ETV Bharat / bharat

বিহাৰ চৰকাৰলৈ ডিজিটেল ইণ্ডিয়া এৱাৰ্ড

author img

By

Published : Dec 28, 2020, 7:42 AM IST

বিহাৰ চৰকাৰে লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ডিজিটেল ইণ্ডিয়া এৱাৰ্ড ৷ COVID-19 মহামাৰীৰ সময়ত ডিজিটেল মাধ্যমেৰে বিত্তীয় সহায় প্ৰদান কৰাৰ বাবে বিহাৰ চৰকাৰলৈ এই বঁটা প্ৰদান কৰা হ'ব ৷ ৩০ ডিচেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কৱিণ্ডে এই বঁটা প্ৰদান কৰিব ৷

Bihar wins award for transferring money to beneficiaries' accounts in COVID time
বিহাৰ চৰকাৰলৈ ডিজিটেল ইণ্ডিয়া এৱাৰ্ড

নেশ্যনেলডেস্ক,28 ডিচেম্বৰ: COVID-19 মহামাৰীৰ সময়ত সহায়ৰ প্ৰয়োজন হোৱা হিতাধিকাৰীসকলৰ একাউণ্টলৈ পোনপটীয়াকৈ বিত্তীয় সহায় প্ৰদান কৰাৰ বাবে বিহাৰ চৰকাৰৰ এই বছৰৰ ই-শাসনত অভিনৱ পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ডিজিটেল ইণ্ডিয়া এৱাৰ্ড লাভ কৰিছে বুলি এক আনুষ্ঠানিক বিবৃতিত দেওবাৰে সদৰী কৰে ।

উল্লেখ্য যে, বিহাৰৰ বাহিৰত থকা প্ৰায় 21 লাখৰো অধিক কৰ্মীক "বিহাৰ সহয়াতা" নামৰ এপৰ জৰিয়তে বিত্তীয় সহায় আগবঢ়াইছিল ৷ মুখ্যমন্ত্ৰী সচিবালয়, দুৰ্যোগ ব্যৱস্থাপনা আৰু ৰাষ্ট্ৰীয় তথ্য প্ৰণালী কেন্দ্ৰ (এনআইচি)ক "মহামাৰী শিতান"ৰ ডিজিটেল ইণ্ডিয়া এৱাৰ্ড 2020 যুটীয়ীভাৱে বিজয়ী হিচাপে নিৰ্বাচন কৰা হৈছে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কৱিণ্ডে ৩০ ডিচেম্বৰত নতুন দিল্লীত বিজয়ীসকলক ডিজিটেল ইণ্ডিয়া বঁটা প্ৰদান কৰিব।

ভাৰতৰ ৰাষ্ট্ৰীয় পোৰ্টেলৰ অধীনত ঘোষণা কৰা ডিজিটেল ইণ্ডিয়া বঁটাসমূহে ডিজিটেলৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে সকলোকে আগবঢ়াই আনিবলৈ আৰু সকলো চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰেৰণা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই বঁটাসমূহ প্ৰদান কৰাৰ অভিনৱ প্ৰচেষ্টা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে।

লগতে পঢ়ক: আইএলপি মনিপুৰলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ উপহাৰঃ অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.