ETV Bharat / bharat

তেলেংগানাত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ ভিৰ

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 12:20 PM IST

এইবছৰৰ অন্তিমখন নিৰ্বাচনমুখী ৰাজ্য তেলেংগানাত বিজেপিয়ে সকলো উজাৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে । ৰাজনাথ সিঙে শুকুৰবাৰে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাই আছে । ২৫ তাৰিখৰ পৰা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব ।

Campaigning in Telangana
তেলেংগানাত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ ভিৰ

নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ : অহা ৩০ নৱেম্বৰত তেলেংগানাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাক লৈ ইতিমধ্যে নিৰ্বাচন আয়োগে প্ৰস্তুতি আৰম্ভ কৰিছে । সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে । বিজেপি দলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে । প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি ষ্টাৰ কেম্পেইনাৰসকলে নিতৌ ৰাজ্যখনত প্ৰচাৰ চলাইছে ।

শনিবাৰে ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব । দলৰ তিনিওগৰাকী শীৰ্ষ নেতাই ৰাজ্যখনত একেদিনাই নিৰ্বাচনী প্ৰচাৰ চলাব । যাৰ বাবে ৰাজ্যিক বিজেপিয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । জানিব পৰা মতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা সভা আৰু ৰোড শ্ব'ত তেওঁলোকে অংশগ্ৰহণ কৰিব। দলীয় সূত্ৰৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে ২৫, ২৬ আৰু ২৭ নৱেম্বৰত তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাব ।

ইফালে শুকুৰবাৰৰ পৰাই গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া প্ৰচাৰ কাৰ্যসূচীৰ আৰম্ভ হৈছে । তেওঁ শুকুৰবাৰে দুপৰীয়া ১২ বজাত আৰ্মৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। অমিত শ্বাহে দুপৰীয়া ২ বজাত ৰাজেন্দ্ৰনগৰ খণ্ডত, আবেলি ৩ বজাত চেৰিলিংগাম্পল্লী সমষ্টিত আৰু ৪.৩০ বজাত অম্বৰপেটত ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ কথা আছে ।

২৫ নৱেম্বৰৰ পুৱা ১১ বজাত কোলহাপুৰৰ ৰাজহুৱা সভাত, তাৰ পাছত পাটনচেৰুত ৰাজহুৱা সভা আৰু পৰৱৰ্তী সময়ত তেওঁ বিজয় সংকল্প সভা সম্বোধন কৰিব । তেওঁ আবেলি ৪ বজাত খাইৰাতাবাদ সমষ্টিত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । ২৬ তাৰিখে তেওঁ মাকতালত পুৱা ১১ বজাত, মুলুগুত দুপৰীয়া ১ বজাত আৰু ভুৱনাগিৰিত আবেলি ৩ বজাত ৰাজহুৱা সভা সম্বোধন কৰাৰ কথা আছে । তাৰ পাছত সন্ধিয়া ৬ বজাত কুকাটপল্লীত এখন ৰাজহুৱা সভা সম্বোধন কৰিব ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ২৫ নৱেম্বৰৰ দুপৰীয়া ২ বজাত হুজুৰনগৰ ৰাজহুৱা সভাত, চেকেন্দ্ৰাবাদ সমষ্টিত আবেলি ৪ বজাত আৰু মুচিৰাবাদ সমষ্টিত সন্ধিয়া ৬ বজাত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব ।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শুকুৰবাৰে মেডচল, কাৰৱান আৰু কেণ্টনমেণ্টত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক জি. প্ৰেমেন্দ্ৰ ৰেড্ডীয়ে বৃহস্পতিবাৰে এক বিবৃতিযোগে দলৰ শীৰ্ষ নেতাসকলৰ কাৰ্যসূচী প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :হিন্দুত্ববাদৰ বাৰ্তাৰে ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পেলালে বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.