ETV Bharat / bharat

ক’ভিড আক্ৰান্ত পত্নীক হত্যা ৰে’ল কৰ্মচাৰীৰ

author img

By

Published : Apr 26, 2021, 2:05 PM IST

দেওবাৰে এজন ৰে’ল কৰ্মচাৰীয়ে ক’ভিড আক্ৰান্ত পত্নীক হত্যা কৰে ৷ জানিব পৰা মতে, অভিযুক্তজনে পত্নী মহামাৰী কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি ধৰা পৰাত বিৰক্ত হৈ পত্নীক হত্যা কৰি নিজে এপাৰ্টমেণ্টৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰে ৷

ক’ভিড আক্ৰান্ত পত্নীক হত্যা এজন ৰেল কৰ্মচাৰীৰ

নেচনেল ডেস্ক, 26 এপ্ৰিল: পাটনাৰ চিত্ৰগুপ্ত নগৰত এক চাঞ্চল্যকৰ ঘটনা ৷ দেওবাৰে এজন ৰে’ল ষ্টেচন মাষ্টাৰে তেওঁৰ ক’ভিড আক্ৰান্ত পত্নীক হত্যা কৰে ৷ উক্ত কৰ্মচাৰীজন অতুল লাল বুলি চিনাক্ত কৰা হয় ৷ জানিব পৰা মতে, অভিযুক্তজনে পত্নী মহামাৰী কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি ধৰা পৰাত বিৰক্ত হৈ পত্নীক হত্যা কৰি নিজে এপাৰ্টমেণ্টৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰে ৷ পাত্ৰকাৰ আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত চিত্ৰগুপ্ত নগৰত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয় ৷

উল্লেখ্য যে, দম্পতীহালে ওম ৰেচিডেঞ্চি এপাৰ্টমেণ্টত বাস কৰিছিল । আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল ৷ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । আনহাতে পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : ৰঙাপৰাত ডাইনীৰ সন্দেহত হত্যা কৰি পুতি থ’লে মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.