ETV Bharat / bharat

‘তাণ্ডৱ’ ৱেব চিৰিজৰ বিৰুদ্ধে গোচৰ ৰুজু দুই বিজেপি নেতাৰ

author img

By

Published : Jan 17, 2021, 8:47 PM IST

বিজেপিৰ দুই নেতা ৰাম কাদাম আৰু মনোজ কোটাকে শেহতীয়াকৈ মুক্তিলাভ কৰা ছেইফ আলী খানৰ ৱেব চিৰিজ ‘তাণ্ডৱ’ৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ হিন্দু ধৰ্মীয় অনুভূতিক অসন্মান কৰাৰ অভিযোগ তুলি চিৰিজটো নিষিদ্ধকৰণৰ দাবী জনাইছে দুই বিজেপি নেতাই ৷

bjp files complaint against tandav web series
‘তাণ্ডৱ’ ৱেব চিৰিজৰ বিৰুদ্ধে গোচৰ ৰুজু দুই বিজেপি নেতাৰ

চিটাৰা ডেস্ক,17 জানুৱাৰী : অভিনেতা ছেইফ আলী খানৰ শেহতীয়াকৈ মুক্তিলাভ কৰা ৱেব চিৰিজ ‘তাণ্ডৱ’ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দুই বিজেপি নেতা ৷ চিৰিজটোৱে হিন্দু ধৰ্মৰ আবেগত আঘাত সনাৰ অভিযোগ উত্থাপন কৰি চিৰিজৰ নিৰ্মাতাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে বিজেপি নেতা দুগৰাকীয়ে ৷

বিজেপি নেতা ৰাম কাদামে জনোৱা মতে, তাণ্ডৱৰ বিৰুদ্ধে মুম্বাইৰ ঘাটকোপাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ৷ চিৰিজৰ কাহিনীটোৱে হিন্দু ধৰ্মৰ আবেগত আঘাত সানিছে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ তেওঁ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয় ৷

লগতে তেওঁ কয় যে, চিৰিজত এজন অভিনেতাই ভগৱান শিৱৰ ত্ৰিশূল আৰু ডম্বৰু আপত্তিজনকভাৱে ব্যৱহাৰ কৰিছে ৷ এই দৃশ্যই হিন্দু ধৰ্মাৱলম্বীসকলৰ মনত আঘাত সানিছে ৷ ৱেব চিৰিজটোৰ অভিনেতা, নিৰ্মাতা আৰু প্ৰযোজকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷

গোচৰ ৰুজু কৰা আনগৰাকী বিজেপি নেতা মনোজ কোটাকে কয় যে, তেওঁ ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ তাণ্ডৱৰ নিৰ্মাতাই হিন্দু দেৱতাক নস্যাৎ কৰি হিন্দু ধৰ্মীয় অনুভূতিক অসন্মান কৰিছে ৷ গতিকে তেওঁ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ক তাণ্ডৱ চিৰিজটো নিষিদ্ধ কৰিবলৈ অনুৰোধ জনায় ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ 4 জানুৱাৰীত আমাজন প্ৰাইম ভিডিঅ’ত তাণ্ডৱৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷

লগতে পঢ়ক : ৰোগাক্ৰান্ত অনুৰাগীলৈ ভিডিঅ' বাৰ্তা হলীউড ষ্টাৰ ৰেয়ান ৰেনল্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.