ETV Bharat / bharat

Dengue cases in Bihar : বিহাৰত ডেংগুৰ ভয়ংকৰ পৰিস্থিতি, পাটনাত সৰ্বাধিক আক্ৰান্ত

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 4:45 PM IST

বিহাৰত এটা দিনতে ৩০০ৰো অধিৰ লোক ডেংগুৰ চিকাৰ হৈছে । পাটনাত ৭০ টা, ভাগলপুৰত ৪৫ টা, বৈশালীত ২৭ টা আৰু বেগুসৰাইত ২৫ টা ঘটনা পোহৰলৈ আহিছে । স্বাস্থ্য বিভাগে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

Dengue cases in Bihar
বিহাৰত ডেংগুৰ ভয়ংকৰ পৰিস্থিতি

নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ : বিহাৰত ডেংগুৱে ভয়ংকৰ ৰূপ লৈছে । ক'ভিডৰ দৰে ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে । ৰাজ্যখনত নতুনকৈ ৩০০ গৰাকীৰো অধিক লোক ডেংগুত আক্ৰান্ত হৈছে । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত একেৰাহে তৃতীয় দিনৰ বাবে ৩০০ ৰো অধিক নতুন ডেংগু ৰোগী পোৱা গৈছে । ৰাজ্যখনত এটা দিনতে ডেংগুৰ ৩৭১ টা নতুন ঘটনা পোহৰলৈ আহিছে । ইয়াৰ ভিতৰত পাটনাত ৭০ টা, ভাগলপুৰত ৪৫ টা, বৈশালীত ২৭ টা আৰু বেগুসৰাইত ২৫ টা ঘটনা পোহৰলৈ আহিছে ।

পাটনাত ডেংগু ৰোগীৰ সংখ্যা সম্প্ৰতি ১,০৯৫ লৈ বৃদ্ধি পাইছে । এই বছৰ বিহাৰত এতিয়ালৈকে ডেংগুত ৩,৮৩৩ গৰাকী লোক আক্ৰান্ত হৈছে । তাৰ ভিতৰত কেৱল ছেপ্টেম্বৰ মাহতে ৩,৫৫৮ গৰাকী লোক আক্ৰান্ত হৈছে । ৰাজ্যখনৰ ভাগলপুৰ, সিৱান, জামুই, ঔৰঙ্গবাদ, চাৰণ, মুংগেৰ আদি জিলাত ডেংগুত আক্ৰান্ত লোক চিনাক্ত হৈছে ।

ৰাজ্যখনৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হোৱা ডেংগু ৰোগীৰ সংখ্যাও ক্ৰমান্বয়ে বাঢ়ি আছে । ৰাজ্যখনৰ ১২ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুঠ ২৭৩ গৰাকী ডেংগু ৰোগীৰ চিকিৎসা চলি আছে । কেৱল ভাগলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালতে ১২৬ গৰাকী ডেংগু ৰোগীক ভৰ্তি কৰোৱা হৈছে ।

একে সময়তে, পাটনাৰ ৪ খন চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুঠ ৬৭ গৰাকী ৰোগীৰ চিকিৎসা চলি আছে । পিএমচিএইচত ২৪ গৰাকী, আইজিআইএমএছত ১৮ গৰাকী, এইমছত ১৪ গৰাকী আৰু এনএমচিএইচত ১১ গৰাকী ডেংগু ৰোগী ভৰ্তি হৈ আছে । ডেংগুৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকসকলে লোকসকলক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । স্বাস্থ্য বিভাগ আৰু নগৰ উন্নয়ন বিভাগেও যুটীয়াভাৱে ডেংগু প্ৰভাৱিত এলেকাবোৰত ফগিং আৰু বিশেষ কীটনাশক দ্ৰব্য ছটিওৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে ।

পাটনা জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লোকসকলক তেওঁলোকৰ ঘৰৰ চাৰিওফালে পানী জমা হ'বলৈ নিদিবলৈ আহ্বান জনাইছে । ডেংগুত আক্ৰান্ত হোৱাসকলৰ শৰীৰত পানীৰ অভাৱ হয় । সেয়েহে শৰীৰক হাইড্ৰেটেড ৰাখিবলৈ যথেষ্ট পানী সেৱন কৰিবলৈ আৰু ইলেক্ট্ৰলাইট সেৱন কৰিবলৈও তেওঁ আহ্বান জনাইছে । ঘৰৰ বাহিৰলৈ যোৱাৰ সময়ত হাত দীঘল কাপোৰ পিন্ধিবলৈ আৰু শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ তেওঁ আহ্বান জনাইছে ।

জ্যেষ্ঠ চিকিৎসকগৰাকীৰ মতে প্ৰায় ৯৮ শতাংশ ডেংগু ৰোগী স্বাভাৱিক পেৰাচিটামল আৰু সাৱধানতাৰ দ্বাৰা আৰোগ্য হৈ আছে । আনহাতে ২ শতাংশ ৰোগী চিকিৎসালয়লৈ যাবলগীয়া হয় । তেওঁৰ মতে ডেংগু ৰোগীসকল আতংকিত হ'ব নালাগে আৰু বিশ্ৰাম ল'ব লাগে ।

ডেংগুৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে সকলো ব্লাড বেংকত পৰ্যাপ্ত পৰিমাণৰ প্লেটলেট সংৰক্ষণ কৰিবলৈও নিৰ্দেশ দিছে । পাটনাত এক ৰাজ্যিক ডেংগু নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । যিটো ৰোগীসকলক সহায় কৰিবলৈ দিনে ২৪ ঘণ্টাই উপলব্ধ থাকিব । ডেংগু নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন নম্বৰ জাৰি কৰা হৈছে । হেল্পলাইন নম্বৰটো হৈছে ০৬১২-২৯৫১৯৬৪ ।

লগতে পঢ়ক :Signature View Apartment to demolished : ভাঙি দিয়া হ'ব ৩৩৬ টা পৰিয়াল থকা দিল্লীৰ ছিগনেচাৰ ভিউ এপাৰ্টমেণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.