নেশ্যনেল ডেস্ক, ১৯ মাৰ্চ: সমাগত ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচন । 'এক ত্ৰিপুৰা, শ্ৰেষ্ট ত্ৰিপুৰা' নিৰ্মাণ আৰু উন্নয়নমূলক কাম কৰাৰ লক্ষ্য আগত ৰাখি ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানত নামিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । বৃহস্পতিবাৰে গোমাটি জিলাৰ উদয়পুৰৰ গাৰ্জিৰ নটিনটিলা ৱাংগালত অনুষ্ঠিত জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
৬ গৰাকী বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চি পি এম আৰু জি এম পিক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে, চলিত বৰ্ষৰ স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচন পূৰ্বৰ নিৰ্বাচনতকৈ পৃথক । কিয়নো এইবাৰ বিজেপি আৰু আইপিএফটিয়ে একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । বিপ্লৱ কুমাৰ দেৱে লগতে কয় যে, যোৱা ১৫ বছৰে পূৰ্বৰ চৰকাৰে স্বায়ত্ব শাসিত জিলা পৰিষদৰ অধীনৰ অঞ্চলত বাস কৰা ৰাইজক শোষণ কৰি আহিছিল ।
পূৰ্বৰ চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মাত্ৰ ২৪ হাজাৰ লোকৰ নামত গৃহ আবণ্টন দিছিল । ৰাজ্যখনত নতুন বিজেপি-আইপিএফটি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত এক লাখ আশী হাজাৰ বাসগৃহ নিৰ্মাণৰ বাবে জৰীপ চলি আছে বুলি তেওঁ মন্তব্য কৰে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি-আইপিএফটি চৰকাৰে পথ নিৰ্মাণৰ বাবে ৯৬ কোটি টকা বুলি ধাৰ্য কৰিছে । আনহাতে, কমিউনিষ্টসকলে থলুৱা লোকসকলক সন্মান নকৰে বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ত্ৰিপুৰাৰ জনসাধাৰণক কমিউনিষ্টসকলৰ কবলৰ পৰা মুক্তি দিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত যাতে কমিউনিষ্টসকলে আসন লাভৰ বাবে ভোট নাপায় সেয়া নিশ্চিত কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে । বৃহস্পতিবাৰে এই নিৰ্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ড০ মাণিক সাহা, বিধায়ক অৰুণ চন্দ্ৰ ভৌমিক, বিপ্লৱ কুমাৰ ঘোষ, ৰঞ্জিত দাস, বিজেপিৰ গোমাটি জিলাৰ সভাপতি অভিষেক দেৱ ৰয় আৰু গোমাটি জিলাৰ প্ৰভাৰী ৰতন ঘোষ উপস্থিত থাকে ।