ETV Bharat / bharat

কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 17, 2022, 11:02 PM IST

দিল্লীৰ আম আদমী পাৰ্টিৰ কেজৰিৱাল চৰকাৰক বিজেপিৰ তীক্ষ্ণ সমালোচনা বিজেপিৰ । কেজৰিৱাল চৰকাৰে হেল্পলাইন নম্বৰ জাৰী কৰি দুৰ্নীতিৰ বিভিন্ন তথ্য পোহৰলৈ আনিছিল যদিও প্ৰকৃততে সেয়া কোনো কামৰ নাছিল বুলি মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰৰ (BJP attacks arvind kejriwal govt over corruption) ৷ জানো আহক কিয় উত্থাপিত হৈছে এই অভিযোগ ৷

bjp-attacks-arvind-kejriwal-govt-over-corruption
কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

নতুন দিল্লী, 17 এপ্ৰিল : দিল্লীৰ কেজৰিৱাল (CM Arvind Kejriwal) নেতৃত্বাধীন আম আদমী পাৰ্টি চৰকাৰে পঞ্জাৱত দুৰ্নীতিমুক্ত আৰু সৎ স্থাপন কৰাৰ দাবীক লৈ বিজেপিৰ তীব্ৰ সমালোচনা । বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ (BJP national spokesperson Sambit Patra) আৰু দিল্লী বিজেপিৰ ৰাজ্যিক সভাপতি আদেশ গুপ্তাই (Delhi State BJP president Adesh Gupta) বিজেপিৰ মুখ্য কাৰ্যালয়ত এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে (BJP attacks arvind kejriwal govt over corruption )।

সংবাদমেলত, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ দ্বাৰা জাৰী কৰা দুৰ্নীতি বিৰোধী হেল্পলাইনৰ কথা উল্লেখ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে কয় যে, দিল্লীতো কেজৰিৱাল চৰকাৰে একে ধৰণৰ হেল্পলাইন নম্বৰ জাৰী কৰি দুৰ্নীতিৰ বিৰুদ্ধে ডাঙৰ দাবী কৰিছিল কিন্তু বাস্তৱত একো কৰা হোৱা নাছিল ।

তেওঁ কয় যে, প্ৰথম কাৰ্যকালত, 8 জানুৱাৰী, 2014 তাৰিখে কেজৰিৱাল চৰকাৰে এটা হেল্পলাইন নম্বৰ জাৰী কৰিছিল । পিছত দাবী কৰা হৈছিল যে এই হেল্পলাইনত হাজাৰ হাজাৰ ফোন ক'ল প্ৰাপ্ত হৈছিল । ইয়াৰ পিছতে 5 এপ্ৰিল, 2015 তাৰিখে তেওঁৰ দ্বিতীয় কাৰ্যকালত, কেজৰিৱালে দুৰ্নীতিৰ বিৰুদ্ধে দ্বিতীয় আৰু নতুন হেল্পলাইন নম্বৰ - 1031 জাৰী কৰিছিল ।

দাবী কৰা হৈছিল যে 1031 নম্বৰত এক লাখ পঁচিশ হাজাৰ ফোন ক'লযোগে লাভ কৰা এই অভিযোগসমূহৰ ভিত্তিত 152 জন বিষয়াক নিলম্বন কৰা হৈছিল আৰু 35 জন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে আৰটিআইৰ জৰিয়তে আন কিছুমান তথ্য ফাদিল হৈছিল । ইফালে পাত্ৰই কয় যে, এক আৰটিআইৰ উত্তৰত, দিল্লী আৰক্ষীয়ে কৈছিল যে, 1031 ত মুঠ 282 টা ক'ল প্ৰাপ্ত হৈছিল আৰু সাতটা গোচৰত ভিত্তিত এজাহাৰ দাখিল কৰা হৈছিল । এচিবিৰ বিশেষ তথ্যমতে এই হেল্পলাইন নম্বৰত 451 টা অভিযোগ প্ৰাপ্ত হৈছিল আৰু 11 টা গোচৰ পঞ্জীয়ন কৰা হৈছিল ।

একে সময়তে, এজন বিষয়াই আনকি কৈছিল যে, ইয়াৰ কোনো ৰেকৰ্ড ৰখা হোৱা নাই কিয়নো সেই সময়ত এই কামৰ বাবে ব্যক্তিগত লোকসকলক নিয়োগ কৰা হৈছিল । ইফালে তেওঁ অভিযোগ কৰি কয় যে, এই হেল্পলাইন নম্বৰটো পিছত এটা ক’ভিড হেল্পলাইন নম্বৰলৈ ৰূপান্তৰিত কৰা হৈছিল । ইফালে, একে সময়তে দিল্লী বিজেপিৰ ৰাজ্যিক সভাপতি আদেশ গুপ্তাই মাফিয়াগিৰি আৰু ধনৰ অবৈধ আদান প্ৰদানৰ লৈ আপ নেতাসকলৰ তীব্ৰ সমালোচনা কৰে ।

লগতে, তেওঁ দিল্লীৰ নগৰ উন্নয়ন মন্ত্ৰী সতীন্দৰ জৈনৰ বিৰুদ্ধেও কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে, ১৬.৩৮ কোটি টকা ধনৰ অবৈধ আদান প্ৰদানৰ বাবে সতীন্দৰ জৈন পাঁচ বছৰ ধৰি কেন্দ্ৰীয় সংস্থাসমূহৰ নিৰীক্ষণত আছে ।

লগতে পঢ়ক : কংগ্ৰেছ এৰি তৃণমূলত যোগদান ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.