ETV Bharat / bharat

ৰঞ্জন গগৈ বিতৰ্কঃ বিপদত তৃণমূল সাংসদ মহুৱা মৈত্ৰ

author img

By

Published : Feb 11, 2021, 9:39 PM IST

আকৌ বিতৰ্কত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷ ৰঞ্জন গগৈৰ বিৰুদ্ধে মন্তব্য কৰি এইবাৰ বিপদত পৰিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ ৷

bjp-mp-issues-breach-of-privilege-notice-against-tmc-mp-mahua-moitra
ৰঞ্জন গগৈ বিতৰ্কঃ বিপদত তৃণমূল সাংসদ মহুৱা মৈত্ৰ

নিউজ ডেস্ক, 11 ফেব্ৰুৱাৰী : আকৌ বিতৰ্কত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷ ৰঞ্জন গগৈৰ বিৰুদ্ধে মন্তব্য কৰি এইবাৰ বিপদত পৰিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ ৷ মৈত্ৰৰ বিৰুদ্ধে বিজেপিৰ সাংসদ নিশ্বিকান্ত ডুবে আৰু পিপি চৌধুৰীয়ে লোকসভাৰ বিশেষঅধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছে ৷

সোমবাৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদসূচক মন্তব্য দিবলৈ গৈ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিষয়ে কিছু আপত্তিজনক মন্তব্য কৰিছিল ৷

মৈত্ৰই কৈছিল যে, " ন্যায় পালিকাৰ পবিত্ৰতা সেই দিনাই শেষ হৈছিল, যিদিনা এজন মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল, তেওঁ নিজেই তাৰ বিচাৰ কৰি নিজকে নিৰ্দোষী বুলি প্ৰমাণিত কৰিছিল আৰু অৱসৰ গ্ৰহণৰ তিনিমাহৰ ভিতৰত উচ্চ সদনৰ সদস্যপদ গ্ৰহণ কৰিছিল ৷ "

সংসদৰ নিয়ম অনুযায়ী, এনেদৰে উচ্চ পদ মৰ্যাদা সম্পন্ন ব্যক্তিৰ বিৰুদ্ধে মন্তব্য ৰখাটো অনুচিত ৷

তদুপৰি মহুৱা মৈত্ৰই এই সন্দৰ্ভত টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভাৰতৰ অন্ধকাৰময় সময়ত সঁচা কথা কোৱাৰ বাবে মোৰ বিৰুদ্ধে লোকসভাৰ বিশেষঅধিকাৰ ভংগৰ অভিযোগ অনা হ‘ল, সেয়া মোৰ বাবে সোভাগ্যই হ‘ব ৷ "

লগতে পঢ়ক: হোজাইত বাঁহেৰে হানি-খুচি পুত্ৰক হত্যা কৰিলে পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.