নেশ্য়নেল ডেস্ক, ৭ নৱেম্বৰ: অহা ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া হিমাচল বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত (Himachal assembly election 2022)। আন দলৰ লেখীয়াকৈ বিজেপিয়েও পূৰ্ণোদ্য়মে প্ৰচাৰ চলাইছে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সোমবাৰে চিমলাৰ ৰামপুৰত বিজেপি প্ৰাৰ্থী কৌল সিং নেগীৰ হৈ প্ৰচাৰ চলায় (JP Nadda Rally in Himachal)। তেওঁ বিজেপি চৰকাৰৰ সাফল্য়ৰ বিষয়ে উল্লেখ কৰি ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা চলায় (BJP campaign at Himachal)।
তেওঁ ভাষণ প্ৰসংগত কংগ্ৰেছক সমালোচনা কৰি কয়,"নিৰ্বাচনত পৰিয়ালৰ নামত ভোট বিচৰাটো দুৰ্ভাগ্য়জনক (JP Nadda on congress)। জে পি নাড্ডাই পুনৰ কয় যে, কংগ্ৰেছ চৰকাৰে প্ৰতিটো মুহূৰ্ততেই জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল । হিমাচলতো পৰিয়ালৰ নামত ভোট বিচৰাৰ চেষ্টা কৰা হৈছে বুলি তেওঁ কটাক্ষ কৰি কয় যে, তেওঁলোক ৰাজ্যখনৰ উন্নয়নৰ বিষয়ে চিন্তা নকৰে । তেওঁলোকে কেৱল নিজৰ বিষয়ে চিন্তিত বুলি কয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ।
জে পি নাড্ডাই পুনৰ কয় যে, দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যখনক উন্নয়নৰ শিখৰলৈ নিবৰ বাবে বহুতো ভাল কাম কৰিছে । হৰ ঘৰ নল যোজনাৰ জৰিয়তে কোনেও বিশুদ্ধ পানী খোৱাৰ পৰা বঞ্চিত নহ'ব বুলি তেওঁ উল্লেখ কৰি কয়, "ৰামপুৰত বিজেপিৰ বিধায়ক নাছিল । কিন্তু জয় ৰাম ঠাকুৰে আপোনাক কৌল সিং নেগীত এজন সৎ চকীদাৰ দিছে । সেয়েহে আপোনালোকে ভোটাধিকাৰ আৱেগৰ ওপৰত নহয় বিবেকৰ ওপৰতহে ভিত্তি কৰি সাব্য়স্ত কৰক ।"
জে পি নাড্ডাই কয় যে, বীৰভদ্ৰ সিঙে বাৰে বাৰে ভানুপল্লীৰ পৰা ৰামপুৰলৈ ৰে'লপথ নিৰ্মাণৰ কথা কৈছিল । কিন্তু ৩৫ বছৰ পাৰ হৈ গ'ল আৰু এক ইঞ্চি ৰে'ল পথক কাম হোৱা নাছিল । কিন্তু ২০১৫ চনত নৰেন্দ্ৰ মোডীৰ লগে লগে নিৰাপত্তা বিষয়ককেবিনেট কমিটীক কিৰাটপুৰৰ পৰা ৰামপুৰ লেহলৈ নিৰাপত্তা প্ৰদান কৰা হৈছিল । ২০১৫ চনত নিৰাপত্তা ৰক্ষাৰ অনুমতি লাভ কৰা হৈছিল । ২০১৭চনত যেতিয়া জয়ৰাম চৰকাৰ আহিছিল, এই আঁচনিৰ বাবে ভূমিও লাভ কৰা হয় । ২০২৪ চনৰ ভিতৰত ৰে'লখন বিলাসপুৰত উপস্থিত হ'ব বুলি তেওঁ কয় ।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে পুনৰ কয় যে, নৰেন্দ্ৰ মো়ডীয়ে হিমাচলক দেশৰ প্ৰথমখন হাইড্ৰ' ইঞ্জিনিয়াৰিং মহাবিদ্যালয় উপহাৰ দিছিল । দেশৰ মহিলাসকলক সন্মান জনোৱাৰ বাবে নৰেন্দ্ৰ মো়ডীয়ে 'ইজ্জত ঘৰ আৰু উজ্জ্বলা যোজনা' আৰম্ভ কৰি মহিলাসকলক সুবিধা প্ৰদান কৰে । জে পি নাড্ডাই কয় যে, প্ৰধানমন্ত্ৰী মো়ডীৰ নেতৃত্বত হিমাচলত ১ লাখ ৯০ হাজাৰ শৌচালয় নিৰ্মাণ কৰা হৈছিল আৰু মহিলাসকলক সন্মান জনোৱাৰ বাবে কাম কৰিছিল । মহিলাসকলক শক্তি প্ৰদান কৰি তেওঁলোকক মূলসুঁতিত অন্তৰ্ভুক্ত কৰা হৈছিল ।
লগতে পঢ়ক:Unusual Death in Rajasthan : বাতৰি কাকত পঢ়ি থাকোতেই ঢলি পৰি মৃত্যু হ’ল ব্যৱসায়ীৰ