয় নাছিল মুকুল ৰয় !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.