ETV Bharat / bharat

Birbhum killings : তৃণমূল কংগ্ৰেছৰ নেতাক চিবিআইৰ জেৰা

কলকতা উচ্চ ন্যায়ালয়ে বীৰভূমৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল চিবিআইক(Calcutta HC orders CBI Probe in Birbhum case) । আদালতৰ নিৰ্দেশ অনুসৰি, ৭ এপ্ৰিলৰ ভিতৰত চিবিআয়ে দাখিল কৰিব লাগিব এই কাণ্ডৰ প্ৰতিবেদন ৷ ঘটনা সন্দৰ্ভত চিবিআয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল তৃণমূল কংগ্ৰেছৰ নেতা আনাৰুল হুছেইন (CBI interrogated TMC leader) ৰ লগতে অন্যান্য কেইবাগৰাকীকো অভিযুক্তক ৷

author img

By

Published : Mar 28, 2022, 1:57 PM IST

Birbhum killings: CBI questions arrested TMC leader, records statement of injured in hospital
তৃণমূল কংগ্ৰেছৰ নেতাক চিবিআইৰ জেৰা

নেশ্যনেল ডেস্ক, 28 মাৰ্চ: বীৰভূম হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত থকা চিবিআয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেতা আনাৰুল হুছেইনৰ লগতে আন কেইবাগৰাকীও অভিযুক্তক (TMC leader arrested by CBI)৷ অভিযুক্তসকলৰ জেৰা অব্যাহত ৰখাৰ লগতে এই হিংসাত্মক ঘটনাত আহত ব্যক্তিসকলৰ ভাষ্য গ্ৰহণ কৰে ৷

উল্লেখ্য় যে, শুকুৰবাৰে পশ্চিমবংগত উপস্থিত হৈছিল দিল্লীস্থিত ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ (চিএফএছএল) বিশেষজ্ঞসকল ৷ অভিযানকাৰী দলটোৱে 21 মাৰ্চৰ নিশা সংঘটিত বীৰভূমৰ হিংসাত্মক ঘটনাৰ পিছত বগটুই গাঁৱত উপস্থিত হৈ ঘটনাস্থলীৰ পৰা কিছু নমুনা সংগ্ৰহ কৰে ।

চিবিআইৰ শীৰ্ষ বিষয়াসকলে বগটুইৰ সমীপৰ গাঁৱখন পৰিদৰ্শন কৰে (CBI on Birbhum) ৷ য'ত এগৰাকী স্থানীয় তৃণমূল কংগ্ৰেছৰ পঞ্চায়ত পৰ্যায়ৰ নেতাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত আঠগৰাকীকৈ লোকক বাসগৃহত জীৱন্তে জ্বলাই হত্যা কৰা হৈছিল (Birbhum carnage) । নিৰাপত্তাৰ স্বাৰ্থত চিবিআইৰ উক্ত দলটোৰ সৈতে ঘটনাস্থলীত উপস্থিত আছিল চিআৰপিএফৰ জোৱানসকল ৷

বিশেষ অনুসন্ধানকাৰী দল গঠনৰ পূৰ্বে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ চলাই আছিল অনুসন্ধান । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দলীয় কৰ্মী-নেতাসহ সকলো অভিযুক্তকে আটক কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ কেইঘণ্টামানৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তৃণমূল নেতা আনাৰুল হুছেইনক ৷ পৰৱৰ্তী সময়ত আটকাধীন নেতাগৰাকীক ৰামপুৰহাট থানাৰ পৰা চিবিআইৰ কাৰ্যালয়লৈ নি জেৰা(CBI interrogated TMC leader) কৰা হয় ৷ এই সময়চোৱাত টিএমচিৰ নেতাগৰাকীৰ সৈতে আন দুজন অভিযুক্তক জেৰা কৰাটো সদৰী কৰে চিবিআইৰ কাৰ্যালয়ে ৷

কলকাতা উচ্চ ন্যায়ালয়ে পশ্চিমবংগ আৰক্ষীক গোচৰটোৰ সন্দৰ্ভত কৰায়ত্ত কৰা প্ৰতিগৰাকী লোকৰ জিম্মা চিবিআইক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ চিবিআইৰ আন এটা দলে দেওবাৰে ৰামপুৰহাট চিকিৎসালয়ত উপস্থিত হৈ চাৰিজনকৈ আহত লোকৰ ভাষ্য গ্ৰহণ কৰে বুলি চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰে ৷ তদুপৰি ঘটনা সন্দৰ্ভত তদন্তকাৰী দলটোৱে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ সৈতেও আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

বহুসংখ্যক পৰিয়ালে এই হিংসাত্মক ঘটনাত নিজৰ সদস্যসকলক হেৰুওৱাৰ পিছত বগটুই এৰি প্ৰায় 40 কিল’মিটাৰ দূৰত্বত অৱস্থিত বাটাচপুৰত আশ্ৰয় গ্ৰহণ কৰে ৷ উল্লেখ্য যে, উচ্চ ন্যায়ালয়ে চিবিআইক ৭ এপ্ৰিলৰ ভিতৰত এই ঘটনাৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে চাওক: Birbhum Massacre: চিবিআইক পশ্চিমবংগৰ বীৰভূম গোচৰৰ তদন্তৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.