ETV Bharat / bharat

Bihar Train Accident : বক্সাৰত এতিয়াও মুকলি হোৱা নাই ৰে'লপথ, বহু ৰে'লৰ পথ সলনি - Train routes changed after Bihar train accident

বক্সাৰৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত হোৱা দুৰ্ঘটনাৰ ফলত প্ৰায় ১০০ মিটাৰ ৰে'লপথ ভাগি গৈছে । দিল্লী-হাওৰা ৰে'লপথ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে । বহুতো ৰে'লৰ পথ সলনি কৰা হৈছে আৰু প্ৰায় ৩০ খন ৰে'ল বাতিল হৈছে ।

Bihar Train Accident
বক্সাৰত এতিয়াও মুকলি হোৱা নাই ৰে'লপথ
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:40 AM IST

নেশ্যনেল ডেস্ক,১৩ অক্টোবৰ : বিহাৰৰ বক্সাৰৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপৰ ৰে'ল দুৰ্ঘটনাক লৈ চৰ্চা অব্যাহত আছে । উদ্ধাৰ অভিযান চলি আছে যদিও ৰে'লপথটো এতিয়া ৰে'ল চলাচলৰ বাবে সাজু হৈ উঠা নাই । দিল্লী-হাওৰা ৰে'ল পথটো প্ৰায় ৩৩ ঘণ্টা ধৰি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে । অৱশ্যে, বহুতো ৰে'লৰ পথ সলনি কৰা হৈছে আৰু প্ৰায় ৩০ খন ৰে'ল বাতিল কৰা হৈছে । একে সময়তে, ৰে'ল দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ বক্সাৰত ৰে'ল সুৰক্ষাৰ সৈতে জড়িত বিষয়াসকল উপস্থিত হৈছে আৰু দুৰ্ঘটনা সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি আছে । বিষয়টো ৰে'লৱেৰ সুৰক্ষাৰ সৈতে সম্পৰ্কিত বাবে বেছিভাগ ৰে'ল সুৰক্ষা বিষয়াই দুৰ্ঘটনাস্থলীৰ বুজ লোৱা দেখা গৈছে ।

উল্লেখ্য যে এই দুৰ্ঘটনাত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'লখনৰ বহুকেইটা ডবা লাইনচ্যুত হৈছিল আৰু ৩ টা ডবা সম্পূৰ্ণৰূপে উলটি গৈছিল । দুৰ্ঘটনাটোত ৪ গৰাকী যাত্ৰীৰ মৃত্যু হয় । আনহাতে ৭৮ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে । আহতসকলক বক্সাৰ, ভোজপুৰ আৰু পাটনা এইমছত চিকিৎসা কৰি থকা হৈছে । ৰাজধানী পাটনাৰ এইমছত ১২ গৰাকী ৰোগীক ভৰ্তি কৰোৱা হৈছে । আটাইকেইজনকে বিপদমুক্ত বুলি কোৱা হৈছে ।

নিহতসকল ক্ৰমে ঊষা ভাণ্ডাৰী আৰু তেওঁৰ ৮ বছৰীয়া কন্যা আকৃতি বুলি চিনাক্ত কৰা হৈছে । ঊষা ভাণ্ডাৰী অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ জীয়াৰী। নিহত আন দুগৰাকী যুৱক ।

ইফালে, দুৰ্ঘটনাটোৰ পাছতে ৰঘুনাথপুৰত বিভিন্ন ৰাজনৈতিক নেতাৰ আগমন দেখা গৈছে । কেন্দ্ৰীয় মন্ত্ৰী তথা বক্সাৰৰ সাংসদ অশ্বিনী চৌবে, বিজেপিৰ ৰাজ্যিক সভাপতি সম্ৰাট চৌধুৰী আৰু জেএপিৰ সভাপতি পাপ্পু যাদৱেও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে । লক্ষণীয়ভাৱে পাপ্পু যাদৱে ৰে'ল প্ৰশাসনৰ বিৰুদ্ধে মৃতকৰ সংখ্যা গোপনে ৰখাৰ অভিযোগ উত্থাপন কৰিছে । বিজেপি নেতাসকলেও দুৰ্ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ বাবে দাবী জনাইছে ।

বিজেপি সাংসদ সুশীল কুমাৰ মোডী বৰ্তমান জাপান ভ্ৰমণত আছে । টকিঅ'ৰ পৰা জাৰি কৰা এক বিবৃতিত তেওঁ কয় যে দুৰ্ঘটনাটো কাৰিকৰী ত্ৰুটিৰ ফলত হৈছিল নে দুৰ্বৃত্তৰ ফলত সংঘটিত হৈছিল সেয়া নিৰ্ধাৰণ কৰিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে । তেওঁ দাবী কৰা মতে যোৱা ৫ বছৰত ৰে'ল সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে দুৰ্ঘটনা হ্ৰাস পাইছে, কিন্তু ওড়িশাৰ বালাচোৰৰ পাছত বিহাৰৰ বক্সাৰত ৰে'ল দুৰ্ঘটনা চিন্তাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক :Bihar train accident : ৰে'লপথৰ ত্ৰুটি বক্সাৰৰ ৰে’ল দুৰ্ঘটনাৰ কাৰণ আছিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.