ETV Bharat / bharat

Cyclone Biparjoy Enters Rajasthan : এইবাৰ ৰাজস্থানত বিপৰ্যয় - Cyclone Biparjoy hits Gujarat

ধুমুহাৰ প্ৰভাৱৰ বাবে ৰাজস্থানৰ ৫ খন জিলাত অতি ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে । আনহাতে, ১৩ খন জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।

Cyclone Biparjoy Enters Rajasthan
Cyclone Biparjoy Enters Rajasthan
author img

By

Published : Jun 16, 2023, 1:20 PM IST

নিউজ ডেস্ক, ১৬ জুন : বিপৰ্যয় ধুমুহা প্ৰৱেশ কৰিছে ৰাজস্থানত । বৃহস্পতিবাৰে নিশা বাৰমেৰ জিলাৰ বাখাচাৰত বিপৰ্যয় প্ৰৱেশ কৰিছে । বিধ্বংসী ধুমুহাৰ প্ৰভাৱ গাঁওখনৰ নিকটৱৰ্তী চেদৱা আৰু ধোৰিমান্নাৰ সীমান্ত অঞ্চলতো দেখা গৈছে । আনহাতে, বৃহস্পতিবাৰে নিশা প্ৰচণ্ড ধুমুহাৰ সৈতে পাতলীয়া বৰষুণ আৰম্ভ হয় । এই ধুমুহাৰ ফলত অঞ্চলটোত বৈদ্যুতিক খুঁটা, গছ-গছনি আদি উভালি পৰে ।

ইফালে জিলাখনৰ ধোৰিমান্না চহৰত এটা কেঁচাঘৰৰ চাল খহি পৰে । অৱশ্যে ঘটনাটোত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে । আনহাতে, বহুতো অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাস্তাবোৰ ক্ষতিগ্ৰস্ত হৈছে । ধুমুহাৰ ফলত হ'ব পৰা অৰ্থনৈতিক ক্ষতিৰ পৰা বাচিবলৈ মানুহে বিভিন্ন ধৰণৰ যত্ন লোৱা দেখা যায় । প্ৰাপ্ত ছবিত এজন গাঁওবাসীয়ে তেওঁৰ মটৰচাইকেলখন গছত বান্ধি থোৱা পৰিলক্ষিত হয় ।

বৃহস্পতিবাৰে আবেলিৰ পৰা পাকিস্তান আৰু গুজৰাটৰ কচ্ছ সীমান্তৱৰ্তী বৰমেৰ জিলাৰ গাঁৱত বৰষুণ আৰম্ভ হয় । বৰষুণ এতিয়ালৈকে মাজে মাজে অব্যাহত আছে । আনহাতে, ঠাই বিশেষে ধাৰাসাৰৰ পৰা পাতলীয়া বৰষুণ পৰিলক্ষিত হৈছে । অৱশ্যে এতিয়ালৈকে কোনো ডাঙৰ ক্ষতিৰ বাতৰি পোৱা হোৱা নাই । কিন্তু বৈদ্যুতিক খুঁটা উভালি পৰাৰ ফলত বহুতো গাঁৱত বিদ্যুৎ যোগান ব্যাহত হৈছে । ধুমুহাৰ পৰিপ্ৰেক্ষিতত সীমান্তৱৰ্তী গাঁওসমূহত সেনা, বিএছএফ, এছডিআৰএফকো মোতায়েন কৰা হৈছে ।

আনহাতে, প্ৰশাসনে নিৰন্তৰ গাঁওবোৰ পৰ্যবেক্ষণ কৰি আছে । জানিব পৰা মতে, শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাৰ পৰা তাত বৰষুণ আৰম্ভ হ'ব । প্ৰশাসনে তীব্ৰ ধুমুহাৰ লগতে অহা বৰষুণৰ লগত মোকাবিলা কৰিবৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱা দেখা গৈছে । সীমান্তৰ বাৰমেৰ জিলাৰ উপৰি গুজৰাটৰ কাষৰীয়া চিৰোহী জিলাত তীব্ৰ ধুমুহা আৰম্ভ হৈছে । বৃহস্পতিবাৰে নিশা বিপৰ্যয় ৰাজস্থানত প্ৰৱেশ কৰাৰ পূৰ্বেই দক্ষিণ-পশ্চিম জিলা বাৰমেৰ, জালোৰ, জয়ছলমেৰত তীব্ৰবেগী বতাহ বলা আৰম্ভ হৈছিল । বহু ঠাইত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হয় । যোধপুৰ সংমণ্ডলৰ উপৰি এই ধুমুহাৰ প্ৰভাৱ উদয়পুৰ, আজমিৰ আৰু জয়পুৰতো দেখা গৈছে ।

এই জিলাসমূহত প্ৰতিঘণ্টাত ৩০-৬০ কিলোমিটাৰ বেগত ধুমুহাৰ লগতে মেঘাচ্ছন্ন আকাশ আৰু পাতল বৰষুণ দেখা গৈছে । বাৰমেৰৰ গ্ৰামাঞ্চলত সন্ধিয়ালৈকে ২০ মিঃমিঃ বৰষুণ হয় । এই ধুমুহাৰ প্ৰভাৱৰ বাবে ৰাজস্থানৰ ৫ খন জিলাত অতি ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে । আনহাতে, ১৩ খন জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে । লগতে ধাৰাসাৰ বৰষুণৰো ভৱিষ্যদ্বাণী কৰা হৈছে । বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুযায়ী, আগন্তুক ২৪ ঘণ্টাত ৰাজস্থানৰ সকলো জিলাত ২০০ মিঃমিঃ বা ততোধিক বৰষুণ হ'ব পাৰে ।

বতৰ বিজ্ঞান বিভাগৰ মতে, পাকিস্তান-গুজৰাট সীমান্তৰ ওচৰৰ বাৰমেৰৰ পৰা এই ধুমুহা ৰাজস্থানত প্ৰৱেশ কৰাৰ খবৰ পোৱা গৈছে । শুকুৰবাৰে সন্ধিয়াৰ শেষৰ ফালে যোধপুৰৰ বালোত্ৰাৰ সীমালৈ আহি ই দুৰ্বল হ'ব পাৰে । বাৰমেৰ, জালোৰ, জয়ছলমেৰ, যোধপুৰ, পালি, চিৰোহী, বিকানেৰ, ৰাজচামান্দ আৰু উদয়পুৰ ৰাজ্যখন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে । বৰমেৰ আৰু জালোৰ জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছে । বতৰ বিজ্ঞান বিভাগৰ অনুমান অনুযায়ী ২৪ ঘণ্টাত এই জিলাসমূহত ২০০ মিঃমিঃ বা ততোধিক বৰষুণ হ'ব পাৰে । পালি, যোধপুৰ, জয়ছলমেৰ, উদয়পুৰ আৰু চিৰোহী জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক :Cyclone Biparjoy : গুজৰাটত বিপৰ্যয়ৰ তাণ্ডৱ: আজি ৰাজস্থানত কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.