ETV Bharat / bharat

Mirzapur gang rape : ডেৰ বছৰ ধৰি নাবালিকাক ধৰ্ষণ, গ্ৰেপ্তাৰ বিজেপি নেতা - Bjp leader arrested

ধৰ্ষণৰ গোচৰত এখন ৰেষ্টুৰেণ্টৰ মেনেজাৰ আকাশ কেশৰী, বিজেপি নেতা বিজয় গুপ্তা আৰু সহযোগে আফ্ৰিদি খানক গ্ৰেপ্তাৰ । যোৱা ডেৰ বছৰত বহুবাৰ ধৰ্ষণ কৰিছিল নাবালিকাক । বিজেপি নেতাজনে ঔষধ খুৱাই গৰ্ভপাতো কৰোৱাইছিল নাবালিকাগৰাকীক ।

Mirzapur gand rape
ডেৰ বছৰ ধৰি নাবালিকাক ধৰ্ষণ গ্ৰেপ্তাৰ বিজেপি নেতা
author img

By

Published : Jul 27, 2023, 10:02 AM IST

নেশ্যনেল ডেস্ক,২৭ জুলাই : উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আন এক ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী বিজেপি নেতাৰ নেতৃত্বত প্ৰায় ডেৰ বছৰ ধৰি একেৰাহে এগৰাকী নাবালিকাৰ ওপৰত চলিছিল ধৰ্ষণ । নাবালিকাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে বলপূৰ্বকভাৱে গৰ্ভপাত কৰোৱাৰো অভিযোগ উঠিছে বিজেপি নেতাসহ আন অভিযুক্তৰ বিৰুদ্ধে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি নেতা বিজয় গুপ্তাক ।

আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ মিশ্ৰাই সংবাদমেলযোগে নাবালিকাগৰাকীৰ ধৰ্ষণৰ বিষয়ে অৱগত কৰিছে । আৰক্ষীয়ে জনোৱা মতে ধৰ্ষণৰ গোচৰটোত বিজেপি নেতাসহ তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অভিযুক্ত দুজনক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।

জিলাখনৰ লালগঞ্জ অঞ্চলত নাবালিকা ছাত্ৰীগৰাকীক দলবদ্ধ ধৰ্ষণ আৰু গৰ্ভপাতৰ গোচৰটোত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে জনোৱা মতে ধৰ্ষণৰ অভিযুক্ত বিজেপি বেকৱাৰ্ড ফ্ৰণ্ট লালগঞ্জ মণ্ডলৰ সভাপতি তথা গাঁওবুঢ়া বিজয় গুপ্তাক তেওঁৰ আন এজন সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে ।

আচলতে, ডেৰ বছৰ ধৰি ধৰ্ষণ আৰু যৌন উৎপীড়ন চলোৱাৰ পাছত নাবালিকাগৰাকী গৰ্ভৱতীও হৈছিল । কিন্তু অভিযুক্তই গৰ্ভৱতী হোৱাৰ সময়ত নাবালিকাগৰাকীক গৰ্ভপাত কৰোৱাৰ ঔষধ দিছিল । যাৰ ফলত, নাবালিকাগৰাকীৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল ।

অৱশেষত ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালে ২০২৩ চনৰ ১৭ জুলাইত লালগঞ্জ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে । গোচৰটো ৰুজু হোৱাৰ পাছতে এখন ৰেষ্টুৰেণ্টৰ মেনেজাৰ আকাশ কেশৰীক আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰে । গোচৰটোত বিজেপি নেতা বিজয় গুপ্তাৰ নাম পোহৰলৈ আহিছিল যদিও আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

অৱশ্যে অভিযুক্ত নেতাজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ পাছত কংগ্ৰেছ, এছপিকে ধৰি সকলো বিৰোধী দলে প্ৰতিবাদ আৰম্ভ কৰে আৰু প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে । অৱশেষত আৰক্ষীয়ে বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ মিশ্ৰাই জনোৱা মতে প্ৰায় ডেৰ বছৰ ধৰি ভুক্তভোগী নাবালিকাগৰাকীক অভিযুক্ত আফ্ৰিদি খান আৰু বিজেপি নেতা বিজয় গুপ্তাই ধৰ্ষণ কৰি আহিছিল । প্ৰথমে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আফ্ৰিদি খানেও বিজয় গুপ্তাৰ বিৰুদ্ধে প্ৰমাণ দিয়াত সহায় কৰিছিল । দুয়ো ধৰ্ষণকাৰীক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে গোচৰটোত গ্ৰেপ্তাৰ হোৱা তিনিওজন অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক : Teacher accused of molestation: ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত মহানগৰীত গ্ৰেপ্তাৰ শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.