ETV Bharat / bharat

টিটিএএডিচি ৰ নিৰ্বাচন: স্পৰ্শকাতৰ বুথ সমূহত উপযুক্ত নিৰাপত্তাৰ দাবী বিজেপিৰ

ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) ৰ নিৰ্বাচনৰ বাবে স্পৰ্শকাতৰ নিৰ্বাচন কেন্দ্ৰসমূহত উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ত্ৰিপুৰা বিজেপিয়ে ৷ ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ অধীনত মুঠ 1,244 টা নিৰ্বাচন কেন্দ্ৰ আছে ৷ প্ৰায় 8 লাখ 64 হাজাৰ ভোটাৰে টিটিএএডিচি ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ 23 ফেব্ৰুৱাৰীত প্ৰকাশ পাব ভোটাৰৰ চূড়ান্ত তালিকা ৷

Tripura_BJP_ADC_Security
BJP demands proper security in sensitive booths
author img

By

Published : Feb 20, 2021, 10:24 PM IST

আগৰতলা, 20 ফেব্ৰুৱাৰী: সমাগত ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত শাসনাধীষ্ঠ বিজেপিয়ে ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা উপযুক্ত সুৰক্ষাৰ দাবী উত্থাপন কৰিছে ৷ টিটিএএডিচি ৰ নিৰ্বাচন যাতে সুকলমে পাৰ পাৰ হৈ যায় তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে স্পৰ্শকাতৰ হিচাপে বিবেচিত হ'ব পৰা নিৰ্বাচন কেন্দ্ৰ সমূহত উপযুক্ত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনাইছে ৷

সংবাদমাধ্যমক উদ্দেশ্যি ত্ৰিপুৰা বিজেপিৰ উপ সভাপতি ৰাজীৱ ভট্টাচাৰ্যই কয় যে, আগন্তুক নিৰ্বাচনৰ কাৰ্যসূচী চূড়ান্ত কৰোতে কিছুমান ধৰ্মীয় উৎসৱৰ কথা বিবেচনা কৰাৰ বাবে এক প্ৰস্তাৱ জনোৱা হৈছে লগতে নিৰ্বাচনৰ বাবে যাতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো সমস্যাৰ উদ্ভৱ নহয়, সেয়ে পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টোৰ উপৰতো আলোকপাত কৰা হৈছে ৷

দলৰ অন্যান্য দাবীসমূহৰ কথা জানিবলৈ দি তেওঁ কয় যে, ৰাজ্যখনত বৰ্তমান আইন শৃংখলাজনিত পৰিৱেশৰ লগতে অন্যান্য পৰিস্থিতিসমূহ নিয়ন্ত্ৰণত আছে যদিও এনে কিছুমান নিৰ্বাচন কেন্দ্ৰ আছে যিসমূহৰ উপৰত গুৰুত্ব আৰোপ কৰাটো যথেষ্ট প্ৰয়োজনীয় ৷ ভোটদান প্ৰক্ৰিয়াত যাতে কোনোধৰণৰ ব্যাঘাত নজন্মে সেই বাবে উক্ত অঞ্চলসমূহত উপযুক্ত নিৰাপত্তা ব্যৱস্থা লোৱাটো দৰকাৰী ৷

ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে বৰ্তমান ৰাজ্যখনত ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ অধীনত মুঠ 1,244 টা নিৰ্বাচন কেন্দ্ৰ আছে আৰু প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি প্ৰায় 8 লাখ 64 হাজাৰ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৷ 23 ফেব্ৰুৱাৰীত ভোটাৰৰ চূড়ান্ত তালিকাখন প্ৰকাশ পাব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত মহাজোঁট বন্ধনঃ টিপ্ৰাত যোগদান আইপিএফটিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.