ETV Bharat / bharat

ভাৰতৰ প্ৰতি চীনৰ মনোভাব সলনি হৈছে; লণ্ডনত ৰাজনাথ সিঙৰ মন্তব্য

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 1:03 PM IST

Rajnath Singh in London : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ব্ৰিটেইনত কয় যে ভাৰতৰ প্ৰতি চীনৰ মনোভাব সলনি হৈছে । ভাৰত এতিয়া দুৰ্বল নহয় ।

লণ্ডনত ৰাজনাথ সিঙৰ চীন সন্দৰ্ভত মন্তব্য
লণ্ডনত ৰাজনাথ সিঙৰ চীন সন্দৰ্ভত মন্তব্য

নিউজ ডেস্ক, ১১ জানুৱাৰী : ব্ৰিটেইন ভ্ৰমণত থকা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক কাৰ্যসূচীত ভাষণ দি কয় যে ভাৰতৰ শক্তিক এতিয়া চীনেও স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ চীনা চৰকাৰ নিয়ন্ত্ৰিত গ্লোবেল টাইমছত প্ৰকাশিত এটা প্ৰবন্ধৰ কথা উল্লেখ কৰি কয় যে উক্ত প্ৰবন্ধটোত ভাৰতৰ বিকাশৰ কাহিনী আৰু ইয়াৰ বৰ্ধিত উচ্চতাৰ প্ৰশংসা কৰা হৈছে ।

ৰাজনাথ সিঙে বুধবাৰে কয় যে ভাৰতৰ কৌশলগত শক্তিৰ উত্থানৰ লগে লগে বেইজিঙৰ দৃষ্টিভংগী আমূল পৰিৱৰ্তন ঘটিছে । ৰাজনাথ সিঙে কয়, "গ্লোবেল টাইমছৰ এগৰাকী লেখক, যিগৰাকী এক প্ৰকাৰে চীনৰ মুখপত্ৰ, তেওঁ ভাৰতৰ ওপৰত এটা প্ৰবন্ধ লিখিছে ।

  • #WATCH | London, UK: Defence Minister Rajnath Singh says, " China is considered as the opponent of China, we don't consider China as our opponent, maybe China considers so. We don't consider anyone as our opponent...in 2020, a faceoff happened between India and China, and the… pic.twitter.com/2oG9GqTHH0

    — ANI (@ANI) January 10, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

এই প্ৰবন্ধটোৱে ভাৰতৰ প্ৰতি চীনৰ পৰিৱৰ্তনশীল মনোভাবক দৃঢ়ভাৱে নিশ্চিত কৰিছে । চীন চৰকাৰে স্বীকাৰ কৰা দেখা গৈছে যে আমাৰ অৰ্থনৈতিক আৰু বৈদেশিক নীতিৰ লগতে আমাৰ পৰিৱৰ্তনশীল কৌশলগত স্বাৰ্থই ভাৰতক এক মুখ্য গোলকীয় অৰ্থনৈতিক আৰু কৌশলগত শক্তি হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰিছে ।"

তেওঁ লগতে কয়, "আমি কাকো আমাৰ শত্ৰু বুলি গণ্য নকৰোঁ, কিন্তু বিশ্বই জানে যে এই সময়ত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক উত্তেজনামূলক হৈ আছে । কিন্তু আমি সকলো চুবুৰীয়া দেশ আৰু বিশ্বৰ সকলো দেশৰ সৈতে এক সুমধুৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰোঁ ।" লণ্ডনৰ ইণ্ডিয়া হাউছত অভ্যৰ্থনা অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে গ্লোবেল টাইমছৰ স্তম্ভলেখকে এই কথাত জোৰ দিছে যে চীন চৰকাৰে এতিয়া স্বীকাৰ কৰিছে যে ভাৰতক বিশ্বজুৰি উপেক্ষা কৰিব নোৱাৰি ।

  • #WATCH | London, UK: Defence Minister Rajnath Singh says, "In digital transaction, no other country has 80 crore internet users other than India...The whole world has approved our UPI app...approximately 130 Lakh Crore transactions have taken place through UPI" pic.twitter.com/2KWLjm7y4U

লেখকগৰাকীয়ে লগতে উল্লেখ কৰিছে যে চীন চৰকাৰে এতিয়া এয়াও স্বীকাৰ কৰিছে যে আমি ভাৰতক ভালপাওঁ বা নাপাওঁ, কিন্তু ভাৰতৰ ভাবমূৰ্তি আৰু বৰ্ধিত বিশ্বজনীন খ্যাতিক উপেক্ষা কৰিব নোৱাৰি । ইয়াৰ পূৰ্বে যেতিয়া বাণিজ্যিক অসন্তুলনৰ ওপৰত আলোচনা হৈছিল তেতিয়া ভাৰতে দুয়োখন দেশৰ মাজৰ বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰিবলৈ বেইজিঙৰ ওপৰত নিৰ্ভৰ কৰিছিল । অৱশ্যে সেই প্ৰৱণতা এতিয়া নাই ।

আনহাতে, ভাৰতৰ বৰ্ধিত বিশ্বজনীন খ্যাতিৰ বিষয়ে বৰ্ণনা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, "মই বিশ্বাস কৰোঁ যে গালৱানত (অৰুণাচল প্ৰদেশ উপত্যকা) চীনা সৈন্যৰ সৈতে হোৱা অচলাৱস্থাৰ সময়ত আমাৰ সৈন্যসকলে দেখুওৱা সাহসে ভাৰতৰ প্ৰতি বেইজিঙৰ দৃষ্টিভংগী সলনি কৰাত সহায় কৰিছিল । আমি এক উদীয়মান গোলকীয় শক্তি । এতিয়া কোনেও আমাক ৰঙা চকু দেখুৱাই সাৰি যাব নোৱাৰে ।"

  • #WATCH | London, UK: Defence Minister Rajnath Singh says, " A writer of Global Times, in a way, a mouthpiece of China...wrote an article, 'What I see about Bharat narrative in India'. In this article, it is said that a drastic change has occurred in China's perspective on… pic.twitter.com/7ScbOERIkA

তেওঁ লগতে কয় যে এই মাহৰ আৰম্ভণিতে গ্লোবেল টাইমছে 'ইণ্ডিয়া নেৰেটিভ' শীৰ্ষক এটা স্তম্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত চাৰি বছৰত ভাৰতৰ অৰ্থনৈতিক নীতি আৰু কূটনৈতিক সাফল্যৰ প্ৰশংসা কৰে ।

ফুডান বিশ্ববিদ্যালয় ছাংহাইৰ চেণ্টাৰ ফৰ ছাউথ এছিয়ান ষ্টাডিজৰ সঞ্চালক ঝাং জিয়াডঙে লিখা এই প্ৰবন্ধটোৱে বিগত চাৰি বছৰত বিভিন্ন ক্ষেত্ৰত ভাৰতৰ 'উল্লেখযোগ্য সাফল্য'ৰ ওপৰতো আলোকপাত কৰে । ই ভাৰতৰ শক্তিশালী অৰ্থনৈতিক বিকাশ, নগৰ শাসনৰ সংস্কাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰিৱৰ্তন, বিশেষকৈ চীনৰ প্ৰতি হোৱা পৰিৱৰ্তনৰ কথাও স্বীকাৰ কৰে ।

উল্লেখ্য যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকক সাক্ষাৎ কৰে আৰু প্ৰতিৰক্ষা, অৰ্থনৈতিক সহযোগিতা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰে । এই আলোচনাত ভাৰত আৰু ব্ৰিটেইনে কেনেদৰে শান্তিপূৰ্ণ আৰু স্থিৰ গোলকীয় নিয়ম ভিত্তিক শৃংখলা শক্তিশালী কৰিবলৈ একেলগে কাম কৰিব পাৰে সেই বিষয়ে স্থানলাভ কৰে ।

বৰ্তমান ৰাজনাথ সিং এক চৰকাৰী ভ্ৰমণ কাৰ্যসূচীত ব্ৰিটেইন ভ্ৰমণত আছে । এইটো হৈছে ২০ বছৰতকৈও অধিক সময়ৰ ভিতৰত এগৰাকী ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰথম ব্ৰিটেইন ভ্ৰমণ ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ অভিষেক বৰ্জন কৰা কংগ্ৰেছৰ সিদ্ধান্তক তীব্ৰ সমালোচনা স্মৃতি ইৰাণীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.