ETV Bharat / bharat

জে পি নাড্ডাৰে বিহাৰ বিজেপিৰ সাংসদৰ গুৰুত্বপূৰ্ণ বৈঠক - বিহাৰ বিজেপি

বিহাৰত বিজেপি দলক শক্তিশালী আৰু জীৱন্ত কৰাৰ লগতে বহু কেইটা উদ্দেশ্যৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰে আলোচনাত মিলিত হ'ব বিহাৰৰ উপ মুখ্যমন্ত্ৰী ৰেণু দেৱীসহ ৰাজ্যখনৰ বিজেপিৰ সাংসদসকল ৷ আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা ৷

bihar-bjp-mps-to-meet-jp-nadda-in-new-delhi-today-bihar-dy-cm-renu-devi
জে পি নাড্ডাৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত বিহাৰ বিজেপিৰ সাংসদ সকল
author img

By

Published : Jul 22, 2021, 9:01 PM IST

নেশ্যনেল ডেস্ক, 22 জুলাই : বিহাৰত বিজেপিক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাক সাক্ষাৎ বিহাৰৰ সাংসদসকলৰ ৷ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী ৰেণুদেৱীয়ে এই কথা সদৰী কৰে ৷ উপ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে জে পি নাড্ডাৰে আলোচনাত মিলিত হৈছে বিহাৰ বিজেপিৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকল ৷ মূলত ৰাজ্যখনত বিজেপিক অধিক শক্তিশালী কৰি তোলাৰ লগতে বিহাৰৰ ৰাজনীতিত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে আলোচনা কৰা হ'ব বুলি জানিবলৈ দিছে বিহাৰৰ উপ মুখ্যমন্ত্ৰী ৰেণু দেৱীয়ে ৷

বৃহস্পতিবাৰৰ সন্ধিয়া 8 বজাৰ পৰা নিশা প্ৰায় 10 বজালৈকে চলিব এই আলোচনা ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, "আমাৰ দলটো অতি শক্তিশালী ৷ বিজেপি বিশ্বৰ অন্যতম আগশাৰীৰ ৰাজনৈতিক দল ৷ আমাৰ সকলো প্ৰচেষ্টা ৰাজ্যখনত বিজেপিক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত হ'ব আৰু আজি নেতাসকলৰ সৈতে হোৱা চিন্তা-চৰ্চাৰ প্ৰতিফলন এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব" ৷ আমাক যি ভূমিকা পালনৰ নিৰ্দেশ আৰু দায়িত্ব দিয়া হ'ব বিহাৰলৈ উভতি অহাৰ পিছত সেইবোৰ সম্পূৰ্ণ আন্তৰিকতাৰে পালন কৰিম বুলিও মন্তব্য কৰে উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

বৈঠকৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি ৰেণু দেৱীয়ে কয় যে, বৈঠকত নেতাসকলক তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ ওচৰলৈ যাবলৈ আৰু তেওঁলোকক বিজেপি চৰকাৰৰ সাফল্যৰ বিষয়ে অৱগত কৰিবলৈ কোৱা হ'ব পাৰে ৷ বিহাৰৰ ৰাজনীতিত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ চেষ্টা কৰা হ'ব বুলি জানিবলৈ দি দেৱীয়ে কয় যে, ৰাজ্যখনৰ মহিলাসকলে যাতে বিজেপিৰ ফালৰ পৰা প্ৰতিনিধিত্ব লাভ কৰিব পাৰে সেই উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে ৷ কেন্দ্ৰীয় কেবিনেটে 11 গৰাকীকৈ মহিলাক অন্তৰ্ভুক্ত কৰাৰ দৰেই বিহাৰৰ ৰাজনীতিতো মহিলা অন্তৰ্ভুক্তিৰ চেষ্টা হ'ব বুলি উল্লেখ কৰে নেত্ৰীগৰাকীয়ে ৷

বিহাৰত বিজেপিৰ শক্তিশালী ভেটি আছে বুলি দাবী কৰি ৰেণু দেৱীয়ে কয় যে, ভাৰতীয় জনতা পাৰ্টি, জেডিইউ(JDU), হিন্দুস্তানী আৱাম মৰ্চা আৰু বিকাশ শীল ইনছান পাৰ্টি এন ডি এ(NDA) মিত্ৰজোঁটৰ অধীনত একত্ৰিত হৈছে ৷ প্ৰাপ্ত তথ্য মতে, নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ বাসগৃহত বিজেপিৰ এই বৈঠকখন অনুষ্ঠিত হ'ব ৷ য'ত গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থকাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ সীমান্তৰ সমস্যাক লৈ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল মিজোৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.