আগৰতলা, 2 ডিচেম্বৰ : ত্ৰিপুৰাৰ শেহতীয়া পৌৰ নিগমৰ নিৰ্বাচন(Civic body election in Tripura)ত দলৰ বিজয় উদযাপন কৰিবলৈ বৃহস্পতিবাৰে হাজাৰৰো অধিক বিজেপি সমৰ্থক, কৰ্মী তথা নেতা আগৰতলাৰ ৰাজপথলৈ ওলাই আহিল ৷ এই নিৰ্বাচনত দলটোৱে ৰাজ্যজুৰি প্ৰায় ৯৯ শতাংশ আসন লাভ কৰিছিল । বৃহস্পতিবাৰে আবেলি কৃষ্ণনগৰত থকা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি ড৹ মানিক সাহা( Tripura state BJP president Dr Manik Saha)ৰ নেতৃত্বত এক বিশাল সমদল উলিওৱা হয় ৷
সমদল আন নেতাসকলৰ লগতে আগৰতলা পৌৰ নিগম(Agartala Municipal Corporation)ৰ নৱ নিৰ্বাচিত সকলো সদস্যও উপস্থিত আছিল । সমৰ্থকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক প্ৰশংসা কৰি শ্ল'গান দিয়া পৰিলক্ষিত হয় ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত বিজেপিৰ ৰাজ্যিক সভাপতি ড৹ মানিক সাহাই কয় যে, এয়া ত্ৰিপুৰাৰ জনসাধাৰণৰ বিজয় । তেওঁ কয়, " শেহতীয়াকৈ অনুষ্ঠিত নিৰ্বাচনত, 334 খন আসনৰ ভিতৰত, আমি 329 খন আসন লাভ কৰিছো । আপুনি কল্পনা কৰিব পাৰে যে ৰাজ্যখনৰ মানুহে বিজেপিক কিমান সমৰ্থন কৰিছে । আজি আগৰতলা পৌৰ নিগমৰ পৰা ৫১ জন নিৰ্বাচিত সদস্যৰ সৈতে আমি বিজয়ৰ আনন্দ উদযাপন কৰি আছো " ৷
ড৹ সাহাই কয় যে সমদলটো দেখিলেই বুজিব পাৰি বিজয়ৰ পিছত দলৰ কৰ্মীসকল কিমান পুনৰুজ্জীৱিত হৈছে । শপত গ্ৰহণ অনুষ্ঠানত ড৹ সাহাই জনায় যে, অহা দহ দিনৰ ভিতৰত সকলো নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব । ৰাজ্য চৰকাৰৰ এক সূত্ৰই জনাইছে যে, দলটোৱে শীঘ্ৰেই মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ(Tripura CM Biplab Kumar Deb), উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাৰ নেতৃত্বত এখন বৈঠক অনুষ্ঠিত কৰিব যাতে ৰাজ্যজুৰি নগৰ সমিটিৰ নেতৃত্বলৈ যোৱা নিৰ্বাচিত সদস্যসকলৰ নাম চূড়ান্ত কৰিব পাৰি । অৱশ্যে, কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।
লগতে পঢ়ক : Mob Lynching in Jorhat : কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া