ETV Bharat / bharat

Accident in Hanumangarh : অভাৰটেক কৰিবলৈ যোৱাই হ’ল কাল; থিতাতে মৃত্যু 7 জনৰ

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 8:36 AM IST

Updated : Oct 29, 2023, 9:34 AM IST

ৰাজস্থানৰ শোকাৱহ দুৰ্ঘটনাত থিতাতে মৃত্যু 7 জনকৈ লোকৰ ৷ আহত দুজন ৷

Big Accident in Hanumangarh of Rajsathan Seven People Died and two Serious Injured
শোকাৱহ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 29 অক্টোবৰ : ৰাজস্থানত শোকাৱহ দুৰ্ঘটনা ৷ ৰাজ্যখনৰ হনুমানগড়-নৌৰাংদেশৰ সমীপত এখন বাহন আৰু ট্ৰ’লীৰ মাজত হোৱা ভয়াৱহ সংঘৰ্ষৰ ফলত থিতাতে মৃত্যু হয় 7 জনকৈ লোকৰ ৷ জানিব পৰা মতে, হনুমানগড় জিলাৰ নৌৰাংদেশত শনিবাৰে সন্ধিয়া সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটি । এই দুৰ্ঘটনাটোৰ ফলত 7 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দুজন লোক গুৰুতৰভাৱে আহত হয় ।

এখন বাহন আৰু ট্ৰ’লীৰ সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে 7 জন লোকৰ মৃত্যু ঘটে । এই দুৰ্ঘটনাত নিহত হোৱাসকলৰ ভিতৰত আছে চাৰিগৰাকী মহিলা, দুগৰাকী পুৰুষ আৰু এগৰাকী যুৱতী । অভাৰটেক কৰিবলৈ যোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় ।

আটাইকেইটা মৃতদেহ নগৰ চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে । আনহাতে, আহত দুজনক বিকানেৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে ট্ৰ’লী চালকজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । হনুমানগড়ৰ নৌৰাংদেছাৰ গাঁৱত সংঘটিত হোৱা কৰুণ ঘটনাৰ তথ্য লাভ কৰাৰ পাচতে আৰক্ষী অধীক্ষক ৰাজীৱ প্ৰচাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে ।

ইফালে হনুমানগড় টাউন থানাৰ বিষয়া বেদপালে ঘটনাস্থলীত আহি গুৰুতৰভাৱে আহত দুয়োজনকে হনুমানগড়ৰ পৰা বিকানেৰলৈ প্ৰেৰণ কৰে । তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত মুঠ 9 জন লোক আছিল আৰু ইয়াৰে ভিতৰত 7 জনৰ থিতাতে মৃত্যু ঘটিছে । গুৰুতৰভাৱে আহতসকলৰ ভিতৰত এজন যুৱক আৰু এটি শিশুও আছে বুলি জানিব পৰা গৈছে ।

  • हनुमानगढ़ जिले में कार और ट्रोले की टक्कर से हुए भीषण सड़क हादसे के कारण हुई जनहानि अत्यंत दु:खद खबर है ! परमात्मा दिवंगत जनों की आत्मा को शांति प्रदान करें व घायलों को शीघ्र स्वास्थ्य लाभ प्रदान करें !

    — HANUMAN BENIWAL (@hanumanbeniwal) October 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

জানিবলৈ পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল 60 বছৰীয়া পৰমজীত কৌৰ, তেওঁৰ দুই পুত্ৰ 36 বছৰীয়া ৰামপাল আৰু 25 বছৰীয়া খুছবিন্দ্ৰ, 35 বছৰীয়া পত্নী ৰীমা ৰামপাল, 22 বছৰীয়া পৰমজীতৰ লগতে চাৰিজন নাতি-নাতিনী, খুছবিন্দ্ৰৰ 5 বছৰীয়া আৰু 2 বছৰীয়া পুত্ৰ ক্ৰমে মঞ্জিত আৰু মনৰাজ, আকাশদীপৰ 14 বছৰীয়া পুত্ৰ ৰামপাল ৷ 12 বছৰীয়া এগৰাকী কন্যা আছিল ৷ মনৰাজ আৰু আকাশদীপক সংকটজনক অৱস্থাত চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে, আনহাতে আন 7 জন লোকৰ থিতাতে মৃত্যু হৈছে ।

নগৌৰ সাংসদ হনুমান বেনিৱালে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে । X যোগে বেনিৱালে বিদেহ আত্মাৰ শান্তি কামনা কৰাৰ লগতে আৰু আহতসকলৰ শীঘ্ৰে আৰোগ্য প্ৰদানৰ বাবে প্ৰাৰ্থনা জনাইছে ।

লগতে পঢ়ক: 2024 United States elections : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সে

Last Updated : Oct 29, 2023, 9:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.