ETV Bharat / bharat

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ - বিহাৰত তেজস্বী যাদৱ

আজি অনুষ্ঠিত হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজিৰে পৰা আৰম্ভ হৈছে ৷ মুঠ 94খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

author img

By

Published : Nov 3, 2020, 7:17 AM IST

নিউজ ডেস্ক, 3 নৱেম্বৰ : 243 আসনযুক্ত বিহাৰ বিধানসভাৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ সৰ্বমুঠ 94 খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ মুঠ 2.85 কোটি ভোটাৰে 1,463 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব আজি ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পাটনা, ভগলপুৰ আৰু নালন্দাকে ধৰি গংগাৰ উত্তৰপাৰে অৱস্থিত 17 খন জিলাৰ 41,362টা ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ
বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মহাৰাজগঞ্জ সমষ্টিত সৰ্বাধিক 27গৰাকী প্ৰাৰ্থীয়ে আৰু দাৰউলাত সৰ্বনিম্ন 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আকৰ্ষণ হৈছে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ ৷ তেজস্বীয়ে ৰাঘোপুৰৰ পৰা আৰু তেওঁৰ ভাতৃ তেজপ্ৰতাপে হাছানপুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ মহাজোঁটবন্ধনৰ মুঠ 27 গৰাকী বিধায়কৰ আজি ভাগ্য নিৰ্ধাৰণ হ'ব ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আৰজেডিৰ 56 গৰাকী, বিজেপিৰ 27 গৰাকী আৰু জেডিইউৰ 25গৰাকী প্ৰাৰ্থী আছে ৷

কোভিড নিয়মৰ মাজেৰেই বিহাৰত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া

বিগত 28 অক্টোবৰত 2 কোটিৰো অধিক ভোটাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 71টা বিধানসভা সমষ্টিত ভোটদান কৰিছে ৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত সৰ্বাধিক 1,066 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ নিৰ্বাচনী আয়োগ আৰু স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট কোভিড-19 নীতি-নিয়মৰ মাজেৰেই শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত পূৰ্বৰ 1,600 ভোটাৰৰ পৰিৱৰ্তে 1,000 গৰাকী ভোটাৰক ভোটদান কৰিবলৈ অধিকাৰ দিয়া হৈছিল ৷ 80 বৰ্ষৰ ঊৰ্ধৰ ব্যক্তিসকলক পোষ্টেল বেলটৰ দ্বাৰাই ভোটদান কৰিবলৈ সুবিধা প্ৰদান কৰাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহ ছেনিটাইজ কৰা তথা পোলিং বিষয়া আৰু ভোটাৰসকলৰ থাৰ্মেল স্ক্ৰীণিং, ছেনিটাইজাৰ আৰু মাস্ক বাধ্যতামুলক কৰি দিয়া হৈছিল ৷

লগতে পঢ়ক : বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.