ETV Bharat / bharat

MP gangrape : মধ্য প্ৰদেশত দলবদ্ধ ধৰ্ষণ; বিজেপি নেতাৰ পুত্ৰক গ্ৰেপ্তাৰ - Gangrape in Madhya Pradesh

মধ্য প্ৰদেশৰ দাতিয়া জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনা । দুই ভগ্নীক অপহৰণ কৰি লৈ গৈছিল চাৰি লম্পটে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ অভিযুক্তক । ধৃত এজন নাবালক বিজেপি নেতাৰ পুত্ৰ ।

MP gangrape
মধ্য প্ৰদেশত দলবদ্ধ ধৰ্ষণ
author img

By

Published : Jul 16, 2023, 6:01 PM IST

নেশ্যনেল ডেস্ক,১৬ জুলাই : মধ্য প্ৰদেশত চাঞ্চল্যকৰ ঘটনা । দুই ভগ্নীক অপহৰণ আৰু পাচত ধৰ্ষণৰ অপচেষ্টা । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ৩ জনক আটক । অভিযুক্ত এজন পলাতক । পলাতক অভিযুক্তৰ বিৰুদ্ধে ১০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা । বিজেপি নেতাৰ পুত্ৰৰ নামো আছে এজাহাৰত ।

জানিব পৰা মতে শুকুৰবাৰে আবেলি মধ্য প্ৰদেশৰ দাতিয়া জিলাত সংঘটিত হৈছে এই ঘটনা । অভিযোগ অনুসৰি ভুক্তভোগী যুৱতী আৰু তেওঁৰ ভগ্নীক চাৰিজন লোকে অপহৰণ কৰি লৈ যায় । আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই কোৱা মতে অভিযুক্তকেইজনে দুয়োকে এটা ঘৰলৈ লৈ যায় । য'ত তেওঁলোকে ডাঙৰ ভগ্নীক ধৰ্ষণ কৰে । ঘটনাটোৰ পাচতে ভুক্তভোগী যুৱতীগৰাকী আৰু তেওঁ ভগ্নী ঘৰলৈ উভতি আহে আৰু ভুক্তভোগী যুৱতীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰে ।

যুৱতীগৰাকীক পাচত সমীপৰ উত্তৰ প্ৰদেশৰ ঝান্সিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আৰক্ষী অধীক্ষকগৰাকীৰ মতে এজাহাৰত উল্লেখ কৰা মতে অভিযুক্তকেইজনে যুৱতীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল । ঘটনাটোৰ পাচতে ভুক্তভোগীৰ ভনীয়েকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ।

ঘটনাটোৰ পাচত বহু লোকে আৰক্ষী থানা ঘেৰাও কৰে । উচিত তদন্তৰ লগতে দোষীক শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে । অৱশ্যে উত্তপ্ত প্ৰতিবাদকাৰীসকল পাচত শান্ত হয় । অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ৩৭৬ ডি, ৩৫৪, ৩৪২ আৰু POCSO আইনৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে ।

আৰক্ষীয়ে জনোৱা মতে এতিয়ালৈকে এজন অভিযুক্ত প্ৰাপ্তবয়স্ক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দুজন নাবালকক আৰক্ষীয়ে আটক কৰিছে । অৱশ্যে আন এজন অভিযুক্ত পলাতক হৈ আছে । পলাতক অভিযুক্তৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰাৰ লগতে আৰক্ষীয়ে অনুসন্ধান চলাই আছে ।

ইয়াৰ মাজতে আন এক তথ্য পোহৰলৈ আহিছে । ধৰ্ষণৰ অভিযুক্তসকলৰ ভিতৰত এগৰাকী প্ৰভাৱশালী বিজেপি নেতাৰ পুত্ৰৰ নামো আছে । স্থানীয় বিজেপি নেতাৰ নাবালক পুত্ৰক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে । যাৰ বাবে বিজেপিৰ ভিতৰচ'ৰাত উত্তেজনাৰ সৃষ্টি হৈছে ।

এই সন্দৰ্ভত সোধা প্ৰশ্নত বিজেপিৰ জিলা সভাপতি সুৰেন্দ্ৰ বুধোলিয়াই কয় যে ঘটনাটো দুৰ্ভাগ্যজনক আৰু আৰক্ষীয়ে এতিয়াও ভুক্তভোগীৰ ভাষ্য গ্ৰহণ কৰা নাই । যদি ভুক্তভোগীয়ে আৰক্ষীক দিয়া বিবৃতিত বিজেপি নেতাৰ পুত্ৰৰ নাম লয় তেন্তে দলে নেতাৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰিব । দলটোৱে পৰৱৰ্তী পদক্ষেপে ল'ব বুলি জিলা সভাপতিগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Minor Rape: কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে 50 ৰ উৰ্ধ্বৰ ব্যক্তিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.