বাৰাণসী,6 নৱেম্বৰঃ বানাৰাছ হিন্দু বিশ্ববিদ্যালয়ক 50 হাজাৰ টকা জৰিমণা বিহিছে ভাৰতীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে ৷ ব'ডৰ এক সূত্ৰৰ তথ্য অনুসৰি প্ৰদূষণ প্ৰতিৰোধী নিয়মক গুৰুত্ব নিদিয়াৰ বাবেই বিশ্ববিদ্যালয়খনক বিহা হৈছে এই জৰিমণা ৷
ইতিমধ্যে এক জাননী জৰিয়তে বানাৰাছ হিন্দু বিশ্ববিদ্যালয়ক জৰিমণা প্ৰদাণ কৰিবলৈ নিৰ্দেশ দিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে ৷ উল্লেখ্য যে, প্ৰদূষণ প্ৰতিৰোধী নিয়মৰ গুৰুত্বৰ অবিহনে বিশ্ববিদ্যালয়ৰ পথ আৰু উপ-পথ সমূহ মেৰামতি কৰাৰ ফলত সমগ্ৰ বিশ্ববিদ্যালয়ৰ অঞ্চলটোত প্ৰদূষণ যথেষ্ট বৃদ্ধি হৈছিল ৷
লগতে পঢ়কঃপাকিস্তান জিন্দাবাদ ধ্বনিঃ বিধায়ক আজিজ আহমেদ খানৰ প্ৰতিক্ৰিয়া