ETV Bharat / bharat

বিহাৰত আৰম্ভ হৈছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটদান - বিহাৰ নিৰ্বাচন

বিহাৰ বিধানসভা নিৰ্বাচনৰ আজি চূড়ান্ত ভোটদান ইতিমধ্যে অনুষ্ঠিত হৈছে ৷ ৰাজ্যখনৰ 15 খন জিলাৰ 78 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া ৷

বিহাৰত আৰম্ভ হৈছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটদান

author img

By

Published : Nov 7, 2020, 8:50 AM IST

নিউজ ডেস্ক, 7 নৱেম্বৰ : বিহাৰত আজি অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ নীতিশ কুমাৰ চৰকাৰৰ 12 গৰাকীৰ মন্ত্ৰীৰ ভাগ্য নিৰূপন হ'ব এই তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ৷ ৰাজ্যখনৰ 15খন জিলাৰ 78টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে নিৰ্বাচন ৷ প্ৰায় 2.35 কোটি ভোটাৰে 33,782টা ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটদান কৰিব ৷

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বিধানসভাৰ অধ্যক্ষ বিজয় কুমাৰ চৌধাৰী, নীতিশ কুমাৰ মন্ত্ৰীসভাৰ 12গৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ ভাগ্য নিৰূপন হ'ব ৷ পশ্চিম চম্পাৰণ, পূৱ চম্পাৰণ, সীতামাৰহি, মধুবানী, চুপাউল, আৰাৰিয়া, কাটিহাৰ, মাধেপুৰা, সহৰ্সা, দাৰভাংগা, মুজাফৰপুৰ, বৈশালী আৰু সমষ্টিপুৰ জিলাত আজি অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ তথা অন্তিম ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰভাৱশালী নেতাসকলৰ ভিতৰত অন্যতম হৈছে বিজয় কুমাৰ চৌধাৰী, ৰাজ্যিক মন্ত্ৰী বিজেন্দ্ৰ প্ৰসাদ যাদৱ, নৰেন্দ্ৰ নাৰায়ন যাদৱ, মহেশ্বৰ হাজাৰী, ৰমেশ ৰিশিদেৱ, ফিৰোজ আহমেদ, লক্ষ্মেশ্বৰ ৰয়, বিমা ভাৰতী, প্ৰমোদ কুমাৰ, সুৰেশ শৰ্মা, বিনোদ নাৰায়ন ঝা, মদন চাহনী আৰু কৃষ্ণকুমাৰ ৰিষি ৷ ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰখ্যাত সমাজবাদী নেতা শাৰদ যাদৱৰ কন্যা সুহাষিনী যাদৱে মাধেপুৰৰ বিহাৰীগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে ৷

বিহাৰৰ ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা অনুসৰি, তৃতীয় পৰ্যায়ত সৰ্বাধিক 1,204গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত 1094 গৰাকী পুৰুষ আৰু 110 গৰাকী মহিলা আছে ৷ সৰ্বাধিক 31 গৰাকী প্ৰাৰ্থীয়ে গাইঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে ৷ আনহাতে ঢাকা, ত্ৰিবেনীগঞ্জ, জকিহাট আৰু বাহাদৰগঞ্জৰ পৰা সৰ্বনিম্ন 9গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷

কোশি আৰু সীমাঞ্চল এলেকাত অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত এনডিএ আৰু মহাগোঁটবন্ধনৰ মাজতেই মুল প্ৰতিদ্বন্দিতা হ'ব ৷ অৱশ্যে জন অধিকাৰ পাৰ্টী, লোক জনশক্তি পাৰ্টী আৰু এআইএমআইএম দলেও তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰাৰ্থী আগবঢ়াইছে ৷

বিহাৰ বিধানসভাৰ 243খন আসনৰ বাবে আজি সমাপ্ত হ'ব ভোটদান প্ৰক্ৰিয়া ৷ প্ৰথম পৰ্যায়ৰ ভোটদান 28 অক্টোবৰত 71 খন আসনত আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদান 3 নৱেম্বৰত অনুষ্ঠিত হৈছিল ৷ অহা 10 নৱেম্বৰত ৰাজ্যখনত ভোটগণনা অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক : আৰক্ষী চকীত প্ৰৱেশ কৰি আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.