ETV Bharat / bharat

বিজেপি নেতা তথা উত্তৰাখণ্ডৰ মন্ত্ৰী যশপাল আৰ্য আৰু তেওঁৰ পুত্ৰৰ কংগ্ৰেছত যোগদান - Yashpal Arya joins Congress

উত্তৰাখণ্ডত ৰাজনৈতিক পট পৰিৱৰ্তন ৷ সোমবাৰে কংগ্ৰেছত যোগদান কৰিলে বিজেপি নেতা তথা উত্তৰাখণ্ডৰ কেবিনেট মন্ত্ৰী যশপাল আৰ্য আৰু পুত্ৰ সঞ্জীৱ আৰ্যই ৷

BJP leader and Uttarakhand  minister Yashpal Arya, son joins Congress
কংগ্ৰেছত যোগদান বিজেপি নেতা তথা উত্তৰাখণ্ডৰ মন্ত্ৰী যশপাল আৰ্য আৰু তেওঁৰ পুত্ৰৰ
author img

By

Published : Oct 11, 2021, 5:17 PM IST

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ : সোমবাৰে কংগ্ৰেছত যোগদান কৰিলে বিজেপি নেতা তথা উত্তৰাখণ্ডৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী যশপাল আৰ্য আৰু তেওঁৰ পুত্ৰ সঞ্জীৱ আৰ্যই ৷ উত্তাখণ্ডৰ শাসকীয় বিজেপি চৰকাৰখনৰ কেবিনেট মন্ত্ৰী আছিল যশপাল আৰ্য ৷ তেওঁৰ পুত্ৰ সঞ্জীৱ আৰ্য আছিল নৈনিতাল সমষ্টিৰ বিজেপি বিধায়ক ৷

সোমবাৰে দিল্লীত কংগ্ৰেছ নেতা হৰিশ ৰাৱট, ৰনদ্বীপ সূৰ্যেৱালা, কে চি বেনুগোপালৰ উপস্থিতিত দুয়োগৰাকী নেতাই কংগ্ৰেছ দলত যোগদান কৰে ৷ এই সন্দৰ্ভত মন্তব্য কৰি ৰনদ্বীপ সুৰ্যেৱালাই কয়, "তেওঁ উত্তৰাখণ্ডৰ কেবিনেট মন্ত্ৰী পদৰ পৰাও পদত্যাগ কৰিছে ৷ "

দুয়ো পিতা-পুত্ৰক দললৈ স্বাগতম জনাই কে চি বেনুগোপালে কয়, যশপাল আৰ্যৰ বাবে এয়া ‘home coming’, যিহেতু তেওঁ ইয়াৰ পূৰ্বে উত্তৰাখণ্ড প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল ৷ কে চি বেনুগোপালে লগতে কয়, ‘আৰ্য আৰু তেওঁৰ পুত্ৰৰ কংগ্ৰেছত যোগদানে ইয়াকে সূচাইছে যে উত্তৰাখণ্ডত বতাহ কোন দিশে বলিছে ৷’

উল্লেখ্য যে, 2007 চনৰ পৰা 2014 চনলৈ উত্তৰাখণ্ড প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি আছিল যশপাল আৰ্যই ৷

লগতে পঢ়ক : 7 খনকৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক বদলিৰ জাননী কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.