নিউজ ডেস্ক, 17 জানুৱাৰী: ভাটিন্দাৰ ৰক্তদাতা বিৰু বাঞ্চাল সমগ্ৰ অঞ্চলটোত ব্লাড মেচিন বা তেজৰ যন্ত্ৰ হিচাপে পৰিচিত (Blood Machine of Bathinda) ৷ বিৰুৱে বৰ্তমানলৈকে 69 বাৰতকৈও অধিক ৰক্তদান কৰিছে ৷ তেওঁৰ পত্নী আৰু সন্তানো এই ৰক্তদান অভিযানৰ সৈতে জড়িত ৷ তেওঁলোকে নিয়মীয়াকৈ ৰক্তদান কৰে ৷ 1998 পোন প্ৰথমবাৰৰ বাবে বিৰুৱে ৰক্তদান কৰিছিল (Blood Machine Biru Bansal) ৷
কেনেদৰে আৰম্ভ হৈছিল এই অভিযান:
ব্লাড মেচিন ৰূপে জনাজাত বিৰু বাঞ্চালে এই অভিযান আৰম্ভ কৰিছিল 1998 চনত ৷ ইটিভিৰ সাংবাদিকৰ আগত বিৰুৱে কয় যে, 1998 চনৰ পৰাই তেওঁ ৰক্তদান অভিযান ‘মহা দান’ৰ সৈতে জড়িত হৈ আছে (Khoon Daan Maha Daan) ৷ বৰ্তমানলৈকে তেওঁ অতিকমেও 69 বাৰ ৰক্তদান কৰিছে ৷ তেওঁ কয় যে, বৰ্তমান তেওঁৰ পৰিয়ালৰ সদস্যসকলো এই অভিযানৰ সৈতে জড়িত ৷ তেওঁৰ পত্নী আৰু সন্তানেও ৰক্তদান অভিযানলৈ অৱদান যোগাই আহিছে ৷ এতিয়ালৈকে প্ৰায় 100 মানুহে এই অভিযানত যোগ দিছে আৰু ভাটিন্দাত ব্যাপকভাৱে প্ৰসাৰ লাভ কৰিছে এই অভিযানে (Blood donation camp by Biru Bansal) ৷
এছিয়া সৰ্বাধিক ৰক্তদানকাৰী চহৰ ভাটিন্দা:
বিৰু বাঞ্চালে ভাটিন্দাক এছিয়াৰ ভিতৰতে সৰ্বাধিক ৰক্তদানকাৰী চহৰৰ ভিতৰত এখন কৰি তুলিছে (Most blood donor city of Asia) ৷ বিৰু বাঞ্চালে কয় যে, প্ৰথম অৱস্থাত লোকসকলে ৰক্তদান কৰিবলৈ ওলাই অহা নাছিল ৷ কিয়নো সেই সময়ত মানুহে তেজ দান নকৰে বুলি এক ভুৱা প্ৰচাৰ চলিছিল ৷ কিন্তু লাহে লাহে লোকসকলক ৰক্তদান সন্দৰ্ভত সজাগ কৰা হ’ল ৷ বৃহৎ পৰিসৰত প্ৰচাৰ চলোৱাৰ অন্তত লোকসকল আগবাঢ়ি আহিল আৰু তেজ দিবলৈ ইচ্ছুক হ’ল ৷
ৰক্তদান শাৰীৰিকভাৱে দুৰ্বল নকৰে:
বিৰু বাঞ্চালে উল্লেখ কৰে যে, যিসকল লোকে ৰক্তদান কৰে তেওঁলোক কেতিয়াও দুৰ্বল নহয় ৷ ৰক্তদানৰ ক্ষমতা থকা এজন লোকে আন এজনৰ মূল্যৱান জীৱন বচাব পাৰে ৷ নিয়মীয়াকৈ ৰক্তদান কৰা লোকসকল কেঞ্চাৰ জাতীয় ৰোগৰ পৰা হাতসাৰি থাকিব পাৰে ৷ ৰক্তদান অভিযানৰ দ্বাৰা সংগ্ৰহ হোৱা তেজ গৰ্ভৱতী, থেলাছেমিয়া আৰু ডায়েলাইচিছ কৰা ৰোগীক প্ৰদান কৰা হয় ৷ যাৰ দ্বাৰা তেওঁলোকৰ জীৱন ৰক্ষা পৰিব পাৰে ৷ বাঞ্চালে কয় যে, সমাজত কিছু ভ্ৰান্ত চৰ্চা এতিয়াও অৱশ্যে চলি আছে ।
তেজ বিক্ৰী কৰা নহয়:
বিৰু বাঞ্চালে কয় যে, মানুহে কিছুমান ভ্ৰান্ত ধাৰণা লৈ থাকে যে, দান কৰা তেজ বিক্ৰী কৰা হয় ৷ কিন্তু এই কথা সত্য নহয় ৷ ব্যক্তিগত ব্লাড বেংক সমূহে তেজ সংৰক্ষণৰ বাবদহে এটা মাননি লয় ৷ ইয়াৰ লগতে তেওঁ কয় যে, যদি কোনো এগৰাকী ৰোগীক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, আৰু তেওঁক তেজৰ প্ৰয়োজন হ’লে বিনামূলীয়াকৈ তেজ লাভ কৰে ৷ ৰোগীৰ জীৱন ৰক্ষাৰ বাবে অধিক লোকক ৰক্তদান কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাই বিৰু বাঞ্চালে ৷
লগতে পঢ়ক: Shiv sena Symbol Dispute: 20 জানুৱাৰীত নিশ্চিত হ’ব শিৱসেনাৰ প্ৰতীক চিহ্নৰ প্ৰকৃত অধিকাৰী