ETV Bharat / bharat

পেগাচাছক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ মমতা বেনাৰ্জী

author img

By

Published : Jul 21, 2021, 7:30 PM IST

মমতা বেনাৰ্জীৰ মতে ভাৰতীয় জনতা পাৰ্টীয়ে (BJP) দেশৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সকলোৱে আগবাঢ়ি অহা উচিত ৷ নহ'লে দেশ ধ্বংস হোৱাটো নিশ্চিত ।

Mamata on Pegasus row
পেগাচাছক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত মমতা বেনাৰ্জী

নেশ্যনেল ডেস্ক, ২১ জুলাই : দেশজুৰি পেগাচাছক লৈ (Pegasus) চৰ্চা চলি থকাৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে (Mamata Banerjee) প্ৰথমবাৰলৈ এই বৃহৎ চক্ৰান্তৰ বিৰুদ্ধে মুখ খুলিছে । তৃণমূল কংগ্ৰেছৰ শ্বহীদ দিৱসৰ দিনাই পেগাচাছক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী । মুখ্যমন্ত্ৰীগৰাকীৰ মতে ভাৰতীয় জনতা পাৰ্টীয়ে (BJP) দেশৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে । তেওঁৰ মতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সকলোৱে আগবাঢ়ি অহা উচিত, নহ'লে দেশ ধ্বংস হোৱাটো নিশ্চিত ।

মমতা বেনাৰ্জীয়ে এই সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ দ্বাৰা তদন্ত হোৱাটো বিচাৰিছে । একমাত্ৰ ন্যায়পালিকাইহে দেশক ৰক্ষা কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মতে পেগাচাছ বিপদজনক । বেনাৰ্জীৰ মতে, আমি এতিয়া আনৰ সৈতে কথা পাতিব নোৱাৰো আৰু আমি সকলোৱে চোৰাংচোৱাৰ নামতহে অত্যধিক ধন খৰচ কৰি আছো ।

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি তেওঁ কয় যে, বিজেপিক দেশৰ পৰা আঁতৰ নকৰালৈকে সকলো ৰাজ্যতে খেলা চলিব । সেয়ে পশ্চিমবংগত ১৬ আগষ্টত 'খেলা দিৱস'(Khela Divas) উদযাপন কৰিব চৰকাৰে । এই দিৱসত চৰকাৰে দৰিদ্ৰ শিশুসকলক ফুটবল দিব ।

মমতা বেনাৰ্জীৰ মতে, আজি আমাৰ স্বাধীনতা বিপদত পৰিছে । বিজেপিয়ে নাগৰিকৰ স্বাধীনতা বিপন্ন কৰিছে । আনকি বিজেপিয়ে তেওঁলোকৰ নিজৰ মন্ত্ৰীসকলক বিশ্বাস নকৰে আৰু সংস্থাসমূহক অপব্যৱহাৰ কৰিছে ।

বিজেপিৰ বিৰুদ্ধে বিশাল জয় সাব্যস্ত কৰি মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত তেওঁৰ এই ভাষণ ৰাজ্যজুৰি প্ৰচাৰ কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেওঁৰ এই ভাষণ প্ৰচাৰৰ বাবে ৰাজ্যখনৰ সকলো চৰকাৰী কাৰ্যালয়ত বিশাল পৰ্দা ব্যৱহাৰ কৰা হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত সকলো ভোটাৰক ধন্যবাদ জ্ঞাপন কৰে । তেওঁৰ এই বিজয়ত বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকে তেওঁ আশীৰ্বাদ দিয়াৰ বাবে সেই লোকসকলকো ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

উল্লেখ্য যে, ২১ জুলাইৰ শ্বহীদ দিৱসৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ১৯৯৩ চনৰ এই দিনটোতে আৰক্ষীৰ গুলীত নিহত হোৱা ১৩ গৰাকী নিৰীহ লোকৰ প্ৰতি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ভোটদানৰ একমাত্ৰ দস্তাবেজ হিচাপে ভোটাৰ পৰিচয় পত্ৰ বাধ্যতামূলক কৰাৰ দাবী উত্থাপন কৰি পশ্চিমবংগ যুৱ কংগ্ৰেছৰ এক সমদলৰ সময়ত আৰক্ষীয়ে তেওঁলোকক গুলীয়াইছিল ।

লগতে পঢ়ক : আফগান ৰাষ্ট্ৰদূতৰ কন্যাৰ অপহৰণত ভাৰতক সাঙুৰিলে পাকিস্তানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.