ETV Bharat / bharat

Uniform Civil Code : অৰুণাচলত অভিন্ন দেৱানী বিধিৰ বিৰোধিতা কৰিব বিজেপিৰ সহযোগী এনপিপিয়ে - NPP oppose Uniform Civil Code in Arunachal

অভিন্ন দেৱানী বিধিয়ে বিবাহ, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰৰ ওপৰত এক উমৈহতীয়া আইন বুজায় । যি বিধি ধৰ্ম, জনজাতি বা অন্যান্য স্থানীয় ৰীতি-নীতি নিৰ্বিশেষে সকলো ভাৰতীয় নাগৰিকৰ বাবে প্ৰযোজ্য হ'ব ।

Uniform Civil Code
Uniform Civil Code
author img

By

Published : Jul 9, 2023, 3:41 PM IST

নিউজ ডেস্ক, ৯ জুলাই : নেচনেল পিপ'লছ পাৰ্টীৰ (এনপিপি) অৰুণাচল প্ৰদেশ গোটে উত্তৰ-পূবৰ ৰাজ্যখনত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) অর্থাৎ অভিন্ন দেৱানী বিধি তাৎক্ষণিকভাৱে ৰূপায়ণৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছে । শনিবাৰে দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত এই সিদ্ধান্ত লোৱা বুলি এনপিপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পাকঙ্গা বাগে জনাইছে ।

এনপিপিৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি লিখা চায়াই সাংবাদিকৰ আগত কয়, "যদিও এনপিপি উন্নয়নমূলক বিষয়ত বিজেপিৰ সৈতে মিত্ৰতাত আছে, কিন্তু আঞ্চলিক দলটোৱে নিজৰ আদৰ্শ অনুসৰণ কৰে ।" দলটোৱে সৰ্বসন্মতিক্ৰমে অভিন্ন দেৱানী বিধিৰ বিৰোধিতা কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে । ৰাজ্যখনৰ বহুধা বিভক্ত জাতি আৰু জনজাতীয় গঠন শৈলীৰ লগতে ইয়াৰ শক্তিশালী পৰম্পৰাগত আৰু ৰীতি-নাতিগত পৰিচয়ৰ কথা উল্লেখ কৰি এই সিদ্ধান্ত লোৱা বুলি বাগে কয় ।

এনপিপিয়ে ইউচিচিৰ বিৰোধিতা কৰাৰ কাৰণ বৰ্ণনা কৰি বাগে কয় যে যিহেতু অৰুণাচল প্ৰদেশৰ নিজা একক আইন আছে, সেয়ে এনপিপিয়ে কিছুমান সংশোধনৰ জৰিয়তে পৰম্পৰাগত আইনৰ সৈতে আগবঢ়াৰ বাবে সৰ্বসন্মতিক্ৰমে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে । তেওঁ কয়, "ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ পৰম্পৰাগত আইনসমূহক জনজাতীয় প্ৰথাৰ সৈতে সংৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় সংশোধনৰ সৈতে বিধিগত কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত ।"

উল্লেখ্য, ইউচিচিয়ে বিবাহ, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰৰ ওপৰত এক উমৈহতীয়া আইনক বুজায়, যিখন ধৰ্ম, জনজাতি বা অন্যান্য স্থানীয় ৰীতি-নীতি নিৰ্বিশেষে সকলো ভাৰতীয় নাগৰিকৰ বাবে প্ৰযোজ্য হ'ব । আইন আয়োগে ৰাজনৈতিকভাৱে সংবেদনশীল বিষয়টোৰ ওপৰত ৰাজহুৱা আৰু স্বীকৃত ধৰ্মীয় সংগঠনকে ধৰি অংশীদাৰসকলৰ পৰা মতামত বিচাৰি ১৪ জুনত ইউচিচিৰ ওপৰত এক নতুন পৰামৰ্শ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ।

আনহাতে, বৈঠকত গৃহীত আন এক প্ৰস্তাৱ হৈছে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰি নতুন পেঞ্চন আঁচনি (এনপিএছ) প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰা । আঞ্চলিক দলটোৰ ৰাজ্যিক কাৰ্যকৰী সভাপতিজনে কয় যে দলটোৰ কাৰ্যনিৰ্বাহক সভাত গৃহীত প্ৰস্তাৱসমূহে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ ভেটি গঠন কৰিব । উল্লেখ্য, ২০২৪ চনত অৰুণাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

এনপিপি এটা ধৰ্মনিৰপেক্ষ দল আৰু কোনো ব্যক্তি বা ধৰ্মীয় গোটৰ বিৰুদ্ধে দলটোৱে কোনো অন্যায়মূলক কাম নকৰে । দলটোৰ একমাত্ৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ সামগ্ৰিক বিকাশ আৰু কল্যাণ নিশ্চিত কৰা, চায়াই কয় । উল্লেখ্য যে ৬০ জনীয়া অৰুণাচল প্ৰদেশ বিধানসভাত এনপিপিৰ চাৰিজন বিধায়ক আছে ।

লগতে পঢ়ক :Manipur violence: কাংপকপি আৰু বিষ্ণুপুৰ জিলাত 24 ঘন্টাত 33 টা বাংকাৰ ধ্বংস নিৰাপত্তাৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.