নেশ্যনেল ডেস্ক, 5ফেব্ৰুৱাৰী : সমাগত বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো দল-সংগঠন ৷ ৰাজহুৱা সভাত এতিয়া দেখা গৈছে ৰাজনৈতিক নেতাৰ কথাৰ কটা-কটি ৷
বৃহস্পতিবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গীতাঞ্জলি ষ্টেডিয়ামত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত কটাক্ষ্য কৰিলে ভাৰতীয় জনতা দলক ৷ ভাৰতীয় জনতা দলে আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হ'বলৈ তৃণমূল কংগ্ৰেছৰ বিশ্বাস ঘাতকক অন্তৰ্ভুক্ত কৰাৰ এটা ৰণ কৌশল প্ৰস্তুত কৰিছে বুলি মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
যিসকল ৰাজনৈতিক নেতাই বিজেপিলৈ ঢাপলি মেলিছে,তেওঁলোকে মনত ৰখা উচিত যে,বিজেপিৰ বাবে তেওঁলোক নিৰ্বাচনত জয়ী হোৱাৰ একো একোটা আহিলা মাত্ৰহে ৷
আনকি বিগত লক ডাউনৰ সময়ত ভাৰতলৈ ঘূৰি অহা শ্ৰমিক সকলক পৰ্যাপ্ত সুবিধাকনো প্ৰদান নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ ইফালে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ কৰাৰো দাবী জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনকি পশ্চিমবংগত কোনোপধ্যে নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য হ’বলৈ নিদিয়ে বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰে মমতা বেনাৰ্জীয়ে ৷
লগতে পঢ়ক : চিৰাঙৰ কাজলগাঁৱত BPFৰ পঞ্চম বাৰ্ষিক অধিবেশন