নেশ্যনেল ডেস্ক,২৬ এপ্ৰিল: বিজেপি সাংসদ তথা অভিনেতা ৰবি কিষাণে শেহতীয়াকৈ গোৰখপুৰৰ জিলা দণ্ডাধীশ বীজেন্দ্ৰ পাণ্ডিয়ানলৈ এখন পত্ৰ প্ৰেৰণ কৰি অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে সঠিক স্থান চিনাক্ত কৰিবলৈ কৈছে । সাংসদ গৰাকীয়ে অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে ৪০ লাখ টকা আগবঢ়াব বুলিও পত্ৰখনৰ জৰিয়তে ঘোষণা কৰিছে ।
এই প্ৰসংগত তেওঁ কয় যে, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে । লগতে তেওঁ সাংসদ পূঁজিৰ পৰা অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে ৪০ লাখ টকা প্ৰধানমন্ত্ৰীৰ সাহায্য পূঁজিলৈ আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে । ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সুবিধাৰ্থে যাতে শীঘ্ৰে এই প্ৰকল্প স্থাপনৰ কাম সম্পূৰ্ণ হয় তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে । তেওঁ জনোৱা মতে, প্ৰকল্পটো স্থাপনৰ বাবে তেওঁ জিলা দণ্ডাধীশক এক উপযুক্ত স্থান চিনাক্ত কৰিবলৈ কৈছে ।
সাংসদ গৰাকীয়ে মহামাৰীৰ সংক্ৰমণ সন্দৰ্ভত চিন্তা ব্যক্ত কৰি কয় যে, মহামাৰীৰ দ্বিতীয় ঢৌ অতি বিপদজনক আৰু এতিয়া দেশৰ বহু চিকিৎসালয়ত অক্সিজেনৰ অভাৱ ঘটিছে । এনে সংকটৰ পৰিপ্ৰেক্ষিতত, তেওঁ গোৰখপুৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে যাতে জিলাখনে এই প্ৰত্যাহ্বানবোৰৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয় ।
গোৰখপুৰ হৈছে পূৱ উত্তৰ প্ৰদেশৰ সৰ্ববৃহৎ চহৰ আৰু লাখ লাখ লোকে তেওঁলোকৰ চিকিৎসাজনিত প্ৰয়োজনীয়তাৰ বাবে গোৰখপুৰৰ ওপৰত নিৰ্ভৰ কৰে । সেয়ে, এটা অক্সিজেন প্ৰকল্প স্থাপন কৰিলে বহু লোকৰ জীৱন ৰক্ষা কৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে । ৰবি কিষাণে কয় যে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰে ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ আৰু ৰাজ্যবাসীক এই মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: ভাৰতত নতুনকৈ ৩,৫২,৯৯১ জন কৰ'ণাত আক্ৰান্ত