ETV Bharat / bharat

ভাৰতত দ্বিতীয়টো ক'ভিড প্ৰতিষেধকৰ মানৱ পৰীক্ষণ

author img

By

Published : Jul 15, 2020, 6:16 PM IST

ঔষধ নিৰ্মাতা কোম্পানী জিডছ কেডিলাই জানিবলৈ দিয়ে যে, ইতিমধ্যে আৰম্ভ কৰা হৈছে ক'ভিড প্ৰতিষেধক ZyCoV-D ৰ মানৱ পৰীক্ষণ ৷ এই পৰীক্ষণ কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ দেশৰ বিভিন্ন প্ৰান্তৰ 1000 লোকৰ ওপৰত কৰা হ’ব পৰীক্ষণ ৷ ইয়াৰ পূৰ্বে প্ৰথম স্বদেশী প্ৰতিষেধক COVAXIN ৰ মানৱ পৰীক্ষণৰ অনুমতি প্ৰদান কৰা হৈছে ৷

zydus cadila begins human clinical trials of covid 19 vaccine
ভাৰতত দ্বিতীয়টো ক'ভিড প্ৰতিষেধকৰ মানৱ পৰীক্ষণ

নিউজ ডেস্ক, 15 জুলাই : ঔষধ নিৰ্মাতা কোম্পানী জিডছ কেডিলাই (Zydus Cadila) জনোৱা মতে, ক'ভিড-19 ৰ প্ৰতিষেধক ZyCoV-D ৰ প্ৰতিষেধকৰ মানৱ পৰীক্ষণৰ কাম আৰম্ভ কৰা হৈছে ৷ এই পৰীক্ষণ বিভিন্ন পৰ্যায়ত কৰা হ’ব ৷ দেশৰ বিভিন্ন স্থানৰ প্ৰায় 1000 লোকে এই পৰীক্ষণত অংশগ্ৰহণ কৰিব ৷

কোম্পানীটোৰ ফালৰ পৰা প্ৰকাশ কৰা মতে, ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ পৰীক্ষণত লাহে লাহে ডজ বৃদ্ধি কৰা হ’ব আৰু অধ্যয়নত প্ৰতিষেধকটো কিমান সুৰক্ষিত তাৰ ওপৰত নিৰীক্ষণ কৰা হ’ব ৷

এই মাহৰ আৰম্ভণিত মানৱ পৰীক্ষণৰ অনুমোদন লাভ কৰিছিল জিডছ কেডিলাই ৷ কৰ’ণা ভাইৰাছৰ মানৱ পৰীক্ষণ কৰা দ্বিতীয় ভাৰতীয় কোম্পানী হৈছে জিডছ কেডিলা ৷ ইয়াৰ পূৰ্বে COVAXIN ৰ মানৱ পৰীক্ষণৰ ট্ৰায়েল আৰম্ভ কৰা হৈছিল ৷

আইচিএমআৰ ৰ মহানিৰ্দশকে ড৹ বলৰাম ভাৰ্গৱে কয় যে, বিশ্বৰ বৃহৎ ঔষধ নিৰ্মাতা দেশৰ ভিতৰত অন্যতম হৈছে ভাৰত ৷ সেই বাবে কৰ’ণা ভাইৰাছৰ প্ৰতিষেধকৰ বিকাশ প্ৰক্ৰিয়াত দ্ৰুততা প্ৰদান কৰা দেশৰ নৈতিক দায়িত্ব ৷

ভাৰত বায়’টেক আন্তঃৰাষ্ট্ৰীয় লিমিটেড কোম্পানীটোৱে আইচিএমআৰ আৰু এনআইভিৰ সহযোগিতাত COVAXIN প্ৰতিষেধক বিকাশ কৰি উলাইছে ৷

উল্লেখ্য যে, ভাৰতত প্ৰায় 9.36 লাখ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে বৰ্তমানলৈকে 24 হাজাৰ লোকৰ প্ৰাণ গৈছে ৷

লগতে চাওক-COVID-19ৰ পৰা হাত সাৰিবৰ বাবে ঘৰতেই শ্বুটিং কৰিলে ৰবীনা টেণ্ডনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.