ETV Bharat / bharat

আসন দখলৰ বাবে সাজু বিজেপি-আইপিএফটি: বিপ্লৱ কুমাৰ দেৱ - ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল

টিটিএএডিচি ৰ পৰা চিপিআইএমক ওফৰাই এডিচিৰ আটাইকেইখন আসন অধিকাৰ কৰাৰ বাবে সাজু বিজেপি-আইপিএফটি মিত্ৰতা ৷ বিজেপি-আইপিএফটিৰ মিত্ৰতাই 28 খনৰ ভিতৰত 28 খন আসনেই লাভ কৰিব বুলি মন্তব্য বিপ্লৱ কুমাৰ দেৱৰ ৷

bjp ipft set to sweep all adc seats claims biplab kumar deb
এডিচিৰ আটাইকেইখন আসন অধিকাৰ কৰাৰ বাবে সাজু বিজেপি-আইপিএফটি : বিপ্লৱ কুমাৰ দেৱ
author img

By

Published : Apr 1, 2021, 6:02 PM IST

আগৰতলা,1 এপ্ৰিল: বিজেপি-আইপিএফটিৰ মিত্ৰতাত বিশ্বাস প্ৰদৰ্শন কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বৃহস্পতিবাৰে কয় যে, শাসনাধিষ্ঠ মিত্ৰতাই ডিষ্ট্ৰিক্ট কাউঞ্চিলৰ সকলো আসনত অনায়াসে জয়লাভ কৰিব ৷ কেডাৰ ব্যৱসায়ৰ দিন গ'ল বুলি মন্তব্য কৰি দেৱে লগতে কয় যে, "শাসনত অধিষ্ঠিত বিজেপিয়ে ত্ৰিপুৰাৰ ৰাইজক 'তলাবাজি' ৰাজৰ পৰা মুক্ত কৰাৰ লগতে কেডাৰৰ ভয়ক অস্বীকাৰ কৰি মুক্তভাৱে উশাহ ল'ব পৰা সুবিধা কৰি দিছে" ৷

bjp ipft set to sweep all adc seats claims biplab kumar deb
প্ৰাক্তন বিধায়ক দিলীপ সৰকাৰৰ স্মৃতিত অনুষ্ঠিত এক ৰাজহুৱা সভা তথা তেজদান শিবিৰত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে

বৰ্তমান দলে টিটিএএডিচি (ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিল) ৰ পৰা চিপিআইএমক আঁতৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি দেৱে লগতে এইবুলিও কয় যে, অতি কম দিনৰ ভিতৰতে টিটিএএডিচি চিপিএম মুক্ত বুলি ঘোষিত হ'ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশমৰ্মে দলে এই উদ্দেশ্যে কাম কৰি আছে বুলি জানিবলৈ দি দেৱে কয় যে, বিজেপি-আইপিএফটিৰ মিত্ৰতাই 28 খনৰ ভিতৰত 28 খন আসনেই লাভ কৰি বিজয় সুনিশ্চিত কৰিব ৷ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ তেওঁলোকৰ ফালৰ পৰা উপহাৰ বুলিও দেৱে মন্তব্য কৰে ৷

এডিচিৰ আটাইকেইখন আসন অধিকাৰ কৰাৰ বাবে সাজু বিজেপি-আইপিএফটি মিত্ৰতা

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত শাসনাধীষ্ঠ দলে 60 খন আসন লাভ কৰিব বুলি তেওঁ কয় যে, "2018 ত ত্ৰিপুৰাত বিজেপি এটা নতুন দল হোৱা স্বত্বেও 36 আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু আগন্তুক নিৰ্বাচনত চিপিএমৰ কোনো প্ৰতিনিধিত্ব নাথাকিব" ৷

প্ৰাক্তন বিধায়ক দিলীপ সৰকাৰৰ স্মৃতিত অনুষ্ঠিত এক ৰাজহুৱা সভা তথা তেজদান শিবিৰত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ৷ একক সংখ্যা গৰিষ্ঠতা লাভ কৰি পশ্চিমবংগত বিজেপি শাসনলৈ আহিব বুলি মন্তব্য কৰি তেওঁ লগতে এইবুলিও কয় যে, দিদিৰ ধনৰ সৰহবৰাহ বন্ধ কৰিাৰ লগতে ছিণ্ডিকেটক পৰাজিত কৰি 175+ আসন লাভেৰে বিজেপি শাসনলৈ আহিব ৷

লগতে পঢ়ক: নন্দীগ্ৰামত ভূৱা নিৰ্বাচন আয়োগৰ বিষয়া গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.