ETV Bharat / bharat

ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ বিজেপিৰ

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 4:16 PM IST

ৰাজস্থানৰ নিৰ্বাচন সম্পৰ্কত কংগ্ৰেছ নেতাগৰাকীয়ে এক্সত এটা পোষ্ট দিছিল । সেই পোষ্টটোৰ পিছতে বিজেপিয়ে নিৰ্বাচন আয়োগত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰিছে । নিৰ্বাচনী আচৰণ বিধি উলংঘন সম্পৰ্কত ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বিজেপিয়ে ।

BJP accuses Rahul Gandhi of violating poll guidelines
ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ বিজেপিৰ

নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : ৰাজস্থানত আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । তাৰ মাজতে ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ উঠিছে । ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে । কংগ্ৰেছ নেতাগৰাকীৰ সামাজিক মাধ্যমৰ এটা পোষ্টক লৈ এই অভিযোগ আনিছে বিজেপিয়ে । বিজেপিয়ে নিৰ্বাচন আয়োগক ৰাহুল গান্ধীৰ সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰিবলৈ আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে এক্সৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে লোকসকলক কংগ্ৰেছ দলটোক বাছনি কৰিবলৈ আহ্বান জনাই লিখিছিল, "ৰাজস্থানে বিনামূলীয়া চিকিৎসা বাছনি কৰিব । ৰাজস্থানে সস্তীয়া গেছ চিলিণ্ডাৰ বাছনি কৰিব । ৰাজস্থানে সুদ-মুক্ত কৃষি ঋণ বাছনি কৰিব । ৰাজস্থানে ইংৰাজী শিক্ষা বাছনি কৰিব । ৰাজস্থানে অ'পিএছ বাছনি কৰিব । ৰাজস্থানে জাতিগত পিয়ল বাছনি কৰিব ।"

  • ✅ राजस्थान चुनेगा मुफ्त इलाज
    ✅ राजस्थान चुनेगा सस्ता गैस सिलेंडर
    ✅ राजस्थान चुनेगा ब्याज मुक्त कृषि कर्ज़
    ✅ राजस्थान चुनेगा अंग्रेज़ी शिक्षा
    ✅ राजस्थान चुनेगा OPS
    ✅ राजस्थान चुनेगा जाति जनगणना

    आज, बड़ी संख्या में जा कर, इस्तेमाल करें अपना मताधिकार।

    चुनिए जनता की हितकारी,…

    — Rahul Gandhi (@RahulGandhi) November 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছ নেতাগৰাকীৰ এই পোষ্টটোৰ পাছতে বিজেপি দলটো ক্ষোভিত হৈ পৰিছে । বিজেপিয়ে নিৰ্বাচন আয়োগলৈ পত্ৰ লিখিছে আৰু কৈছে যে তেওঁৰ পোষ্টটোৱে ৪৮ ঘণ্টাৰ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰে য'ত যিকোনো ধৰণৰ প্ৰচাৰ নিষিদ্ধ কৰা হয় । লগতে কংগ্ৰেছ নেতাগৰাকীৰ একাউণ্টটো বন্ধ কৰিবলৈ আৰু তাৎক্ষণিকভাৱে তেওঁৰ পোষ্ট ডিলিট কৰিবলৈ বিজেপিয়ে আহ্বান জনায় । বিজেপিয়ে কয় যে নিৰ্বাচনী পেনেলে ৰাজস্থানৰ মুখ্য নিৰ্বাচনী বিষয়াকো অপৰাধমূলক অভিযোগ দাখিল কৰিবলৈ আৰু গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিব লাগে ।

ইতিমধ্যে বিজেপিৰ কেইবাগৰাকী নেতাই কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে মন্তব্য কৰা দেখা গৈছে । অৱশ্যে বিজেপিক কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বাকী কংগ্ৰেছ নেতাসকলে ইয়াৰ কি প্ৰত্যুত্তৰ দিয়ে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :বিশেষ ৰাজ্যৰ দাবীৰে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ বিহাৰ চৰকাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.