ETV Bharat / bharat

বিশ্বভাৰতীৰ প্ৰাক্তন উপাচাৰ্য বিদ্যুৎ চক্ৰৱৰ্তীক জেৰা; ৬ টা গোচৰত ৩ ঘণ্টা জেৰা - Visva Bharati controversy

বিদ্যুৎ চক্ৰৱৰ্তীয়ে গোচৰৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সুৰক্ষা বিচাৰি কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে । আদালতে স্পষ্ট কৰি দিয়ে যে তেওঁক এতিয়াই গ্ৰেপ্তাৰ কৰিব নোৱাৰিব । তাৰ পৰিৱৰ্তে চক্ৰৱৰ্তীক বাসগৃহত এঘণ্টাৰ বাবে জেৰা কৰিব পাৰে ।

Visva Bharati Former VC interrogated
বিশ্বভাৰতীৰ প্ৰাক্তন উপাচাৰ্য বিদ্যুৎ চক্ৰৱৰ্তীক জেৰা
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 5:25 PM IST

নিউজ ডেস্ক, ২০ নৱেম্বৰ : বিশ্বভাৰতীৰ প্ৰাক্তন উপাচাৰ্য বিদ্যুৎ চক্ৰৱৰ্তীক সোমবাৰে পুৱা শান্তি নিকেতন আৰক্ষী থানাই প্ৰায় ৩ ঘণ্টা ধৰি জেৰা কৰে । আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, চক্ৰৱৰ্তীক চৰকাৰী বাসভৱন পূৰ্ণিমাত সোধা-পোছা কৰা হয় আৰু জেৰাৰ ভিডিঅ' ৰেকৰ্ড কৰা হৈছে । উল্লেখ্য যে বিশ্বভাৰতীৰ উপাচাৰ্য হিচাপে বিদ্যুৎ চক্ৰৱৰ্তীৰ কাৰ্যকাল ৮ নৱেম্বৰত সমাপ্ত হৈছিল ।

তেওঁৰ কাৰ্যকালত শান্তি নিকেতন আৰক্ষী থানাত তেওঁৰ বিভিন্ন সিদ্ধান্ত, মন্তব্য আৰু কাৰ্যকলাপৰ বাবে কেইবাটাও অভিযোগ দাখিল কৰা হৈছিল । এই অভিযোগৰ ভিত্তিত প্ৰায় ছয়টা গোচৰ পঞ্জীয়ন কৰা হৈছিল । শান্তি নিকেতন আৰক্ষী থানাৰ অ'চি কস্তুৰী মুখাৰ্জীৰ নেতৃত্বত আৰক্ষীয়ে প্ৰাক্তন উপাচাৰ্য বিদ্যুৎ চক্ৰৱৰ্তীৰ 'পূৰ্ণিমা' বাসগৃহত গৈ উপস্থিত হয় ।

উল্লেখ্য যে বিদ্যুৎ চক্ৰৱৰ্তীয়ে গোচৰৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সুৰক্ষা বিচাৰি কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে । আদালতে স্পষ্ট কৰি দিয়ে যে তেওঁক এতিয়াই গ্ৰেপ্তাৰ কৰিব নোৱাৰিব । তাৰ পৰিৱৰ্তে চক্ৰৱৰ্তীক বাসগৃহত এঘণ্টাৰ বাবে জেৰা কৰিব পাৰে । চক্ৰৱৰ্তীক এনে তিনিটা গোচৰত প্ৰায় ৩ ঘণ্টা জেৰা কৰা হয় ।

ঘটনাক্ৰমত চক্ৰৱৰ্তীয়ে পৰম্পৰাগত উপাসনা গৃহত বহি 'বঙালীসকল কেঁকোৰাৰ প্ৰজাতি' বুলি মন্তব্য কৰিছিল । ইয়াৰ উপৰি তেওঁ দুৰ্গা পূজা সম্পৰ্কেও বিতৰ্কিত মন্তব্য কিছিল । আনকি তেওঁ শান্তি নিকেতনৰ টোটো চালকসকলকো হাৰাশাস্তি কৰিছিল । আৰক্ষী সূত্ৰ অনুসৰি, তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্ব ঐতিহ্যফলকৰ পৰা আঁতৰাই মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা শান্তি নিকেতন ন্যাসৰ স্থানত বিতৰ্কিত ফলক স্থাপন কৰে ।

চক্ৰৱৰ্তীক এই গোচৰটোৰ সন্দৰ্ভত ২২ নৱেম্বৰত পুনৰ সোধাপোছা কৰা হ'ব । উপাচাৰ্য হিচাপে বিদ্যুৎ চক্ৰৱৰ্তীৰ কাৰ্যকালত তেওঁ নোবেল বঁটাবিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনকো আক্ৰমণ কৰিছিল আৰু তেওঁক 'ভূমি বেদখলকাৰী' বুলি অভিযোগ কৰিছিল । তেওঁ ঠাকুৰ পৰিয়ালৰ সদস্য সুপ্ৰিয়া ঠাকুৰ, তপস্বী, অধ্যাপক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাৰ্থীকে ধৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক :অসুস্থ তামিলনাডুৰ দুগৰাকী প্ৰভাৱশালী নেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.