ETV Bharat / bharat

পশ্চিমবংগৰ জনসভাত অংশগ্ৰহণ জে পি নাড্ডা-অমিত শ্বাহৰ

প্ৰতিদিনে ক'ভিড সংক্ৰমণ বৃদ্ধি পাই অহাৰ পিচতো পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে । সোমবাৰে পশ্চিমবংগত জনসভাত অংশ ল'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই । অমিত শ্বাহে তিনিখন জনসভাৰ লগতে এক ৰোড শ্ব'তো অংশগ্ৰহণ কৰিব । আনহাতে জে পি নাড্ডাই ৰোড শ্ব'ৰ লগতে দুখন জনসভাত অংশ ল'ব ।

author img

By

Published : Apr 19, 2021, 1:32 PM IST

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত বিজেপিৰ হাই প্ৰফাইল নেতাৰ

নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বাৰম্বাৰ সতৰ্ক কৰি দিয়াৰ পিছতে নিৰ্বাচনী প্ৰচাৰ অভিযান অন্ত পেলোৱাৰ নাম লোৱা নাই বিজেপিয়ে । পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ধাৰাবাহিকভাৱে ৰাজ্যখনত প্ৰচাৰ চলাই আছে গেৰুৱা দলটোৰ হাই প্ৰফাইল নেতাই ।

সোমবাৰে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই । কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে তিনিখন জনসভা আৰু এক ৰোড শ্ব'ত অংশ ল'ব । ইফালে, জে পি নাড্ডাই ৰোড শ্ব'ৰ লগতে দুখন জনসভাত অংশ ল'ব । লগতে এখন টাউন হল সভাতো অংশগ্ৰহণ কৰিব । জানিব পৰা মতে, নাড্ডাই প্ৰথমেই উত্তৰ দিনাজপুৰলৈ যাব আৰু ৰোড শ্ব'ত অংশ ল'ব ।

ইয়াৰ পিছতে বীৰভূমত তিনিটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । বিয়লি ৩ বজাত বীৰভূমত ৰোড শ্ব'ত অংশ লোৱাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে আবেলি ৪.৩০ বজাত জনসভাত উপস্থিত থাকিব । সন্ধিয়া ৬ বজাত তেওঁ এখন বৈঠকত মিলিত হ'ব । পূৰ্বে বৰ্ধমান জিলাত নিৰ্বাচনী প্ৰচাৰ চলাই নাড্ডাই কৈছিল যে, মমতা বেনাৰ্জীয়ে সংবিধানৰ ৰক্ষা কৰাত বিফল হৈছে । লগতে তেওঁ অভিযোগ উত্থাপন কৰে যে, মমতা বেনাৰ্জীৰ শাসন কালত ৰাজ্যখনত মহিলাৰ ওপৰত নিৰ্যাতন বৃদ্ধি পাইছে ।

মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰে নাৰীজনিত অপৰাধৰ তথ্য কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰে বুলিও তেওঁ অভিযোগ তোলে । ৰাজ্যখনত কৃষকে উৎপাদিত শস্যৰ উচিত মূল্য নাপায় বুলি মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে । উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি হৈ অহাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ সকলো ৰাজনৈতিক সভা বাতিল কৰিছে ।

আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ বাবে বহু নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লৈছে । উল্লেখ্য যে, অহা ২২ এপ্ৰিলত পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ২৭ গৰাকী মহিলাসহ মুঠ ৩০৬ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব । বিজেপি আৰু তৃণমূল কংগ্ৰেছে ৪৩ খন আসনতে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ইফালে, কংগ্ৰেছৰ ১২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাৰ লগতে চি পি আই(এম) ২৩ খন আসনৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ।

আনহাতে, নিৰ্বাচনী আয়োগে শুকুৰবাৰে পশ্চিমবংগৰ নিৰ্বাচনৰ অন্তিম তিনিটা পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সীমিত কৰাৰ নিৰ্দেশ দিয়ে । আয়োগৰ নিৰ্দেশমৰ্মে ভোটদান আৰম্ভ হোৱাৰ ৭২ ঘণ্টাৰ পূৰ্বেই প্ৰচাৰ অভিযান সামৰণি মাৰিব লাগিব ৰাজনৈতিক দলসমূহে । প্ৰথমে এই সময়সীমা আছিল ৪৮ ঘণ্টা ।

লগতে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ১০ বজালৈ সকলো প্ৰচাৰ অভিযান নিষিদ্ধ কৰিছে আয়োগে । ৰাজ্যখনত দেওবাৰে নতুনকৈ ৮,৪১৯টা আক্ৰান্তৰ ঘটনা পঞ্জীয়ন কৰা হৈছে । বৰ্তমানলৈকে ৰাজ্যখনত মুঠ ৬,৫৯,৯২৭ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । মহামাৰীৰ কবলত পৰি দেওবাৰে ৰাজ্যখনত ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে । ৰাজ্যখনত এতিয়ালৈকে মুঠ ১০,৫৬৮ জন লোক মৃত্যু হৈছে ।

লগতে পঢ়ক:প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাচি সিং ৰাৱাটৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.